ETV Bharat / bharat

ভাৰতত অনুপ্ৰৱেশৰ চেষ্টাঃ নিহত ৩ পাক সন্ত্ৰাসবাদী - ভাৰতীয় ভুখণ্ডত প্ৰৱেশ কৰিব বিচৰা ৩ সন্ত্ৰাসবাদী নিহত

জম্মু কাশ্মীৰৰ নৌশেৰা ক্ষেত্ৰত সীমাৰেখা পাৰ কৰি ভাৰতীয় ভুখণ্ডত প্ৰৱেশ কৰিব বিচৰা ৩ সন্ত্ৰাসবাদী নিহত । নিহত সন্ত্ৰাসবাদী কেইজন পাকিস্তানত অস্ত্ৰ প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী আছিল । বৰ্তমানো এলেকাটোত অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে ।

ভাৰতত অনুপ্ৰৱেশৰ সময়ত নিহত ৩ পাক সন্ত্ৰাসবাদী

author img

By

Published : Jun 1, 2020, 3:07 PM IST

নেশ্যনেল ডেস্ক, ১ জুন: সোমবাৰে পাকিস্তানৰ পৰা জন্মু কাশ্মীৰলৈ সীমা পাৰ কৰা থকা অৱস্থাত নিহত হয় ৩ পাকিস্তানী সন্ত্ৰাসবাদীৰ । প্ৰতিৰক্ষা বাহিনীৰ সূত্ৰ অনুসৰি, ২৮ মে'ৰ পিছত ভাৰতীয় সেনাৰ সতৰ্ক সৈনিকসকলে নৌশেৰা এলেকাত অনুপ্ৰৱেশৰ চেষ্টা শেষ কৰি দিছিল। নিহত সন্ত্ৰাসবাদী কেইজন পাকিস্তানত অস্ত্ৰৰ প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী আছিল বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত নিৰাপত্তা বাহিনীয়ে অব্যাহত ৰাখিছে কঠোৰ অভিযান ।

ভাৰতত অনুপ্ৰৱেশৰ সময়ত নিহত ৩ পাক সন্ত্ৰাসবাদী
ভাৰতত অনুপ্ৰৱেশৰ সময়ত নিহত ৩ পাক সন্ত্ৰাসবাদী

জন্মু কাশ্মীৰত অশান্তিৰ সৃষ্টি কৰিবলৈ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰা সন্ত্ৰাসবাদীসকলৰ বাৰ্তা ইণ্টেলিজেন্স এজেন্সিৰ যোগেদি পোৱাৰ পিছত ভাৰতীয় সেনাৰ কঠোৰ অভিযান আৰম্ভ হৈছে । ইণ্টেলিজেন্স এজেন্সিয়ে জানিবলৈ দিয়ে যে, পাকিস্তানে সন্ত্ৰাসবাদীসকলক সমগ্ৰ LOCত ৰাখিবলৈ চেষ্টা কৰিছে । গুৰেজ এলেকাৰ বিপৰীতে পাকিস্তান পোষ্ট আৰু চৰদাৰীত অচিনাক্ত সন্ত্ৰাসবাদীৰ দুটা দলে অনুপ্ৰৱেশৰ পৰিকল্পনা কৰিছিল । লগতে এজেন্সিয়ে জনোৱা মতে,জৈছ-ই-মহম্মদৰ নেতৃত্বাধীন আন এটি অজ্ঞাত সন্ত্ৰাসবাদীৰ গোটে কেল আৰু তেজিয়ানত অনুপ্ৰৱেশৰ পৰিকল্পনা কৰিছিল ।

আনহাতে ভাৰতীয় সেনাবাহিনীৰ উৰ্ধতম কৰ্তৃপক্ষই সদৰী কৰে যে,পাকিস্তান অধিকৃত কাশ্মীৰৰ সীমাৰেখাত থকা প্ৰায় ১৫ টা লঞ্চ পেড সন্ত্ৰাসবাদীৰে পৰিপূৰ্ণ ।

লগতে পঢ়কঃ পুৱাৰ 10 শীৰ্ষ বাতৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.