ETV Bharat / bharat

স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবেই যুৱকৰ মৃত্যুৰ অভিযোগ

author img

By

Published : Jul 12, 2020, 12:07 PM IST

তিনিখন চিকিৎসালয়ে বিচনা নথকাৰ উজুহাতত যুৱকজনক ভৰ্তি কৰোৱাত অস্বীকাৰ কৰে ৷

18-yr-old diabetic COVID patient dies after 3 hospitals refused him admission
কলকাতাত স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবেই যুৱকৰ মৃত্যুৰ অভিযোগ

কলকাতা, 12 জুলাই : কলকাতাত স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবে কৰ'ণা আক্ৰান্ত এগৰাকী 18 বছৰীয়া যুৱকে মৃত্যুক সাৱতি লোৱাৰ অভিযোগ কৰিছে পিতৃ-মাতৃয়ে ৷ যুৱকজনক তিনিখন চিকিৎসালয়ত বিচনাৰ অভাৱৰ কাৰণে ভৰ্তি কৰাব নোৱাৰাৰ অভিযোগ পিতৃ-মাতৃৰ ৷

কলকাতা মেডিকেল কলেজ আৰু হাস্পাতালত শুকুৰবাৰে নিশা শুভ্ৰজিৎ চট্টোপাধ্যায় নামৰ এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হয় ৷ শুভ্ৰজিৎ মধুমেহ ৰোগত আক্ৰান্ত আছিল আৰু শ্বাস প্ৰশ্বাসত অসুবিধা হোৱাৰ কাৰণে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ চিকিৎসালয়ত শুভ্ৰজিতৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷

শুভ্ৰজিতৰ পিতৃয়ে অভিযোগ কৰা অনুসৰি, তিনিখন চিকিৎসালয়ৰ কৰ্তৃপক্ষই বিচনা নথকাৰ উজুহাতত যুৱকজনক ভৰ্তি কৰাবলৈ অস্বীকাৰ কৰে ৷ অৱশেষত শুভ্ৰজিতৰ মাতৃয়ে আত্মহত্যাৰ ভাবুকি দিয়াত কলকাতা মেডিকেল কলেজ আৰু হাস্পাতালে শুভ্ৰজিতক ভৰ্তি কৰাই চিকিৎসা আৰম্ভ কৰে ৷ হাস্পাতালত শুভ্ৰজিৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷ শুভ্ৰজিতক সময়ত চিকিৎসা প্ৰদান কৰা হ'লে হয়তো তেওঁ অকাল মৃত্যুক সাৱতিবলগীয়া নহ'লহেতেন বুলি উল্লেখ কৰে পিতৃ মাতৃয়ে ৷

লগতে পঢ়ক : কপিলীৰ বানত জলমগ্ন হোজাইৰ বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.