ETV Bharat / bharat

24 ডিচেম্বৰঃ ৰাষ্ট্ৰীয় উপভোক্তা দিৱস, জানক আপোনাৰ অধিকাৰ

author img

By

Published : Dec 24, 2020, 5:03 PM IST

প্ৰতিবছৰে 24 ডিচেম্বৰত ৰাষ্ট্ৰীয় উপভোক্তা দিৱস পালন কৰা হয় ৷ উপভোক্তা আইনে গ্ৰাহকৰ হিতৰ বাবে উল্লেখনীয় সুৰক্ষা প্ৰদান কৰে ৷ যদি কোনো উৎপাদিত সামগ্ৰীয়ে আপোনাৰ লোকচান কৰিছে অথবা তাৰ চৰ্তত উপনীত হোৱা নাই, তেতিয়া তাৰ বিৰুদ্ধে আপুনি অভিযোগ দাখিল কৰিব পাৰে, উচিত ক্ষতিপূৰণ দাবী কৰিব পাৰে ৷ ইয়াৰ বাবে পৃথকে গ্ৰাহক সুৰক্ষা আদালত স্থাপন কৰা হৈছে ৷

24 ডিচেম্বৰঃ ৰাষ্ট্ৰীয় উপভোক্তা দিৱস, জানক আপোনাৰ অধিকাৰ
24 ডিচেম্বৰঃ ৰাষ্ট্ৰীয় উপভোক্তা দিৱস, জানক আপোনাৰ অধিকাৰ

নিউজ ডেস্ক, 24 ডিচেম্বৰ : প্ৰতিবছৰে 24 ডিচেম্বৰত পালন কৰা হয় ৰাষ্ট্ৰীয় উপভোক্তা দিৱস ৷ ইয়াৰ মুল উদ্দেশ্য হৈছে গ্ৰাহক আন্দোলনৰ মহত্বক প্ৰতিফলন কৰা আৰু গ্ৰাহকক তেওঁলোকৰ অধিকাৰ আৰু জৱাবদিহিৰ প্ৰতি সজাগ কৰি তোলা ৷ আজিৰ দিনটোতে 1986ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উপভোক্তা সুৰক্ষা আইনত হস্তাক্ষৰ কৰিছিল ৷ এই অধিনিয়মৰ উদ্দেশ্য হৈছে গ্ৰাহকসকলক বিভিন্ন ধৰণৰ শোষণৰ পৰা সুৰক্ষা প্ৰদান কৰা ৷ উদাহৰণস্বৰূপে, ক্ৰুটিপূৰ্ণ সামগ্ৰী, সেৱাত ক্ৰুটি আৰু অনুচিত ব্যৱসায়িক নীতিৰ সৈতে মোকাবিলা কৰা আদিৰ পৰা এই আইনে গ্ৰাহকক সুৰক্ষা প্ৰদান কৰে ৷

সংসদে 2019ত নতুন উপভোক্তা সুৰক্ষা বিধেয়ক গৃহীত কৰি পুৰনি আইনখনৰ সংশোধন কৰিছিল ৷ ইয়াৰ উদ্দেশ্য আছিল প্ৰভাৱশালী প্ৰশাসনৰ দ্বাৰা বিষয়াৰ নিযুক্তি প্ৰদান কৰি গ্ৰাহকক তেওঁলোকৰ অধিকাৰসমূহৰ ৰক্ষা কৰা, সম্বন্ধিত বিবাদ নিষ্পত্তি কৰা ৷ ইয়াৰ দ্বাৰা গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণ স্থাপন কৰা হৈছিল ৷ প্ৰাধিকৰণে অনুচিত ব্যৱসায়িক নীতিৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধান কৰাৰ লগতে ইয়াক ৰোধ কৰাৰ ক্ষেত্ৰত কাম কৰিব ৷ দৰকাৰ হ'লে এনেকুৱা সমস্যাৰ ক্ষেত্ৰত কাৰ্যব্যৱস্থাও গ্ৰহণ কৰিব পাৰে ৷ ইয়াৰ লগতে সামগ্ৰীসমূহ উভটাই দিয়াৰ লগতে টকাসমূহ ঘুৰাই দিয়াৰ আদেশ প্ৰদান কৰিব পাৰে প্ৰাধিকৰণে ৷

