ETV Bharat / bharat

ভাৰত জোড়ো যাত্ৰা: কৰ্ণাটকত আটক ‘PayCM' লিখা টি-চাৰ্ট পৰিহিত কংগ্ৰেছ কৰ্মী

author img

By

Published : Oct 8, 2022, 9:12 AM IST

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ (Bharat Jodo Yatra) সময়ত 'PayCM' লিখা টি-চাৰ্ট পিন্ধাৰ বাবেই দলৰ একাংশ কৰ্মীক আটক কৰিলে কৰ্ণাটক আৰক্ষীয়ে ৷ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ (Former president of congress Rahul Gandhi)নেতৃত্বত শুকুৰবাৰে কৰ্ণাটকৰ মাণ্ডিয়া জিলাৰ কে মল্লেনাহল্লীৰ পৰা পুনৰ আৰম্ভ হৈছিল ভাৰত জোড়ো যাত্ৰা ।

Etv BharatBharat Jodo Yatra: Congress party workers detained for wearing 'PayCM' t-shirts
Etv Bharatভাৰত জোড়ো যাত্ৰা: কৰ্ণাটকত আটক ‘PayCM' লিখা টি-চাৰ্ট পৰিহিত কংগ্ৰেছ কৰ্মী

নেশ্যনেল ডেস্ক,8 অক্টোবৰ : শুকুৰবাৰে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ (Bharat Jodo Yatra)সময়ত 'PayCM' লিখা টি-চাৰ্ট পিন্ধাৰ বাবেই দলৰ একাংশ কৰ্মীক আটক কৰিলে কৰ্ণাটক আৰক্ষীয়ে ৷

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ (Former president of congress Rahul Gandhi)নেতৃত্বত শুকুৰবাৰে কৰ্ণাটকৰ মাণ্ডিয়া জিলাৰ কে মল্লেনাহল্লীৰ পৰা পুনৰ আৰম্ভ হৈছিল ভাৰত জোড়ো যাত্ৰা । যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ পিছফালে আহি থকা দলীয় কৰ্মী-সমৰ্থকৰ এটা দলে পৰিধান কৰিছিল 'PayCM', 'PayAshwathnarayan' আৰু 'PayEshwarappa' শীৰ্ষক নামেৰে ছপা কৰা টি-চাৰ্ট । ইয়াৰ পিছতে মাণ্ডিয়া আৰক্ষীয়ে সেই টি-চাৰ্ট পিন্ধা আটাইকেইগৰাকী কংগ্ৰেছ কৰ্মীক আটক কৰে ।

উল্লেখ্য যে, ৰাজ্যখনৰ বাসৱৰাজ বোম্মাই চৰকাৰৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি "PayCM" শীৰ্ষক নামেৰে কংগ্ৰেছে আৰম্ভ কৰা ই এক আক্ৰমণাত্মক অভিযান । বিগত ২১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যখনত আৰম্ভ হৈছিল "PayCM" শীৰ্ষক অভিযান, যেতিয়া বেংগালুৰুত বম্মাইক চিত্ৰিত কৰা পোষ্টাৰ ওলাইছিল । এই পোষ্টাৰসমূহত "ইয়াত ৪০ শতাংশ গ্ৰহণ কৰা হয়" বুলি লিখা এটা QR ক'ড উল্লেখ কৰা পৰিলক্ষিত হৈছিল ।

QR ক’ডটো এবাৰ স্কেন কৰিলে ই কংগ্ৰেছে শেহতীয়াকৈ মুকলি কৰা পেৰ’ডি "৪০ শতাংশ কমিচনৰ চৰকাৰ" শীৰ্ষক ৱেবছাইটলৈ লৈ যাব । যদি কিবা অভিযোগ আছে, তেন্তে জনসাধাৰণক ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ দাখিল কৰিবলৈ কোৱা হয় । অৱশ্যে কৰ্ণাটক চৰকাৰে ইয়াক এক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি উল্লেখ কৰি অভিযোগসমূহক ভিত্তিহীন আখ্যা দিয়ে ।

লগতে পঢ়ক: সভাপতি নিৰ্বাচনৰ প্ৰচাৰত দেওবাৰে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব মল্লিকাৰ্জুন খাৰ্গেয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.