ETV Bharat / bharat

বিএছএফৰ মুখ্য কাৰ্যালয়ৰ দুটা মহলা ছীল

ছীল কৰা হৈছে বিএছএফৰ মুখ্য কাৰ্যালয়ৰ দুটা মহলা ৷ এজন কৰ্মচাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাচতে এই সিদ্ধান্ত ৷

কৰ্মচাৰী কৰ'ণাত আক্ৰান্ত
বিএছএফৰ মুখ্য কাৰ্যালয়ৰ দুটা মহলা ছীল
author img

By

Published : May 4, 2020, 7:42 PM IST

নেশ্য়নেল ডেস্ক, 4 মে' : সীমা সুৰক্ষা বলৰ (BSF) দিল্লীৰ মুখ্য কাৰ্যালয়ৰ দুটা মহলা সোমবাৰে ছীল কৰা হৈছে ৷ কাৰ্যালয়ৰ এজন কৰ্মচাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

BSF য়ে প্ৰদান কৰা এক বিবৃতি অনুসৰি, দেওবাৰে এজন হেড কনিষ্টবল Covid-19 ত আক্ৰান্ত হৈছে ৷ লোকজন কাৰ্যালয়ৰ দ্বিতীয় মহলাত কৰ্মৰত আছিল আৰু অন্তিমবাৰৰ বাবে 1 মে'ৰ দিনা কাৰ্যালয়ত উপস্থিত হৈছিল ৷

BSF য়ে কয়, "তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে চিনাক্ত কৰাৰ লগতে কোৱাৰান্টাইন কৰা হৈছে ৷ তেওঁলোকৰো পৰীক্ষণ কৰা হ'ব ৷ সাৱধানতা হিচাপে কাৰ্যালয়ৰ প্ৰথম আৰু দ্বিতীয় মহলা বন্ধ ঘোষণা কৰা হৈছে ৷ ইয়াৰোপৰি, সকলো মহলা ছেনিটাইজ কৰা হৈছে ৷"

BSF লগতে জনাই যে, অতি কমসংখ্যক কৰ্মচাৰীৰে কাৰ্যালয়ৰ কাম পৰিচালনা কৰি থকা হৈছে ৷ চেন্ট্ৰেল দিল্লীৰ লোধী ৰোডৰ CGO কমপ্লেক্সত থকা BSF ৰ মুখ্য কাৰ্যালয়টো আঠ মহলীয়া ৷ দেওবাৰে BSF য়ে জানিবলৈ দিয়া অনুসৰি, বৰ্তমানলৈকে 42 জন জোৱান Covid-19 ত আক্ৰান্ত হৈছে ৷ চান্দনী মহল আৰু নিজামুদ্দিন মাৰ্কাজত দিল্লী আৰক্ষীৰ সৈতে মোতায়েন কৰা 98 সদস্যৰ ইউনিটৰে 31 জন জোৱান আক্ৰান্ত হৈছে ৷

দেওবাৰে এই কমপ্লেক্সতে থকা Central Reserve Police Force (CRPF) ৰ মুখ্য কাৰ্যালয়ো ছীল কৰা হৈছিল ৷ এজন বাছ ড্ৰাইভাৰ আৰু এজন জ্যেষ্ঠ বিষয়া কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাচতে এই কাৰ্যালয় ছীল কৰা হয় ৷

বৰ্তমানলৈকে 137 জন CRPF, 54 জন BSF, 21 জন ITBP, 9 জন CISF আৰু 4 জন SSB জোৱান কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.