কেৰালা, 12 মাৰ্চ: দেশত সংহাৰী ৰূপ ধাৰণ কৰিছে কৰ'ণা ভাইৰাছে ৷ দিনক দিনে ভাৰতত বৃদ্ধি পাইছে Covid-19 ৰ আক্ৰান্তৰ সংখ্যা ৷ কেৰালাত এতিয়ালৈকে কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সংখ্যা বৃদ্ধি পাইছে 17 গৰাকীলৈ ৷ বুধবাৰে কেৰালাত তিনিজনকৈ ব্যক্তিৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ বিজাণু ৷
বৃহস্পতিবাৰে ত্ৰিশূৰ আৰু কান্নোৰ জিলাত নতুনকৈ এই ভাইৰাছত আক্ৰান্ত দুজন লোক ধৰা পৰে ৷ জানিব পৰা মতে, দুয়োগৰাকী লোক ডুবাই আৰু কাটাৰৰ পৰা উভতি আহিছিল ৷ আনহাতে নতুনকৈ এজনৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ অৱস্থিতি ৷ বৰ্তমানলৈকে কেৰালাত 4,180 গৰাকী লোকক কৰ'ণা ভাইৰাছৰ আক্ৰান্তত পৰ্যবেক্ষণ কৰি থকাৰ লগতে 270 গৰাকী লোকক পৃথক ৱাৰ্ডত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷
কেৰালাত ইটোৰ পাচত সিটো কৰ'ণা ভাইৰাছত আক্ৰান্তৰ তথ্য লাভ কৰাৰ পাচতেই 31 মাৰ্চলৈকে বন্ধ ঘোষণা কৰা হৈছে সকলো ছবিগৃহ ৷
লগতে চাওক- উত্তৰ প্ৰদেশত 10 টা লৈ বৃদ্ধি Covid-19 ৰ সংক্ৰমণৰ ঘটনা