ETV Bharat / bharat

ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ভজনলাল শৰ্মাৰ - ভজনলাল শৰ্মা

Rajasthan CM Bhajan Lal Sharma : ৰাজস্থান চৰকাৰৰ আগন্তুক কাৰ্যকালৰ বাবে ভজনলাল শৰ্মাই এক বিশাল অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগতে দায়িত্বভাৰ গ্ৰহণ কৰে । তেওঁৰ লগতে শপত গ্ৰহণ কৰে দুগৰাকী উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী আৰু প্ৰেম চান্দ বৈৰৱাই । ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰীৰ বিষয়ে কেইটামান বিশেষ কথা জানো আহক ৷

Bhajanlal Sharma took oath
ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ভজনলাল শৰ্মাৰ
author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 2:25 PM IST

নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে ভজনলাল শৰ্মাই এক বিশাল অনুষ্ঠানত শপত গ্ৰহণ কৰে । তেওঁৰ লগতে বিজেপিয়ে উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত কৰা দিয়া কুমাৰী আৰু প্ৰেম চান্দ বৈৰৱায়ো পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত গ্ৰহণ কৰে । উল্লেখ্য যে, ২০০ খন আসনৰ ৰাজস্থান বিধানসভাৰ এইবাৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ১৯৯ খন আসনৰ ভিতৰত বিজেপিয়ে ১১৫ খন আসন জয়লাভ কৰি নিৰংকুশ বিজয় সাব্যস্ত কৰে ।

আনহাতে, নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিচৰে পৰা বসুন্ধৰা ৰাজেকে ধৰি বহু লোকৰ নাম মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে চৰ্চিত হৈ আছিল । কিন্তু দলটোৱে ভজনলাল শৰ্মাৰ ওপৰত আস্থা প্ৰকাশ কৰে ।

ভজনলাল শৰ্মাৰ বিষয়ে কেইটামান বিশেষ কথা :

- প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত জয়ী হৈ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা ভজনলাল শৰ্মাৰ বয়স ৫৬ বছৰ ।

- ভজনলাল শৰ্মা ৰাজ্যিক বিজেপি সংগঠনত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়োৱা সাধাৰণ কৰ্মীসকলৰ এজন হিচাপে পৰিচিত ।

- নৱনিযুক্ত মুখ্যমন্ত্ৰী ভজনলাল ৰাজস্থান বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকো । তেওঁ এতিয়ালৈকে চাৰিবাৰ সাধাৰণ সম্পাদক পদৰ দায়িত্ব পালন কৰা নেতাসকলৰ মাজৰ এজন ।

- ভজনলাল শৰ্মা বিজেপি নেতাসকলৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰো অতি ঘনিষ্ঠ । তেওঁ দল আৰু সংঘ দুয়োৰে মাজত ভাল সম্পৰ্ক থকাৰ বাবে এক ডাঙৰ সুবিধা পাইছে ।

- বিজেপিয়ে এইবাৰ জয়পুৰৰ চাংগানেৰ আসনৰ পৰা ভজনলাল শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল । তাত তেওঁক বিদায়ী বিজেপি বিধায়ক অশোক লাহোটিৰ স্থানত টিকট প্ৰদান কৰিছিল ।

- ভজনলাল শৰ্মাই কংগ্ৰেছ প্ৰাৰ্থী পুষ্পেন্দ্ৰ ভৰদ্বাজক ৪৮,০৮১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি চাংগানেৰ আসনত জয়লাভ কৰে । তেওঁ মুঠ ১ লাখ ৪৫ হাজাৰ ১৬২ টা ভোট লাভ কৰিছিল । নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা ভজনলাল শৰ্মাই ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে ।

- ভজনলাল শৰ্মাৰ ১.৫ কোটি টকাৰ সম্পত্তি আছে । তেওঁৰ ৪৩.৬০ লাখ টকাৰ স্থাৱৰ সম্পত্তি আৰু এক কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে ।

- ভজনলালৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰো ৰুজু কৰা হৈছে । এই গোচৰটো এজন চৰকাৰী কৰ্মচাৰীক তেওঁৰ কৰ্তব্য পালন কৰাত বলপূৰ্বক বাধা দিয়াৰ সৈতে সম্পৰ্কিত ।

- ভজনলাল শৰ্মা ব্ৰাহ্মণ সম্প্ৰদায়ৰ । ৰাজস্থানৰ জনসংখ্যাৰ প্ৰায় ৭ শতাংশ এই সমাজৰ অন্তৰ্ভুক্ত । এনে পৰিস্থিতিত এই সম্প্ৰদায়ৰ পৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পাতি বিজেপিয়ে এই সমাজৰ ভোট বেংক লাভ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছে ।

লগতে পঢ়ক : গঠনৰ দিশে ৰাজস্থানৰ নতুন চৰকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.