ETV Bharat / bharat

Rajya Sabha bye election 2022 : CPIM ৰ ভানু লাল সাহাৰ মনোনয়ন দাখিল - CPIM leader Narayan Kar slams BJP

ত্ৰিপুৰাৰ ৰাজ্যসভাৰ একমাত্ৰ আসনখনৰ বাবে অহা ২২ ছেপ্টেম্বৰত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ উপ নিৰ্বাচন (Tripura Rajya Sabha bye election 2022)। শুকুৰবাৰে চিপিআই(এম)ৰ প্ৰাক্তন মন্ত্ৰী তথা চিপিআই(এম)ৰ বিধায়ক ভানু লাল সাহাই মনোনয়ন দাখিল কৰে । বিৰোধী তথা শাসকীয় দলৰ বিধায়কসকলক চিপিআই(এম)ৰ পক্ষত থিয় দিবলৈ আহ্বান বাওঁমৰ্চাৰ আহ্বায়কৰ ।

Tripura
CPIMৰ ভানু লাল সাহাৰ মনোনয়ন দাখিল
author img

By

Published : Sep 9, 2022, 8:56 PM IST

আগৰতলা,৯ ছেপ্টেম্বৰ : অহা ২২ ছেপ্টেম্বৰত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ উপ নিৰ্বাচন (Tripura Rajya Sabha bye election 2022)। এই আসনখনত চিপিআই(এম) দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা চিপিআই(এম)ৰ বিধায়ক ভানু লাল সাহাই । শুকুৰবাৰে ৰাজ্যসভাৰ একমাত্ৰ আসনখনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ভানু লাল সাহাই (Bhanu Lal Saha filed nomination for Rajya sabha seat)।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ একমাত্ৰ সাংসদ আছিল ড৹ মানিক সাহা । কিন্তু শেহতীয়াকৈ সাহাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে ৰাজ্যসভাৰ আসমখন খালী হয় । ইফালে সাংবাদিকৰ সন্মুখত বাওঁমৰ্চাৰ আহ্বায়ক নাৰায়ণ কাৰে কয় যে ৫ মাহৰ ভিতৰত ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ'ব (CPIM leader Narayan Kar slams BJP)। তাৰ প্ৰাকক্ষণত পুনৰ ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাটো অতি দুৰ্ভাগ্যজনক ।

কাৰে কয় যে যোৱা এপ্ৰিলত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল কিন্তু পাঁচ মাহৰ ভিতৰত আসনখন পুনৰ খালী হৈ পৰে । শাসনাধিষ্ঠিত বিজেপিক সমালোচনা কৰি নেতাগৰাকীয়ে কয় যে, বিজেপিক পৰাস্ত কৰিবলৈ চিপিআই(এম) দলে যুঁজ দি যাব । ত্ৰিপুৰা বিধান সভাৰ সকলো সদস্যকে বিজেপিক পৰাস্ত কৰিবলৈ বাওঁ মৰ্চাক ভোট দিবলৈ তেওঁ আহ্বান জনায় ।

বিধান সভাত বিধায়ক থকা সকলো ৰাজনৈতিক দলকো বিশেষ আহ্বান জনাই কাৰে । তেওঁ কয় যে, বিজেপিক পৰাস্ত কৰিবলৈ সকলো দলৰে বিধায়কসকল আগবাঢ়ি আহিব লাগে । তেওঁ উল্লেখ কৰা মতে বিজেপিৰ মিত্ৰতা আইপিএফটিৰ সৈতে আছে ।

মিত্ৰতা থকাৰ পাছতো দলটোৱে বিজেপিৰ পৰা পৰ্যাপ্ত সন্মান লাভ কৰা নাই বুলি তেওঁ অভিযোগ কৰে । সেয়ে মিত্ৰ দলটোকো বিজেপিৰ বিৰুদ্ধে আগবাঢ়ি আহি চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ তেওঁ আহ্বান জনায় । তেওঁ অভিযোগ কৰা মতে বিজেপিৰ একাংশ বিধায়কেও পৰ্যাপ্ত সন্মান লাভ কৰা নাই আৰু তেওঁলোক সুখী নহয় । সেয়ে সেইসকল বিধায়ককো আগবাঢ়ি আহি বিজেপিৰ বিৰুদ্ধে থিয় দিবলৈ চিপিআই(এম)ৰ নেতাগৰাকীয়ে আহ্বান জনায় । অৱশ্যে তেওঁৰ এই আহ্বানৰ প্ৰতি বিধায়কসকলে কি ধৰণৰ সঁহাৰি সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :হায়দৰাবাদত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থকা সভাত অথন্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.