চলিত বৰ্ষত ৰাষ্ট্ৰীয় উপভোক্তা দিৱস, বহনক্ষম উপভোক্তা (The Sustainable Consumer)ৰ নীতিৰে পালন কৰা হৈছে ৷

1986 চনত ক্ষমতালৈ অহা ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা আইনৰ অধীনত ৰাষ্ট্ৰীয় আয়োগ, ৰাজ্যিক আয়োগ, জিলা ফ’ৰাম গঠন কৰা হয় ৷ সেই অনুসৰি, এতিয়ালৈকে ৰাষ্ট্ৰীয় আয়োগত 1,32,596 টা অভিযোগ দাখিল কৰা হৈছে আৰু ইয়াৰ ভিতৰত 1,11,597 টা অভিযোগ নিষ্পত্তি কৰা হৈছে আৰু 20,999 অভিযোগ এতিয়াও বাকী আছে ৷ ৰাষ্ট্ৰীয় আয়োগে এতিয়ালৈকে 84.16 শতাংশ অভিযোগ নিষ্পত্তি কৰিছে ৷ ৰাজ্যিক আয়োগে 9,43,620 টা অভিযোগ লাভ কৰিছে আৰু ইয়াৰে 8,18,719 টা অভিযোগ নিষ্পত্তি কৰাৰ লগতে বাকী ৰৈছে 1,24,901 টা অভিযোগ ৷ ৰাজ্যিক আয়োগে এতিয়ালৈকে মুঠ 86.76 শতাংশ অভিযোগ নিষ্পত্তি কৰিছে ৷ জিলা ফ’ৰামত এতিয়ালৈকে 43,01,258 টা অভিযোগ দাখিল হৈছে আৰু ইয়াৰে 39,59,149 টা অভিযোগ নিষ্পত্তি কৰাৰ লগতে 3,42,109 টা অভিযোগ বাকী ৰৈছে ৷ মুঠ 92.05 শতাংশ অভিযোগ নিষ্পত্তি হৈছে কেৱল জিলা ফ’ৰামসমূহত ৷

গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণত এতিয়ালৈকে সৰ্বমুঠ 53,77,474 টা অভিযোগ দাখিল হৈছে আৰু ইয়াৰে 48,89,465 টা অভিযোগ নিষ্পত্তি কৰা হৈছে ৷ মুঠ 4,88,009 টা অভিযোগ নিষ্পত্তি কৰিবলৈ এতিয়াও বাকী আছে ৷ গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে এতিয়ালৈকে 90.92 শতাংশ অভিযোগ নিষ্পত্তি কৰিবলৈ সক্ষম হৈছে ৷

আমাৰ প্ৰাথমিক কৰ্তব্য হৈছে জলবায়ু পৰিৱৰ্তন আৰু জৈৱ বৈচিত্ৰৰ প্ৰতি হোৱা অন্যায় ৰোধ কৰা ৷ পেৰিচ ঘোষণা পত্ৰত উল্লেখ কৰা অনুসৰি, এইটো দশক আমাৰ বাবে খুবেই মহত্বপূৰ্ণ ৷ আমি যিকোনো পৰিস্থিতিতে ইয়াক ৰোধ কৰিব লাগিব, গ্লোবেল ৱাৰ্মিং ৰোধ কৰিব লাগিব ৷ এইক্ষেত্ৰত গ্ৰাহক আন্দোলনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ৷ ইয়ে আমাৰ জীৱন শৈলীত হৈ থকা পৰিৱৰ্তনৰ দিশটোক নিৰ্দেশ কৰিব ৷ চৰকাৰ আৰু ব্যৱসায়ীসকলে কি কৰিব লাগে তাৰ বিকল্প প্ৰদান কৰিব ৷

