ETV Bharat / bharat

বিগত ২৪ ঘন্টাত ১,৭৫২ গৰাকী কোভিড-১৯ত আক্ৰান্ত : স্বাস্থ্য মন্ত্ৰালয়

author img

By

Published : Apr 25, 2020, 10:46 AM IST

দেশত বিগত ২৪ ঘন্টাত ১,৭৫২ গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এদিনত এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ এয়াই সৰ্বাধিক সংখ্যা আৰু ৩৭ টা মৃত্যুৰ ঘটনাৰে সৰ্বাধিক ৭২৪ গৰাকী লোক এতিয়ালৈকে মৃত্যুমুখত পৰিছে ভাৰতত ।

বিগত ২৪ ঘন্টাত ১,৭৫২ গৰাকী কোভিড-১৯ত আক্ৰান্ত
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধন

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ দেশত এদিনত সৰ্বাধিক সংখ্যক লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে । শুকুৰবাৰৰ দিনটোত ভাৰতত পোহৰলৈ আহিছে ১,৭৫২ গৰাকী লোক মাৰাত্মক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ উদ্বেগজনক তথ্য । এতিয়ালৈকে ভাৰতত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৭২৪ গৰাকী লোক । ইয়াৰ পিচতেই দেশত এতিয়ালৈ সৰ্বাধিক সংখ্যক ২৩,৪৫২ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৪,৮১৪ গৰাকী লোক সুস্থ হৈ উঠাৰ বিপৰীতে এতিয়াও সক্ৰিয় হৈ আছে ১৭,৯১৫টা ঘটনা ।

লগতে পঢ়কঃ মণিপুৰত উগ্ৰপন্থীৰ সন্ধানত যোৱা আসাম ৰাইফল্ছৰ প্ৰৱেশত মহিলাৰ বাধা

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লব আগৰৱালে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে এই তথ্য । দেশত কৰ'ণা ভাইৰাছৰ পৰা আৰোগ্য হোৱাৰ হাৰ শুকুৰবাৰে ২০.৫৭ শতাংশ হয় বুলিও সচিবগৰাকীয়ে উল্লেখ কৰে । দেশত ১৫ খন জিলাত কোনোধৰণৰ নতুন ঘটনা পোহৰলৈ অহা নাই বুলিও তেওঁ লগতে উল্লেখ কৰে । শুকুৰবাৰে দেশত ৪১৯ গৰাকী লোকে আৰোগ্য লাভ কৰে । আগৰৱালে প্ৰকাশ কৰা অনুসৰি, বিগত ১৪ দিনত দেশৰ ৮০খন জিলাত কোনোধৰণৰ নতুন ঘটনা পোহৰলৈ অহা নাই ।

এনে সময়তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীসকলক কোভিড-১৯ক লৈ অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে । এক ভিডিঅ' কনফাৰেন্সত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীসকলক সম্বোধন কৰি এই কথা উল্লেখ কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰেডক্ৰছৰ সহযোগত স্বাস্থ্যকৰ্মীসকলক কাম কৰি যাবলৈ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে ৰক্তদান আৰু অন্যান্য দিশসমূহত কটকটীয়া নিৰীক্ষণ ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰে ।

লগতে পঢ়কঃ ৰমজানত মুম্বাইত সম্ভাৱ্য গণ সমাৱেশ ৰোধিবলৈ ড্ৰ'ণেৰে নিৰীক্ষণ আৰক্ষীৰ

ইয়াৰ উপৰিও বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত বিশ্বৰ সকলো দেশৰ স্বাস্থ্যমন্ত্ৰীসকলৰ সৈতেও আলোচনাত মিলিত হয় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধন । এই আলোচনাতে ভাৰতে টুইটাৰত আৰম্ভ কৰা কোভিড-১৯ সেৱাৰ বিষয়ে সকলোকে অৱগত কৰায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়কঃ 9গৰাকীকৈ চিআৰপিএফ কৰ'ণা ভাইৰাছত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.