ETV Bharat / bharat

১১০ দিনৰ অতিক্ৰমঃ পলাতক তবলিগী জামাতৰ নেতা মৌলানা ছাদ - কৰ'ণা ভাইৰাছ

মহামাৰী কৰ'ণা প্ৰতিৰোধৰ বাবে চলা লক ডাউনৰ সময়ত সকলো নীতি নিয়ম উলংঘা কৰি ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা তবলিগী জামাতৰ নেতা মৌলানা ছাদ বিগত তিনি মাহে পলাতক হৈ আছে । বিগত ৩১ মাৰ্চতে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই তদন্ত আৰম্ভ কৰাৰ পাচতো তথা ১১০ দিনৰো অধিক সময় অতিক্ৰম কৰা পাচতো কোনো সন্ধান নাই পলাতক মৌলানা ছাদৰ ।

মৌলানা ছাদ
মৌলানা ছাদ
author img

By

Published : Jul 21, 2020, 5:34 PM IST

নিউজ ডেস্ক, ২১ জুলাইঃ বিগত তিনি মাহৰো অধিক সময় পলাতক হৈ আছে তবলিগী জামাতৰ নেতা মৌলানা ছাদ । নিজামুদ্দিন মাৰ্কাজ ঘটনা ফাদিল হোৱাৰ পাচত তথা কৰ'ণা প্ৰতিৰোধৰ বাবে চলা লক ডাউনৰ সময়ত সকলো নীতি-নিয়ম উলংঘা কৰি ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰি দেশৰ ভিন্ন প্ৰান্তত কৰ'ণা সংক্ৰমণ হোৱাৰ অভিযোগত গোচৰ ৰুজু হোৱাৰ পাচৰে পৰা পলাতক হৈ আছে মৌলানা ছাদ ।

১১০ দিনৰ অতিক্ৰমঃ পলাতক তবলিগী জামাতৰ নেতা মৌলানা ছাদ

দিল্লী আৰক্ষীৰ অপৰাধ শাখাই বিগত ৩১ মাৰ্চত নিজামুদ্দিন আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ অভিযোগৰ ভিত্তিতে মৌলানা ছাদ সহিতে সাত গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । তাৰোপৰি মৌলানা ছাদৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৪ অধীনতো গোচৰ ৰুজু কৰা হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । তাৰোপৰি এই অনুষ্ঠানত অংশ গ্ৰহণ কৰা একাংশ বিদেশীৰ বিৰুদ্ধেও ভিছাৰ নিয়ম উলংঘা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হয় ।

আনহাতে, চলিত বৰ্ষৰ মাৰ্চ মাহত তবলিগী জামাত ঘটনা সন্দৰ্ভত বহু কেইগৰাকী বিদেশী নাগৰিকক ন্যায়ালয়ে জামিন দিয়ে যদিও এই ঘটনাৰ বাবেই দিল্লী আৰক্ষীয়ে প্ৰায় ৯৫৫ গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে অভিযোগ পত্ৰও প্ৰেৰণ কৰে ।

মৌলানা ছাদ
১১০ দিনৰ অতিক্ৰম কৰাৰ পাচতো পলাতক তবলিগী জামাতৰ নেতা মৌলানা ছাদ

উল্লেখ্য যে, কৰ'ণা প্ৰতিৰোধৰ বাবে চলা লক ডাউনৰ বাবেই সকলো ধৰ্মীয় অনুষ্ঠান বাতিল কৰা হৈছিল যদিও ২৩ মাৰ্চত নিজামুদ্দিন মাৰ্কাজত প্ৰায় ২৩০০ গাৰকী ব্যক্তি একত্ৰিত হৈছিল । যাৰ ভিতৰত একাধিক লোকৰ কৰ'ণাত আক্ৰান্ত হৈছিল তথা উক্ত অনুষ্ঠানৰ পৰাই দেশৰ ভিন্ন প্ৰান্তত কৰ'ণা সংক্ৰমণ হৈছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.