নেশ্যনেল ডেস্ক,27 মাৰ্চ : বাংগালুৰুত কৰ্মৰত 200 জন শ্ৰমিকে খোজেৰে আহি উপস্থিত হ'ল তামিলনাডুৰ কৃষ্ণগিৰীত ৷ কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ ফলত দেশজুৰি ল'কডাউন ঘোষণা কৰা বাবে খোজেৰে আহি নিজ ৰাজ্যত উপস্থিত হয় শ্ৰমিকসকল ৷ কৃষ্ণগিৰীৰ জিলা কালেক্টৰ প্ৰভাকৰণ,তেহছিলদাৰ দাণ্ডাপানী,নগৰ আয়ুক্ত চন্দ্ৰৰ নেতৃত্বত এই লোকসকলক আহাৰ বিতৰণ কৰাৰ লগতে সোধ-পোছ কৰা হয় ৷
এই লোকসকলে জানিবলৈ দিয়া অনুসৰি,তেওঁলোক থিৰুভান্নামালাই জিলাৰ বাসিন্দা ৷ ইয়াৰ পাচতে বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে এখন বাছৰ যোগাৰ কৰি থিৰুভান্নামালাই জিলালৈ প্ৰেৰণ কৰে ৷ .
আৰু পঢ়ক : পুনৰ চীনক জগৰীয়া ট্ৰাম্পৰ, বেইজিঙৰ পৰা COVID-19ৰ উদ্ভৱ হোৱা বুলি মন্তব্য