নিউজ ডেস্ক, ২৮ জুলাইঃ উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ পিপৰাইৰ অঞ্চলৰ পৰা ২৬ জুলাইত অপহৰণ হয় এটি ষষ্ট শ্ৰেণীৰ ছাত্ৰ। অপহৰণ কৰা কিছু সময় পাচতে অপহৰণকাৰী দলে ছাত্ৰজনৰ পৰিয়ালৰ পৰা দাবী কৰে ১ কোটি টকা । কিন্তু সোমবাৰে ১৪ বছৰীয়া ছাত্ৰজনৰ মৃতদেহ জংঘলত উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।
গেলামাল তথা পান দোকানৰ মালিক মহাজন গুপ্তাৰ ১৪ বছৰীয়া পুত্ৰ ২৬ জুলাইত অপহৰণ কৰি হত্যা কৰি জংঘলত পেলাই থৈ যায়। আনহাতে,ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে ৫ জন অভিযুক্তক আটক কৰিছে । লগতে আন ২জন ব্যক্তিৰ সন্ধান চলাই থকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।
লগতে চাওকঃ ৰাজ্যত বানত নিহতৰ সংখ্যা 103 গৰাকীলৈ বৃদ্ধি