ETV Bharat / bharat

20% বৃদ্ধি পাইছে গাখীৰৰ পৰা উৎপাদিত সামগ্ৰীৰ চাহিদা: ডঃ আৰ.এচ.সুধী - মাৰাত্মক কৰ'ণা ভাইৰাছে

আমুল কোম্পানীৰ পৰিচালক ডঃ আৰ. এছ. সুধীয়ে ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাতকাৰত বৰ্তমানৰ সংকটপূৰ্ণ পৰিস্থিতিত কোম্পানীয়ে সন্মুখীন হোৱা সমস্যা আৰু এই পৰিস্থিতিৰ লগত য্ঁজিবলৈ আমুল কোম্পানী কিদৰে সাজু হৈছে তাক লৈ বাৰ্তালাপ কৰে ৷

20-percent-more-demand-for-other-milk-products-during-lockdown-amul-md-rs-sodhi
20% বৃদ্ধি পাইছে গাখীৰৰ পৰা উৎপাদিত সামগ্ৰীৰ চাহিদা: ড৹ আৰ. এচ. সুধী
author img

By

Published : Apr 26, 2020, 8:17 PM IST

নিউজ ডেস্ক, 26 এপ্ৰিল : মাৰাত্মক কৰ'ণা ভাইৰাছে বিপাঙত পেলাইছে ভাৰতীয় কোম্পানী সমূহক ৷ লক ডাউনৰ ফলত ব্যাপক প্ৰভাৱ পৰিছে যোগান প্ৰক্ৰিয়াত,বজাৰত বহু পৰিচিত বস্তুৰ কোম্পানী সমূহে তেওঁলোকৰ মিলিয়ন সংখ্যক গ্ৰাহকৰ ওপৰত প্ৰত্যাশা জড়িত হৈ আছে ৷ তাৰে ভিতৰত 'আমুল ' এটা অন্যতম কোম্পানী ৷

20% বৃদ্ধি পাইছে গাখীৰৰ পৰা উৎপাদিত সামগ্ৰীৰ চাহিদা: ড৹ আৰ. এচ. সুধী

আমুল কোম্পানীৰ পৰিচালক ডঃ আৰ. এছ. সুধীয়ে ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাতকাৰত বৰ্তমানৰ সংকটপূৰ্ণ পৰিস্থিতিত কোম্পানীয়ে সন্মুখীন হোৱা সমস্যা আৰু এই পৰিস্থিতিৰ লগত যুঁজিবলৈ আমুল কোম্পানী কিদৰে সাজু হৈছে তাক লৈ বাৰ্তালাপ কৰে ৷

আৰ.এছ, সুধীয়ে জানিবলৈ দিয়া মতে, 'আমুল' ৰ ব্যৱসায় দেশৰ 36 লাখ পশুপালকে দৈনিক যোগান ধৰি অহা গাখীৰৰ ওপৰত নিৰ্ভৰশীল ৷ পূৰ্বৰ তুলনাত লক ডাউনৰ সময়ছোৱাত পশুপালকে 15 শতাংশ অধিক গাখীৰ আমুল কোম্পানীক যোগান ধৰি আহিছে ৷ গুজৰাট তথা গুজৰাটৰ বাহিৰৰ পশু পালকসকলে স্থানীয় মিঠাইৰ দোকান, গাখীৰ বিক্ৰী কৰা প্ৰতিষ্টান, সৰু-বৰ হোটেল-ৰেষ্টুৰেণ্ট আদিত চাহিদা সাপেক্ষে গাখীৰ যোগান ধৰি আহিছিল যদিও লক ডাউনৰ ফলত সকলো বন্ধ হৈ পৰাত তেওঁ লোকে সেই গাখীৰ 'আমুল' কোম্পানীক বিক্ৰী কৰিবলৈ লৈ আহে ৷

পৰিচালক গৰাকীয়ে গুজৰাট আৰু গুজৰাটৰ বাহিৰত থকা আমুলৰ 18,500 টা গাখীৰ সংগ্ৰহ কেন্দ্ৰত লক ডাউনৰ 8 দিন পূৰ্বেই অৰ্থাৎ 17 মাৰ্চতেই কৰ্মচাৰী সকলৰ স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত নতুন নিৰ্দেশাৱলী সম্বলীত বৃহৎ বেনাৰ ওলমাই দি সেই সমূহৰ পালন কৰিবলৈ কোৱা হৈছিল বুলি এই সাক্ষাতকাৰত উল্লেখ কৰে ৷

বৰ্তমান সময়ত কোম্পানীৰ এক বৃহৎ সংখ্যক গ্ৰাহক থকা মেট্ৰ' চহৰ যেনে দিল্লী,মুম্বাই,কলকাতা,কাণপুৰ আৰু লক্ষ্ণৌত শ্ৰমিকক কামত খটোৱাৰ ক্ষেত্ৰত এক ডাঙৰ সন্মুখীন হোৱা বুলি ব্যক্ত কৰে ডঃ আৰ. এছ. সুধীয়ে ৷

লক ডাউনৰ সময়ত গাখীৰ তথা গাখীৰৰ দ্বাৰা প্ৰস্তুত অন্য় খাদ্য-সামগ্ৰীৰ বিক্ৰী পূৰ্বৰ তুলনাত 20 শতাংশলৈ বৃদ্ধি হোৱাৰ কথাও জানিবলৈ দিয়ে পৰিচালক গৰাকীয়ে ৷ লক ডাউনৰ ফলত মানুহ ঘৰত সোমাই থকাৰ ৰন্ধন খাদ্যৰ বাবে ব্যৱহৃত ঘিউ,বাটাৰ,চিজ,পনিৰ জাতীয় বস্তুৰ চাহিদা বঢ়াৰ ফলত সৰ্বমুঠ বিক্ৰীৰ শতাংশ বৃদ্ধি হোৱা বুলি ধাৰণা কৰিছে ডঃ সুধীয়ে ৷ অনলাইন যোগেও আমুলৰ বস্তু বিশেষকৈ গাখীৰৰ বিক্ৰী 30ৰ পৰা 40 শতাংশ পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে যদিও এই ক্ষেত্ৰত কৰ্মচাৰী সকলৰ সুৰক্ষাৰ প্ৰতিও বিশেষ গুৰুত্ব দি থকা হৈছে বুলিও মন্তব্য কৰে তেওঁ ৷

খাদ্য় সামগ্ৰী উৎপাদনত পাৰ্যমানে অধিক যন্ত্ৰৰ সহায় লোৱাৰ পৰিৱৰ্তে কম সংখ্যক কৰ্মচাৰী নিয়োগ কৰি সামাজিক দুৰত্ব বজাই অতি সচেতনতাৰ মাজেৰে কাম কৰি থকা হৈছে বুলি ই টিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত জানিবলৈ দিয়ে ডঃ আৰ. এচ. সুধীয়ে ৷

লগতে পঢ়ক : বিহাৰত এদিনত আক্ৰান্ত ২৮ গৰাকী, সৰ্বমুঠ সংখ্যা হ'লগৈ ২৫১

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.