নেশ্যনেল ডেস্ক, 13 জুনঃ ৰামগড় (আলৱাৰ) জিলাত ধাৰাবাহিকভাৱে অব্যাহত আছে কৰ'ণাৰ আতংক ৷ আলৱাৰত পুনৰ 25 গৰাকী লোকৰ দেহত COVID-19ৰ অৱস্থিতিৰ তথ্য পোহৰলৈ আহিছে ৷ যাৰ ভিতৰত ৰাজস্থান আৰ্মড কোম্পানীৰ 8 গৰাকী জোৱানো আছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, ৰাজস্থান আৰ্মড কোম্পানীৰ আৰ এ চিৰ এটা বেটেলিয়ানৰ দল দিল্লীত মোতায়েন কৰা হৈছিল ৷ তেওঁলোকৰ ভিতৰত 18 গৰাকী লোক কাহ, চৰ্দি, জ্বৰত আক্ৰান্ত হোৱাত কেইদিনমান পূৰ্বে মিনাপুৰাস্থিত তেওঁলোকৰ কেন্দ্ৰলৈ আহে ৷ তাত 11 গৰাকী জোৱানৰ COVID-19ৰ নমুনা সংগ্ৰহ কৰা হৈছিল ৷ য'ত 8 গৰাকী জোৱানৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি ৷ বাকী 3 গৰাকী জোৱানৰ ফলাফল নিগেটিভ আহে ৷
মিনাপুৰৰ আৰএচি কেন্দ্ৰৰ এগৰাকী বিষয়াই জনায় যে, বৰ্তমানেও 6 গৰাকী জোৱানৰ COVID-19 পৰীক্ষা কৰোৱাবলৈ বাকী আছে ৷ কেন্দ্ৰটোত জোৱানৰ দেহত COVID-19ৰ অৱস্থিত পোৱাৰ পিচত এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷
লগতে পঢ়কঃ Unlock-1 ত চৰকাৰৰ ছবি সম্বলিত নিৰ্দেশাৱলী