গ্ৰাহক পৰিক্ৰমা বিভাগে খৰচ কম কৰি কম সময়ৰ ভিতৰতে গ্ৰাহক অভিযোগসমূহ নিষ্পত্তি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ৷ ইয়াৰ বাবে জিলা পৰ্যায়ৰ গ্ৰাহক ফ’ৰাম, ৰাজ্যিক আয়োগ আৰু ৰাষ্ট্ৰীয় আয়োগ আছে ৷ উপভোক্তা সুৰক্ষা আইন, 2019 পূৰ্বৰ তুলনাত বৰ্তমানে গ্ৰাহকসকলক অধিক অধিকাৰ প্ৰদান কৰিছে ৷ 1986 চনৰ আইনে পৃথক নিষ্পত্তি কোষ প্ৰদান কৰা নাছিল যদিও 2019ৰ আইনে গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণ স্থাপনা কৰে ৷ পূৰ্বে য'ত বিক্ৰেতাৰ কাৰ্যালয় আছিল তাত থকা গ্ৰাহক আদালততে অভিযোগ দাখিল কৰিব পৰা গৈছিল ৷ কিন্তু 2019ৰ নতুন সংশোধনে গ্ৰাহকে য’ত বাস কৰে তাত থকা গ্ৰাহক আদালতত অভিযোগ দাখিল কৰিব পৰা ব্যৱস্থা কৰা হৈছে ৷ জিলা পৰ্যায়ত 1 কোটিৰ পৰা 10 কোটিলৈ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত 10 কোটি আৰু তাতোকৈ অধিক পৰিমানৰ লেনদেনৰ অভিযোগ দাখিল কৰিব পৰা যায় ৷

যদিহে উৎপাদিত সামগ্ৰীয়ে আপোনাৰ কোনো ক্ষতি কৰিছে তেতিয়া পূৰ্বৰ আইন অনুসৰি, আপুনি অসামৰিক আদালতত অভিযোগ দাখিল কৰিব পাৰিছিল ৷ কিন্তু এতিয়া অভিযোগৰ লগতে ক্ষতিপূৰণো দাবী কৰিব পাৰিব ৷ নতুন গ্ৰাহক সংশোধনী আইনত মধ্যস্থতাকাৰীৰ কথাও উল্লেখ আছে যিটো পূৰ্বৰ আইনত উল্লেখ নাছিল ৷

উপভোক্তা সুৰক্ষা আইন, 1986 গ্ৰাহক সুৰক্ষা আন্দোলনৰ এক মাইলৰ খুঁটি বুলি ক’ব পাৰি ৷ উপভোক্তা আইনে গ্ৰাহকৰ হিতৰ বাবে অধিক সুৰক্ষা প্ৰদান কৰে আৰু ইয়াৰ বাবে গ্ৰাহক অভিযোগসমূহ নিষ্পত্তিৰ লগতে ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত নিৰ্দিষ্ট বিভাগ তথা গ্ৰাহক আদালত অথবা আয়োগ স্থাপনৰ নিৰ্দেশনা প্ৰদান কৰে ৷ ইয়াৰ উদ্দেশ্য আছিল গ্ৰাহকক সকলো ধৰণৰ শোষণৰ পৰা সুৰক্ষা প্ৰদান কৰা ৷ যেনে, ক্ৰুটিপূৰ্ণ সামগ্ৰী, সেৱাত ক্ৰুটি আৰু অনুচিত ব্যৱসায়িক নীতিৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰা ৷ এইসমূহ সুৰক্ষা অনুশাসনমুলক হোৱাৰ বিপৰীতে অধিকাংশই প্ৰতিপূৰক আছিল ৷ সকলো সামগ্ৰী আৰু সেৱা এই অধিনিয়মৰ অধীনত আহে ৷ এই আইনত সংযোজন কৰা সকলো অধিকাৰ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 14 আৰু 19ৰ অধীনত গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ উপৰিও তথ্য জনাৰ অধিকাৰ আইনেও গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷

লগতে পঢ়ক : ব্ৰিটেইনৰ পৰা অহা যাত্ৰীৰ প্ৰৱেশত বাধা মেঘালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.