ETV Bharat / bharat

লাইফ লাইন উড়ানৰ অন্তৰ্গত ২৭৪ খন বিমানৰ চলাচল : MoCA

author img

By

Published : Apr 19, 2020, 2:13 PM IST

দেশৰ বিভিন্ন প্ৰান্তৰ অতি ভিতৰুৱা দূৰ-দূৰৱৰ্তী অঞ্চলত অত্যাৱশকীয় চিকিৎসা সামগ্ৰী প্ৰেৰণ বাবে লাইফ লাইন উড়ানৰ অন্তৰ্গত চলাই থকা হৈছে ২৭৪ খন বিমান । এই কথা সদৰী কৰিছে চিভিল এভিয়েশ্যন মন্ত্ৰণালয় চমুকৈ MoCA য়ে ।

274 flights operated under Lifeline Udan to transport essential medical items: MoCA

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ ভাৰতত বৰ্তমান চলাচল কৰি আছে ২৭৪ খন বিমান । লাইফ লাইন উড়ানৰ অন্তৰ্গত দেশৰ বিভিন্ন প্ৰান্তৰ দূৰ-দূৰৱৰ্তী অঞ্চলত অত্যাৱশকীয় চিকিৎসা সামগ্ৰী প্ৰেৰণ বাবেই চলাই থকা হৈছে এই বিমান সেৱা । শনিবাৰে এই কথা সদৰী কৰা হয় চিভিল এভিয়েশ্যন মন্ত্ৰণালয় তৰফৰ পৰা ।

লাইফ লাইন উড়ান বিমান সমূহ সকলো সুৰক্ষা নিয়মাৱলীৰ অধীনত চিভিল এভিয়েশ্যন মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালনা কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ অতি ভিতৰুৱা দূৰ-দূৰৱৰ্তী অঞ্চলত কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ অত্যাৱশকীয় চিকিৎসা সামগ্ৰী প্ৰেৰণৰ বাবেই ব্যৱহাৰ কৰা হৈছে । ২৭৪ খন লাইফ লাইন উড়ান বিমানত আছে এয়াৰ ইণ্ডিয়া,আইএএফ,এলায়েঞ্চ এয়াৰ আৰু বে-চৰকাৰী কেৰিয়াৰ্ছ বিমান । ইয়াৰ ভিতৰত ১৭৫ খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েঞ্চ এয়াৰে পৰিচালনা কৰি আছে বুলি মন্ত্ৰণালয়ৰ পৰা জানিবলৈ দিয়ে ।

এই সেৱাৰ জৰিয়তে বৰ্তমানলৈকে ৪৬৩.১৫ টন সামগ্ৰী পৰিবহন কৰাৰ বিপৰীতে প্ৰায় ২,৭৩,২৭৫ কিলোমিটাৰ পৰিভ্ৰমণ কৰিছে । শনিবাৰে দিল্লীৰ পৰা গুৱাংঝুলৈ চিকিৎসা সামগ্ৰী সংগ্ৰহ কৰাৰ উদ্দেশ্যে চীনলৈ উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ B-৭৮৭ নম্বৰৰ এখন বিমান । চীনৰ পৰা পিপিটি কীট্ছ ইত্যাদি চিকিৎসা সামগ্ৰী সংগ্ৰহ কৰিবলৈ চীনলৈ যাত্ৰা কৰিছে এয়াৰ ইণ্ডিয়াৰ বিমানখনে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.