নিউজ ডেস্ক,16 জুন: উত্তৰ প্ৰদেশৰ মূৰাদাবাদত শোকাৱহ ঘটনা ৷ খেলি থকাৰ মাজতে অসাৱধানবশত এখন গাড়ীত আৱদ্ধ হৈ অচেতন হৈ পৰে 4 ৰ পৰা 7 বছৰ বয়সৰ 4 টাকৈ শিশু ৷ সোমবাৰে মূৰাদাবাদৰ পাণ্ডে অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷
উল্লেখ্য যে, ইয়াৰ পাছতে পৰিয়ালৰ লোকে শিশুকেইটিক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও মৃত্যু হয় শিশু দুটিৰ ৷ আনহাতে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আন দুটি শিশু ৷