ETV Bharat / bharat

লাৱায়প'ৰা এনকাউণ্টাৰ : নিহত তিনি যুৱকৰ সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ দাবী আৰক্ষীৰ

author img

By

Published : Jan 18, 2021, 7:45 PM IST

শ্ৰীনগৰৰ লাৱায়প'ৰাত আৰক্ষীৰ গুলীত নিহত হোৱা তিনিওজন যুৱকৰ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক আছিল বুলি দাবী কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে । অহা ১০ দিনৰ ভিতৰত এই কথাৰ প্ৰমাণ দাঙি ধৰিব বুলি জনাইছে আৰক্ষীয়ে ।

লাৱায়প'ৰা এনকাউণ্টাৰঃ সন্ত্ৰাসবাদীৰে নিহত তিনি যুৱকৰ সম্পৰ্ক থকাৰ দাবী আৰক্ষীৰ

নেশ্যনেল ডেস্ক, ১৮ জানুৱাৰী : জম্মু-কাশ্মীৰ আৰক্ষীয়ে সোমবাৰে সুনিশ্চিত কৰে যে, যোৱা ৩০ ডিচেম্বৰত শ্ৰীনগৰৰ লাৱায়প'ৰাত আৰক্ষীৰ গুলীত নিহত হোৱা তিনিওজন যুৱকৰ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক আছিল । এজন নিহত যুৱকৰ পৰিয়ালে দাবী কৰিছে যে, মৃত যুৱকজনে বিশ্ববিদ্যালয়লৈ বুলি ওলাই গৈছিল । কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে কয় যে, নিহত যুৱককেইজনৰ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক থকাৰ প্ৰমাণ অহা ১০ দিনৰ ভিতৰত আৰক্ষীয়ে ৰাজহুৱা কৰিব ।

বিজয় কুমাৰে প্ৰকাশ কৰা মতে, সন্ত্ৰাসবাদীয়ে গ্ৰেণেড দলিওৱাৰ লগতে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে । সন্ত্ৰাসবাদীক বাৰম্বাৰ আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছিল যদিও গুলীচালনা অব্যহত ৰাখে । আৰক্ষীৰ গুলীত নিহত হোৱা যুৱক কেইজনৰ প্ৰসংগত তেওঁ কয় যে, আৰক্ষীৰ হাতত ৬০ শতাংশ প্ৰমাণ আছে আৰু বাকীখিনি কেইদিনমানৰ ভিতৰতে আৰক্ষীৰ হাতত পৰিব । এই প্ৰমাণ নিহত যুৱক তিনিজনৰ পৰিয়ালক দেখুওৱা হ'ব ।

COVID-১৯ প্ৰট'কল মানি আৰক্ষীয়ে এতিয়ালৈকে যুৱককেইজনৰ মৃতদেহ পৰিয়ালক চমজাই দিয়া নাই । কিয়নো, মৃতদেহ পৰিয়ালক গতাই দিলে শেষকৃত্যত অধিক লোকৰ সমাগম হ'ব আৰু সংক্ৰমণৰ আশংকা বৃদ্ধি পাব । নিহত দুজন যুৱক ক্ৰমে এজাজ গানাই আৰু আথাৰ মুস্তাকৰ ঘৰ পুলৱামাত আৰু জুবেইৰ ল'নৰ ঘৰ ছ'পিয়ান জিলাত । যুৱককেইজনৰ মৃতদেহ পৰিয়ালক উভতাই দিয়াৰ দাবীত শ্ৰীনগৰত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী ।

লগতে পঢ়ক:বিহাৰ চৰকাৰক তীব্ৰ সমালোচনা লালু প্ৰসাদ যাদৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.