নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী : জম্মু আৰু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এখন শিবিৰৰ পৰা দুজন সীমান্ত নিৰাপত্তা বাহিনী (বিএছএফ) কনিষ্টবল সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে। বৃহস্পতিবাৰে সন্ধিয়া নিৰুদ্দিষ্ট হৈছিল দুয়োজন কনিষ্টবল ৷
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে,বিএছএফ কৰ্তৃপক্ষৰ দ্বাৰা সুন্দেৰবানি আৰক্ষী থানাত এখন সন্ধানহীন প্ৰতিবেদন দাখিল কৰা হৈছে ৷
দুয়োজনক ৰাজৌৰীৰ সুন্দাৰবানি অঞ্চলৰ এটা বি এছ এফ শিবিৰত নিয়োগ কৰা হৈছিল আৰু দুয়োজন সাধাৰণ শ্ৰেণীৰ কনিষ্টবল আছিল । উল্লেখ্য যে, বৰ্তমানলৈ দুয়োজনৰে কোনো সন্ধান পোৱা নাই ৷
লগতে পঢ়ক: এৰো’ ইণ্ডিয়া ২০২১ত স্বাক্ষৰিত হ’ল চাৰিটা মুখ্য চুক্তি