ETV Bharat / bharat

কেৰালাত নিপাৰ আতংক

বৃহস্পতিবাৰে পৰীক্ষাৰ অন্তত 6 জন লোক নিপা ভাইৰাছত আক্ৰান্ত নহয় বুলি প্ৰমাণিত হয় ৷ এতিয়াও ৰাজ্যখনৰ থ্ৰিছুৰ , এৰণাকুলাম , ত্ৰিৰুৱন্তপুৰমত প্ৰায় 355 লোকক নিপা ভাইৰাচত আক্ৰান্ত হোৱাৰ সন্দেহত পৰীক্ষা কৰি থকা হৈছে ৷ ইতিমধ্যে কৰ্ণাটকলৈ এই ভাইৰাছ সংক্ৰমিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

d
author img

By

Published : Jun 6, 2019, 9:12 PM IST

Updated : Jun 6, 2019, 11:59 PM IST

ত্ৰিবান্দম , 6 জুন : নিপা ভাইৰাছৰ আতংকত কেৰালাবাসী ৷ বিগত বছৰটোচ নিপা ভাইৰাচত প্ৰাণ হেৰুৱাইছিল 17 জনকৈ লোকে ৷ ৰাজ্যখনত প্ৰায় 355 গৰাকী জ্বৰত আক্ৰান্ত লোকৰ তেজৰ নমুনা নিপা ভাইৰাচৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

বৃহস্পতিবাৰে পৰীক্ষাৰ অন্তত 6 জন লোক নিপা ভাইৰাছত আক্ৰান্ত নহয় বুলি প্ৰমাণিত হয় ৷ এতিয়াও ৰাজ্যখনৰ থ্ৰিছুৰ , এৰণাকুলাম , ত্ৰিৰুৱন্তপুৰমত প্ৰায় 355 লোকক নিপা ভাইৰাচত আক্ৰান্ত হোৱাৰ সন্দেহত পৰীক্ষা কৰি থকা হৈছে ৷ ইতিমধ্যে কৰ্ণাটকলৈ এই ভাইৰাছ সংক্ৰমিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ আনহাতে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে বৃহস্পতিবাৰে কয় যে, ক্ৰমাগতভাৱে দ্বিতীয়টো বছৰত এই ভাইৰাছত আক্ৰান্ত হোৱা বিষয়টো এক চিন্তনীয় বিষয় ৷ ইয়াৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে৷
ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি কে কে শৈলজাই এই পৰিস্থিতিত ৰাজ্যবাসীক আতংকিত নহ'বলৈ আহ্বান জনাইছে ৷ পৰিস্থিতিৰ ইতিমধ্যে নিয়ন্ত্ৰণাধীন হৈ আছে বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

চলিত বৰ্ষৰ জুন মাহৰ 4 তাৰিখে কেৰালাৰ এগৰাকী 23 বছৰীয়া ব্যক্তিৰ শৰীৰত নিপা ভাইৰাছ থকা বুলি প্ৰমাণিত হৈছিল ৷ ইয়াৰ পাচৰে পৰা ৰাজ্যখনত নিপা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত বহুতো লোকক পৰীক্ষা কৰি থকা হৈছে ৷ নিপা ভাইৰাছ প্ৰথমে পশুৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰমিত হয় ৷ ইয়াৰ পাচত এজন লোকৰ পৰা এজনৰ পৰা আন এজনলৈ সংক্ৰমিত হয় এই ৰোগৰ ভাইৰাছ ৷ এই ৰোগৰ লক্ষণসমূহ জ্বৰ , শৰীৰৰ বিষ, মূৰৰ বিষ,মূৰ বিষ আৰু বমি ভাব ৷

2 people suspected of having contracted Nipah Virus infection hospitalised
Last Updated : Jun 6, 2019, 11:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.