ETV Bharat / bharat

তিনিগৰাকীলৈ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা - লিথিয়ান আইয়ন বেটেৰী

বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে ঘোষণা কৰে ৰসায়ন শাস্ত্ৰৰ ন'বেল বঁটা ৷ 2019 বৰ্ষত এই বঁটা লাভ কৰিবলৈ সক্ষম হয় তিনিগৰাকী বিশিষ্ট ৰসায়ন বিজ্ঞানীয়ে ৷

ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটাপ্ৰাপকসকল
author img

By

Published : Oct 9, 2019, 11:43 PM IST

নিউজ ডেস্ক, 9 অক্টোবৰঃ বুধবাৰে ঘোষণা কৰা হয় ৰসায়ন শাস্ত্ৰৰ ন'বেল বঁটা ৷ তিনিগৰাকীকৈ বিজ্ঞানীলৈ আগবঢ়োৱা হয় চলিত বৰ্ষৰ ৰসায়ন শাস্ত্ৰৰ ন'বেল বঁটা ৷ জন বি গুডেনথ, এম ষ্টেনলি হুইটিংঘাম আৰু আকিৰা য়শিনোলৈ তেওঁলোকে লিথিয়াম আইয়ন বেটেৰীৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা হয় বঁটাটো ৷

অধিক পঢ়কঃ তিনিগৰাকী বিজ্ঞানীলৈ পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা

বিশ্বৰ আটাইবোৰ আগশাৰীৰ প্ৰযুক্তিগত যন্ত্ৰতে বৰ্তমান সময়ত ব্যৱহাৰ হয় লিথিয়ান আইয়ন বেটেৰী ৷ ম'বাইল ফোনৰ পৰা যান-বাহনলৈ ধৰি সকলো বিলাক যন্ত্ৰকে ভ্ৰাম্যমান আৰু অধিক শক্তিশালী হিচাপে গঢ়ি তোলাত এই বেটেৰীৰ ভূমিকা অপৰিহাৰ্য ৷ তিনিওগৰাকী ৰসায়নবিদে এইশ্ৰেণীৰ বেটেৰীৰ উন্নয়নত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবেই লাভ কৰে ৰসায়ন শাস্ত্ৰৰ ন'বেল বঁটা ৷

টেক্সাচ বিশ্ববিদ্যালয়ত কৰ্মৰত জন বি গুডেনথ, নিউয়ৰ্ক ষ্টেট বিশ্ববিদ্যালয়ত কৰ্মৰত এম ষ্টেনলি হুইটিংঘাম আৰু জাপানৰ অচাহি কাচেই কৰ্পৰেশ্বন তথা মেইজো বিশ্ববিদ্যালয়ত কৰ্মৰত আকিৰা য়শিনো ৷ ৰসায়ন শাস্ত্ৰৰ ন'বেল বঁটাপ্ৰাপক তিনিওগৰাকী বৈজ্ঞানিকৰ নাম ঘোষণা কৰি এই বঁটা "a rechargeable world'.লৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি বুলি ঘোষণা কৰে ৰয়েল ছুইদিছ অকাডেমি অৱ চায়েন্সেছ ছেক্ৰেটাৰী জেনেৰেল প্ৰফেচৰ গোৰান হানছনে ৷ ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে উল্লেখ কৰে যে, লিথিয়াম আইয়ন বেটেৰীয়ে 'have revolutionized our lives' আৰু তিনিওগৰাকী বৈজ্ঞানিকে 'laid the foundation of a wireless, fossil-fuel-free society'. বুলি উল্লেখ কৰে ৷

অধিক পঢ়কঃ ঘোষণা হ'ল ঔষধি শাস্ত্ৰৰ ন'বেল পুৰস্কাৰ

উল্লেখ্য যে, 1970 চনত সংঘটিত হোৱা তৈল-নাটনিৰ সময়ত এম ষ্টেনলি হুইটিংঘামে লিথিয়াম আইয়ন বেটেৰীৰ ধাৰণাই জন্ম দিছিল ৷ সেই সময়তে এইগৰাকী মহান বিজ্ঞানীয়ে জীৱাশ্ম ইন্ধন-মুক্ত শক্তিসম্পন্ন প্ৰযুক্তিৰ ওপৰত গৱেষণা কৰি আইয়ন বেটেৰীৰ ধাৰণা জন্ম দিবলৈ সক্ষম হৈছিল ৷

অহা 10 ডিচেম্বৰত আটাইকেইগৰাকী বৈজ্ঞানিককে নিৰ্দিষ্ট শিতানত বঁটাসমূহ প্ৰদান কৰা হ'ব ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.