ETV Bharat / bharat

15 জুন : নিয়মৰ মৃত্যু ঘন্টা আৰু আত্মবিশ্বাস স্থাপনৰ উপায়

author img

By

Published : Jun 22, 2020, 10:36 PM IST

2020ৰ 15 জুনৰ নিশাৰ হিমশীতল বতাহ আৰু হাড় কপোৱা শীতৰ মাজত 1988 চনত ভাৰত-চীনৰ মাজত স্থাপন কৰা আত্মবিশ্বাস স্থাপনৰ উপায়সমূহ চিৰদিনৰ বাবে অন্ত পৰে ৷ এইটো দিন কেইবা দশক ধৰি অটল হৈ আছিল ৷

নিয়মৰ মৃত্যু ঘন্টা আৰু আত্মবিশ্বাস স্থাপনৰ উপায়

প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ ব্য়ৱস্থাপনাৰ মুল হোতা তথা 1993, 1996, 2005 আৰু 2013চনত স্বাক্ষৰিত চাৰিখন চুক্তিৰ মুল গুৰি ধৰোতা হৈছে আত্মবিশ্বাস স্থাপনৰ উপায় (Confidence building measures) ৷ 1993 চনৰ চুক্তিত শান্তি বৰ্তাই ৰখাই লগতে স্থিতাৱস্থা বৰ্তাই ৰখাই দুয়োখন দেশৰ মাজত উদ্ভৱ হোৱা যিকোনো পৰিস্থিতিতে দুয়োপক্ষই কোনো শক্তি ব্যৱহাৰ নকৰাৰ লগতে দুয়োপক্ষক সন্মান কৰাৰ লগতে প্ৰকৃত নিয়ন্ত্ৰণৰেখাক মানি চলিবৰ কথা উল্লেখ আছিল ৷

1996 চনৰ চুক্তিয়ে আত্মবিশ্বাস স্থাপনৰ উপায়ক তৈয়াৰ কৰিছিল আৰু ইয়াক এক শান্তি চুক্তি বুলি ক'ব পাৰি যিয়ে দুয়োপক্ষৰ সামৰিক সক্ষমতা ইপক্ষই সিপক্ষৰ বিৰুদ্ধে ব্যৱহাৰ নকৰাৰ কথা উল্লেখ কৰিছিল ৷ এই চুক্তিয়ে মাৰাত্মক ৰাসায়নিকৰ ব্যৱহাৰৰ লগতে, প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ 2 কিলোমিটাৰ ব্যাসাৰ্ধত চিকাৰ কৰা অথবা বিস্ফোৰণ ঘটোৱাত বাধা আৰোপ কৰিছিল ৷

2005 চনৰ নিয়মাৱলীয়ে কৈছিল যে, যদিহে সীমান্তৰক্ষী বাহিনীয়ে প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ স্থিতিক লৈ নাইবা অন্য কাৰণত মুখামুখি হয়, তেতিয়া তেওঁলোকে নিজৰ মাজত আত্মসংযম ৰাখি পৰিস্থিতি যাতে বিষম নহয় তাৰ বাবে সকলো দিশেই গ্ৰহণ কৰিব ৷ ইয়াত স্পষ্টভাৱে উল্লেখ আছে যে, যেতিয়াই দুয়োপক্ষৰ সৈনিক মুখামুখি হ'ব তেতিয়াই তেওঁলোকে সেই অঞ্চলত নিজৰ কাৰ্যক্ৰমত বিৰতি দিব, আৰু একেসময়তে নিজৰ নিজৰ চাউনীলৈ উভটি যাব ৷ মুখামুখিৰ সময়ত দুয়োপক্ষই কোনো শক্তিৰ ব্য়ৱহাৰ কৰিব নোৱাৰিব নাইবা শক্তি ব্যৱহাৰ কৰাৰ ভাবুকি দিব নোৱাৰিব আৰু দুয়োপক্ষই ইটোৱে সিটোক শ্লীলতাৰে ব্যৱহাৰ কৰি কোনো উত্তেজনাপূৰ্ণ কাৰ্য গ্ৰহণৰ পৰা বিৰত থাকিব ৷

