নেশ্য়নেল ডেস্ক, ৬ অক্টোবৰ: ভাৰত মুক্তি মৰ্চাই ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মূল কাৰ্যালয়ৰ বাহিৰত (Rashtriya Swayam sevak Sangh)বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । নাগপুৰত এই প্ৰতিবাদৰ সময়তে ভাৰত মুক্তি মৰ্চাৰ (Bharat Mukti Morcha) কেইবাগৰাকী কৰ্মী আৰু নেতাক বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰে । আটক কৰা সকলৰ ভিতৰত ভাৰত মুক্তি মৰ্চাৰ সভাপতি (president of Bharat Mukti Morcha) বামন মেশ্ৰামো আছিল ।
সোঁপন্থী গোটটো "সংবিধান বিৰোধী" বুলি অভিযোগ তুলি ভাৰত মুক্তি মৰ্চাই আৰ এছ এছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰে (Bharat Mukti Morcha protest in nagpur) । এই সন্দৰ্ভত নাগপুৰৰ আৰক্ষী আয়ুক্ত (Nagpur Police Commissioner) অমিতেশ কুমাৰে কয় যে ভাৰত মুক্তি মৰ্চাই ৬ অক্টোবৰত এক ৰেলীৰ অনুমতি বিচাৰিছিল ।
অৱশ্য়ে আইন-শৃংখলা পৰিস্থিতি বিবেচনা কৰিয়েই অস্বীকাৰ কৰা বুলি তেওঁ কয় । এই প্ৰসংগত নাগপুৰৰ আৰক্ষী আয়ুক্তগৰাকীয়ে কয়,"আইন-শৃংখলাপৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি তেওঁলোকক অনুমতি দিয়া নাছিলো (Bharat Mukti Morcha workers rally)। যিহেতু তেওঁলোকে সহযোগিতা কৰা নাছিল । আমি জৰিপাটকা আৰু পঞ্চপাওলি অঞ্চলত চিআৰপিচিৰ ১৪৪ ধাৰা কাৰ্যকৰী কৰিছিলো।"
উল্লেখ্য় যে এদিন পূৰ্বে আৰ এছ এছৰ ইউনিফৰ্ম (RSS uniform) পৰিহিত স্বেচ্ছাসেৱকসকলে নাগপুৰৰ ৰেশিমবাগ ময়দানৰ পৰা 'পথ সঞ্চলন' (Path Sanchalan of RSS) কৰিছিল । হাজাৰ হাজাৰ স্বেচ্ছাসেৱকে উক্ত পদযাত্ৰাত অংশগ্ৰহণ কৰিছিল । সংঘ স্বয়ংসেৱকৰ দুটা পথ সঞ্চলন চহৰৰ বিভিন্ন অঞ্চলৰ মাজেৰে যাবলৈ অনুমতি দিয়া হৈছিল (Reshimbagh Maidan in Nagpur)। আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতো (RSS Chief Mohan Bhagwat) উক্ত অনুষ্ঠানটোত উপস্থিত আছিল ।
লগতে পঢ়ক:হোজাইৰ নামঘৰত সত্যৰঞ্জন বৰাৰ বিস্ফোৰণ