নিউজ ডেস্ক, 12 মে': 6 দিন বন্ধ হৈ থকাৰ পাচত কাশ্মীৰ উপত্যকাত মুকলি কৰা হ'ব 2G ইণ্টাৰনেট সেৱা । এক নিৰ্দেশনাত প্ৰকাশ কৰা হয় এই কথা ।
জম্মু কাশ্মীৰ প্ৰশাসনে ঘোষণা কৰা নিৰ্দেশনা অনুসৰি পুলুৱামা আৰু ছপিয়ান জিলাক বাদ দি সমগ্ৰ উপত্যকাতে 12 মে'ৰ পৰা আৰম্ভ কৰা হ'ব 2G ইণ্টাৰনেট ।
ইন্টাৰনেটৰ স্পীড কম হৈ থকিব সমগ্ৰ অঞ্চলটোতে । উল্লেখ্য যে, 6 মে'ত হিজাবুল মুজাহিদ্দিনৰ প্ৰমুখ ৰিয়াজ নাইকুক হত্যা কৰাৰ পাচৰে পৰা কৰ্তন কৰা হৈছিল 2G ইণ্টানেট সেৱাও ।
জম্মু-কাশ্মীৰত 370 প্ৰত্যাহাৰ কৰাৰ দিনা, 5 আগষ্ট 2019 ৰ পৰা ইণ্টাৰনেট সেৱা কৰ্তন হৈ আছে ।