ETV Bharat / bharat

কলকাতা আৰক্ষীৰ দুগৰাকী কনিষ্টবলক নিলম্বন

কলকাতা আৰক্ষীয়ে নিলম্বন কৰিলে দুগৰাকী জোৱানক । কোভিড ১৯ৰ সংকটৰ সময়ত চল্ট লেকস্থিত বেৰেকত অস্বাস্থ্য়কৰ পৰিৱেশৰ অভিযোগ তুলি লণ্ড-ভণ্ড কৰাৰ অভিযোগত নিলম্বন কৰা হয় পশ্চিমবংগ আৰক্ষীৰ সশস্ত্ৰ বাহিনীৰ ৪ নং বেটেলিয়ানৰ ২ জন জোৱানক ।

kolkata police
2 Kolkata Armed Police staff suspended for ransacking barracks over 'unhygienic conditions'
author img

By

Published : May 31, 2020, 3:32 PM IST

নিউজ ডেক্স, ৩১ মে': পশ্চিমবংগ আৰক্ষীৰ সশস্ত্ৰ বাহিনীৰ ৪ নং বেটেলিয়ানৰ ২ জন জোৱানক শনিবাৰে নিলম্বন কৰা হয় । কোভিড ১৯ৰ সংকটৰ সময়ত অস্বাস্থ্য়কৰ পৰিবেশত বেৰেক থকাৰ অভিযোগ তুলি শুকুৰবাৰে নিশা ৪ নং বেটেলিয়ানৰ বহুকেইজন জোৱানে বেৰেক লণ্ড ভণ্ড কৰিছিল । অস্বাস্থ্য়কৰ পৰিৱেশৰ পৰিৱৰ্তে স্বাস্থ্যকৰ থকা ঠাইৰ দাবী তুলি বেৰেক লণ্ড-ভণ্ড কৰিছিল বহুকেইজন জোৱানে । এই ঘটনাৰ বাবে সতীৰ্থসকলক উচতনি দিছিল দুই জোৱানে । যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে দুয়োগৰাকী জোৱানক নিলম্বন কৰা হয় । কলিকতা আৰক্ষী সূত্ৰই প্ৰকাশ কৰে এই কথা ।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বেৰেকত থকা সহস্ত্ৰ বাহিনীৰ ৪ নং বেটেলিয়ানৰ জোৱানসকলে অস্বাস্থ্য়কৰ পৰিবেশ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা নাছিল । তেওঁলোকে সম্মুখীন হৈ থকা অসুবিধা সন্দৰ্ভত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক অৱগত কৰাৰ পৰিৱৰ্তে এনেদৰে লণ্ড-ভণ্ড কৰা কাৰ্যৰ এই ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল ।

উল্লেখ্য যে, ২০ মে'ত কলিকতা আৰক্ষীৰ কম্বেট ফ'ৰ্চৰ প্ৰায় ৫০০ গৰাকী কৰ্মীয়ে চহৰস্থিত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল । কোভিড ১৯ মহামাৰীৰ সময়ত তেওঁলোকক এই ভাইৰাছ সংক্ৰমিত হোৱাৰ সম্ভাৱনা থকা ঠাইত কিয় ৰখা হৈছিল বুলি প্ৰশ্ন উত্থাপন কৰিছিল । প্ৰতিবাদকাৰীসকলক শান্ত কৰিবৰ বাবে ঘটনাস্থলীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উপস্থিত হৈ তেওঁলোকৰ এই সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.