ETV Bharat / bharat

দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ মিজোৰামৰ ২,৩৯১ নাগৰিক

author img

By

Published : Apr 18, 2020, 12:52 PM IST

মিজোৰাম ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি,দেশৰ বিভিন্ন প্ৰান্ত আবদ্ধ হৈ আছে ৰাজ্যখনৰ প্ৰায় ২,৩৯১গৰাকী নাগৰিক । ইয়াৰ উপৰিও বিদেশত আবদ্ধ হৈ আছে ৰাজ্যখনৰ ১৮৫ গৰাকী নাগৰিক । কোভিড-১৯ মহামাৰীৰ ফলত বিশ্বব্যাপী ঘোষণা কৰা লক ডাউনৰ মাজত এইদৰে আবদ্ধ হৈ পৰিছে মিজোৰামৰ এইসকল নাগৰিক ।

দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ মিজোৰামৰ ২,৩৯১ নাগৰিক
দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ মিজোৰামৰ ২,৩৯১ নাগৰিক

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ সমগ্ৰ দেশত চলি থকা লক ডাউনৰ মাজতে দেশৰ বিভিন্ন প্ৰান্ত আবদ্ধ হৈ আছে মিজোৰামৰ প্ৰায় ২,৩৯১ গৰাকী নাগৰিক । মিজোৰাম ৰাজ্য প্ৰশাসনে ঘোষণা কৰিছে এই তথ্য । ইয়াৰ উপৰিও দেশৰ বাহিৰত ৰাজ্যখনৰ প্ৰায় ১৮৫ গৰাকী নাগৰিক আবদ্ধ হৈ আছে বুলি চৰকাৰী অধিসূচনাটোত ঘোষণা কৰা হৈছে । কোভিড-১৯ মহামাৰীৰ ফলত সমগ্ৰ বিশ্বতে চলি থকা লক ডাউনৰ ফলতে এইসকল মিজো নাগৰিক এতিয়া এইদৰে আবদ্ধ হৈ আছে বুলি কোৱা হৈছে ।

চৰকাৰে নিয়োগ কৰা টাক্স ফৰ্চে জাৰী কৰিছে এই অধিসূচনা । সেই অনুসৰি, আবদ্ধ হৈ পৰা নাগৰিকসকলৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা চলাই আছে মিজোৰাম চৰকাৰে । অৱশ্যে এই পৰিসংখ্য়া আৰু বৃদ্ধি পাব পাৰে কিয়নো এতিয়াও বহুতো ৰাজ্যৰ পৰা মিজো নাগৰিকৰ তথ্য আহিবলৈ বাকী আছে । মিজোৰাম চৰকাৰে দেশৰ বিভিন্ন ৰাজ্যসমূহৰ চৰকাৰৰ সৈতে এই লোকসকলৰ সন্দৰ্ভত যোগাযোগ অব্যাহত ৰাখি তেওঁলোকৰ নিৰাপত্তা তথা সুৰক্ষা আৰু চিকিৎসাৰ লগতে অন্য়ান্য দিশসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে ।

আনহাতে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২,৮৩৯ গৰাকী লোক মিজোৰামত আবদ্ধ হৈ আছে বুলি অধিসূচনাটোত প্ৰকাশ কৰা হৈছে । মিজোৰাম চৰকাৰে এইসকল লোকৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে । মিজোৰামত আবদ্ধ হৈ পৰা লোকসকলৰ ভিতৰত ৪৭ গৰাকী বিদেশী নাগৰিকো আছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত তথা দেশৰ বাহিৰত আৱদ্ধ হৈ পৰা মিজোৰামৰ নাগৰিকসকলৰ বাবে ৰাজ্যিক চৰকাৰে tankhang.mizoram.gov.in নামে এটা ৱেবচাইট মুকলি কৰিছে ।

লগতে পঢ়কঃ গুহাৰ ভিতৰত লুকাই থকা অৱস্থাত তামিলনাডুত উদ্ধাৰ চীনা নাগৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.