ETV Bharat / bharat

ওমান আৰু কুৱেইটৰ পৰা উদ্ধাৰ ৩৬২ ভাৰতীয়ক - বন্দে ভাৰত অভিযান

ভাৰতত আহি উপস্থিত হ'ল আঠ শিশু সহ মুঠ ৩৬২ গৰাকী ভাৰতীয় নাগৰিক । ওমান আৰু কুৱেটৰ পৰা দুখন বিমানযোগে ভাৰতলৈ অনা হয় এইসকল ভাৰতীয় নাগৰিকক ।

2 flights from Oman& Kuwait with 362 stranded Indians reach Kerala

author img

By

Published : May 10, 2020, 8:42 AM IST

কেৰালা, ১০ মে' : বন্দে ভাৰত অভিযানৰ অধীনত শনিবাৰে দুখন ৰাষ্ট্ৰ ওমান আৰু কুৱেটৰ পৰা উদ্ধাৰ কৰা হয় মুঠ ৩৬২ গৰাকী ভাৰতীয় নাগৰিকক । শনিবাৰে নিশা কেৰালাৰ কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আহি উপস্থিত হয় এইসকল নাগৰিক । ইয়াৰ মাজতে আছে আঠটাকৈ শিশু । দুখন এয়াৰ ইণ্ডিয়া বিমানৰযোগে ওমান আৰু কুৱেইট ৰাষ্ট্ৰত COVID-১৯ লকডাউনৰ বাবে আৱদ্ধ হৈ থকা ভাৰতীয় লোক সকলক উদ্ধাৰ কৰি লৈ অনা হয় ।

বিমানৰ সকলো যাত্ৰীকে COVID-১৯ ৰেপিড টেষ্ট কৰাৰ পাচতে নিজ-নিজ গন্তব্য স্থানলৈ যাবলৈ দিয়া হয় লগতে বিমান বন্দৰত সকলো যাৱতীয় কাম-কাজৰ সমাপন কৰাৰ পাচত সকলোকে কোৱাৰেণ্টাইন কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

আনহাতে এয়াৰ ইণ্ডিয়াৰ আন এখন বিমান ডোহাৰ পৰা ৬ জন শিশু সহ মুঠ ১৭৭ গৰাকী যাত্ৰীৰে দেওবাৰে পুৱা কেৰালাত আহি উপস্থিত হ'ব বুলি জানিব পৰা গৈছে ।

  • ৰাষ্ট্ৰীয় মহিলা আয়োগৰ মহিলাসকলৰ বাবে বিশেষ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.