নেশ্যনেল ডেস্ক, ১৮ এপ্ৰিলঃ ২৪ গৰাকী বিদেশী লোক আৰু ৫ গৰাকী ভাৰতীয় অনুবাদককে ধৰি মুঠ ২৯ গৰাকী তবলীগৰ লোকক শনিবাৰে প্ৰায় ১১ বজাত গ্ৰেপ্তাৰ কৰি মহাৰাষ্ট্ৰৰ জিলা আদালতত হাজিৰ কৰোৱা হয় ।
আটকাধীন লোক কেইজন মাৰ্কাজৰ পৰা উভতি আহি জিলাখনত আত্মগোপন কৰি আছিল ।
ইয়াৰ ভিতৰত ৫ গৰাকী লোকৰ দেহত COVID-19ৰ অৱস্থিতি পোৱাৰ পিচত,যেতিয়াই তেওঁলোক সুস্থ হৈ উঠে তেতিয়াই তৎকলীনভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় ।
২৪ গৰাকী বিদেশী লোক ঘানা,ইণ্ডোনেছিয়া,ব্ৰুনেই,ডেকোটা আৰু আইভেৰিয়া দেশৰ নাগৰিক ।
লগতে পঢ়কঃ দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ মিজোৰামৰ ২,৩৯১ নাগৰিক