2013ত স্বাক্ষৰিত ভাৰত-চীন সীমান্ত চুক্তিত দুয়োপক্ষৰ সামৰিক সক্ষমতা বিপৰীত পক্ষত ব্যৱহাৰ নকৰাত অধিক জোৰ দিয়া হয় আৰু দুয়োপক্ষৰ শক্তিশালী সামৰিক বাহিনী ভয় দেখুৱাবলৈ অথবা আক্ৰমণ কৰিবলৈ ব্যৱহাৰ নকৰাত গুৰুত্ব আৰোপ কৰা হয় ৷ বিগত সময়ছোৱাৰ বিবাদসমূহলৈ লক্ষ্য ৰাখি এই চুক্তিত এটা দিশ সংযোগ কৰা হয় য'ত দুয়োপক্ষই কোনো বুজাবুজি নথকা প্ৰকৃত নিয়ন্ত্ৰণৰেখাত তহলদাৰী কৰিব নোৱাৰিব ৷ পুুনৰবাৰ এই চুক্তিৰ দ্বাৰা অধিক সংযম, কোনো উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰা আঁতৰত থকা, দুয়োপক্ষই নিজেই বিপৰীত পক্ষক সন্মানেৰে ব্যৱহাৰ কৰা আৰু গুলিচালনা অথবা সশস্ত্ৰ সংগ্ৰামত লিপ্ত হোৱাত বাধা আৰোপ কৰে ৷

1996 আৰু 2005ৰ চুক্তিয়ে কাৰ্যকৰী নিয়মাৱলীক অধিক গুৰুত্ব দিয়াৰ লগতে তহলদাৰী মুখামুখিৰ সময়ত বেনাৰ ড্ৰিল, য'ত ইটো পক্ষই সিটো পক্ষক নিজৰ নিজৰ স্থানলৈ উভটি যাবলৈ কোৱাৰ শ্লোগান লিখা থকা আৰু নিৰ্ধাৰিত স্থানত সীমান্তৰক্ষীৰ সভা অনুষ্ঠিত কৰাত গুৰুত্ব দিয়া হয় ৷ সঁচা ক'বলৈ হ'লে বহুবাৰ মুখামুখিৰ সময়ত এই নীতি পালন কৰা হৈছে আৰু সৈনিকসকলে নিজৰ নিজৰ স্থানলৈ উভটিও গৈছে ৷ এই সময়ত সংঘটিত বিক্ষিপ্ত ঘটনাসমূহৰ বিষয়ে পৰৱৰ্তী সময়ত সীমান্তৰক্ষীৰ সভাত আলোচনা কৰা হয় ৷ ইয়াত নীতিগতভাৱে সৈনিকসকলে অস্ত্ৰ কঢ়িওৱাৰ কথা কোৱা হৈছে আৰু ইয়াক সুৰক্ষিতভাৱে ৰখাত গুৰুত্ব প্ৰদান কৰি পালন কৰা হৈছে ৷

বিগত 8 বছৰত এনেকুৱা বহু ঘটনা সংঘটিত হৈছে য'ত এইসমূহ নীতি ভংগ কৰা হৈছে ৷ ৰাকি নাল্লা, চুমাৰ, পাংগং ছ, ডেমচক আৰু ডোকলামত এই ঘটনা সংঘটিত হৈছে য'ত নিয়ম থকাৰ পিচটো, চীনৰ সৈনিকে পিচহুহুকি যাবলৈ অমান্তি হৈছিল আৰু দুয়োপক্ষৰ সৈনিকৰ মাজত দীৰ্ঘসময় ধৰি উত্তেজনা অব্যাহত আছিল ৷ ইয়াৰ পৰাই লাহে লাহে নিয়ম ভংগৰ আৰম্ভনি হৈছিল ৷

পূৰ্বৱৰ্তী লাডাখৰ পাংগং ছ, গালৱান ভেলী আৰু হট স্প্ৰীং-গোগ্ৰাত শেহতীয়াকৈ সংঘটিত ঘটনাই নিয়মাৱলীসমূহ উলংঘনৰ লগতে আত্মবিশ্বাস স্থাপনৰ উপায়সমূহ ভংগ হোৱাটো সন্মুখলৈ আনিছিল ৷ প্ৰথমে পাংগং ছ আৰু 15 জুনত গালৱানত চীনা সৈনিকৰ দ্বাৰা সংঘটিত বৰ্বৰ আৰু নিষ্ঠুৰ কাণ্ডই য'ত চীনা সৈনিকে প্ৰাক-ঐতিহাসিক যুগৰ দৰেই ঘোচা মৰাৰ লগতে লোহাৰ ৰ'ড, কাঁইটীয়া তাঁৰযুক্ত লাঠীৰে ভাৰতীয় সেনাৰ ওপৰত কৰা আক্ৰমণ এইসমূহ চুক্তি আৰু নিয়মাৱলীৰ চূড়ান্ত উলংঘণ আছিল ৷ প্ৰাকঐতিহাসিক যুগত ব্যৱহৃত এইসমূহ অস্ত্ৰই চীনৰ এক পূৰ্বপৰিকল্পিত ঘটনাকে প্ৰমাণ কৰিছে ৷ 15 জুনত চীনে প্ৰদৰ্শন কৰা বিচিত্ৰ হিংসাত ভাৰতীয় সেনাৰ 20 জনকৈ জোৱানে প্ৰাণ আহুতি দিয়ে ৷

