ETV Bharat / bharat

১৪ খন ৰাজ্যলৈ কোভেক্সিনৰ পোনপটীয়া যোগান ভাৰত বায়'টেকৰ - ভাৰত বায়'টেকে

ভাৰতৰ ১৪ খন ৰাজ্যলৈ পোনপটীয়াভাৱে কোভেক্সিনৰ যোগান ধৰিছে ভাৰত বায়'টেকে । ভাৰত বায়'টেকৰ যুটীয়া পৰিচালন সঞ্চালিকা সুচিত্ৰা এলাৰ মতে, প্ৰতিষ্ঠানটোৱে অন্ধ্ৰ প্ৰদেশ, অসম, ছট্টিশগড়, গুজৰাট, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, ওড়িশা, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগক ক'ভিড-১৯ৰ প্ৰতিষেধক কোভেক্সিন যোগান ধৰিছে ।

Bharat Biotech has commenced direct supply of Covaxin
ভাৰতৰ কেইবাখনো ৰাজ্যক "কোভাক্সিন"ৰ পোনপটীয়া যোগান ধৰিছে ভাৰত বায়'টেকে
author img

By

Published : May 10, 2021, 2:13 PM IST

নেশ্যনেল ডেস্ক, ১০ মে': বিগত ১ মে'ৰ পৰা ভাৰত বায়'টেকৰ পৰা কোভাক্সিনৰ পোনপটীয়া যোগান লাভ কৰিছে ভাৰতৰ ১৪ খন ৰাজ্যই । ভাৰত বায়'টেকৰ যুটীয়া পৰিচালন সঞ্চালিকা সুচিত্ৰা এলাই এই কথা জানিবলৈ দিছে । কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা আৱণ্টনৰ ওপৰত ভিত্তি কৰি ৰাজ্যসমূহক ক'ভিড-১৯ৰ প্ৰতিষেধক যোগান ধৰিছে প্ৰতিষ্ঠানটোৱে ।

এলাই টুইটযোগে কয় যে, কেইবাখনো ৰাজ্যই প্ৰতিষেধক যোগান ধৰিবলৈ ভাৰত বায়'টেকক অনুৰোধ জনাইছে । বৰ্তমান মজুত হৈ থকা প্ৰতিষেধকৰ ওপৰত ভিত্তি কৰি প্ৰতিষেধকবোৰ প্ৰেৰণ কৰা হ'ব । প্ৰতিষ্ঠানটোৱে বৰ্তমান অন্ধ্ৰ প্ৰদেশ, অসম, ছট্টিশগড়, গুজৰাট, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, ওড়িশা, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগক ক'ভিড-১৯ৰ প্ৰতিষেধক কোভেক্সিন যোগান ধৰিছে ।

যোৱা ২৯ এপ্ৰিলত, ভাৰত বায়'টেকে ৰাজ্যসমূহৰ বাবে প্ৰতি পালি কোভেক্সিনৰ মূল্য পূৰ্বৰ ৬০০ টকাৰ পৰা ৪০০ টকালৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে । ইয়াৰ পিছত প্ৰতিষ্ঠানটোৰ মূল্য নিৰ্ধাৰণ নীতিক লৈ ব্যাপক সমালোচনা হৈছিল ।

কিয়নো, প্ৰতিষ্ঠানটোৱে কোভেক্সিনৰ প্ৰতিটো পালিৰ বাবদ কেন্দ্ৰীয় চৰকাৰৰ পৰা ১৫০ টকা লৈছিল । আনহাতে, যোৱা ১ মে'ৰ পৰা ভাৰতত ১৮-৪৪ বছৰ বয়সৰ লোকক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক:ক’ভিড-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ তেলেংগানাত 50হাজাৰ চিকিৎসাকৰ্মী নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.