প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ ব্যৱস্থাপনা নীতিসমূহ পুনৰ নিৰ্ধাৰণ কৰাৰ সময় আহি পৰিছে ৷ 1988 চনৰ পৰা 2005 চনলৈ যুটীয়া কাৰ্যকৰী গোটৰ 15 খন সভা, বিশেষ প্ৰতিনিধিৰ 22 খন সভায়ো প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ সীমা নিৰ্ধাৰণ কৰিবলৈ সক্ষম নহ'ল ৷ চীনে এইক্ষেত্ৰত স্পষ্টভাৱে আগবাঢ়িব বিছৰা নাই, ইচ্ছাকৃতভাৱেই তেওঁলোকে ভাৰতৰ সৈতে এই কাৰ্য কৰি আছে ৷ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনক বিশ্বাস কৰিব নোৱাৰি, চীনে ধীৰে ধীৰে সীমা ঠেলি অহাৰ লগতে অতিৰিক্ত ভূমি দখল কৰিছে আৰু সেই ঠাই খালী কৰি দিব বিচৰা নাই ৷ এনেকুৱা কৰিবলৈ যাওঁতে চীনে শক্তি ব্যৱহাৰ কৰাটো পিচ পৰি থকা নাই ৷ চীনৰ ক্ষেত্ৰত এইসন্দৰ্ভত সহজেই বিশ্বাসযোগ্য নহয় ৷

এইটো জনা উচিত যে, প্ৰতিগৰাকী সৈনিকৰে নিজৰ ইউনিটক যিকোনো বিপদৰ পৰা ৰক্ষা কৰাৰ অধিকাৰ থাকে ৷ ইয়াক ব্যক্তিগত অধিকাৰ অথবা ইউনিটৰ আত্মৰক্ষাৰ অধিকাৰ বুলি কওঁ, যিয়ে সীমাৱদ্ধতা তথা শক্তিৰ ব্যৱহাৰক ধৰি প্ৰতিগৰাকী সৈনিকক তেওঁলোকৰ নিকটৱৰ্তী বিপদৰ বিৰুদ্ধে ৰক্ষা কৰাৰ অধিকাৰ প্ৰদান কৰে ৷ চীনৰ এই মুকলি প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আত্মনিয়োগৰ নিয়মসমূহ ভাৰতীয় সেনাৰ সপক্ষে সংশোধন কৰি, তেওঁলোকক সুৰক্ষিতভাৱে মোতায়েন কৰাটো কৌশলগতভাৱে গুৰুত্বপূৰ্ণ আৰু অস্ত্ৰ ব্যৱহাৰ কৰাটো নিজৰ লগতে ইউনিটৰ সুৰক্ষাৰ বাবে নিৰ্ধাৰণ কৰাটো গুৰুত্বপূৰ্ণ ৷ এইটো উল্লেখ কৰা গুৰুত্বপূৰ্ণ যে, ভাৰতীয় সৈনিকসকলক চীনৰ সৈনিকে ব্যৱহাৰ কৰাৰ দৰে প্ৰাক-ঐতিহাসিক যুগৰ অস্ত্ৰ ব্য়ৱহাৰ কৰাটো উচিত নহয় আৰু তেওঁলোকক ইয়াৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হোৱা নাই ৷

প্ৰতিগৰাকী সৈনিকৰ জীৱন দেশৰ বাবে এক অমূল্য সম্পদ ৷ দেশে সৈনিকসকলক আমোলাতান্ত্ৰিক নিয়ম অথবা আত্মবিশ্বাস স্থাপনৰ উপায়ৰ দ্বাৰ বান্ধি ৰাখি সীমান্তৰ সুৰক্ষালৈ পঠিওৱাটো কোনো যুক্তিগত কথা নহয় আৰু এনেদৰে পঠাব নোৱাৰে ৷ পৰৱৰ্তী সময়ত ইয়াক শোধৰাই ল'ব পৰা যাব যদিও ভাৰতীয় সেনাৰ মোতায়েনৰ ক্ষেত্ৰত শীঘ্ৰেই নতুন নীতি-নিয়মৰ প্ৰয়োজন আহি পৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.