ETV Bharat / bharat

Better late than never: এখন বিদ্যালয়ত এগৰাকী 78 বছৰীয়া ছাত্ৰ; সকলোকে অনুপ্ৰাণিত কৰা কোন এইগৰাকী ব্যক্তি ?

author img

By

Published : Aug 3, 2023, 7:24 PM IST

মিজোৰামৰ এগৰাকী 78 বছৰীয়া ব্যক্তি সম্প্ৰতি সকলোৰে বাবে হৈ পৰিছে আদৰ্শ ৷ কাৰণ এই বৰ্ষীয়ান ব্যক্তিগৰাকীয়ে প্ৰমাণ কৰি দেখুৱাইছে যে সপোন পূৰণ কৰাত বয়স কেতিয়াও বাধা হ’ব নোৱাৰে ৷

Better late than never
Better late than never

নেশ্যনেল ডেস্ক, 3 আগষ্ট: যি সময়ত তেওঁৰ বয়সৰ বৃদ্ধ লোকসকলে বিশ্ৰাম লয় আৰু নিজৰ নাতি-নাতিনীৰ সৈতে সময় পাৰ কৰে, তেনে সময়তে এগৰাকী ব্যক্তিয়ে দেখুৱাইছে এক আদৰ্শ ৷ মিজোৰামৰ এইগৰাকী ব্যক্তিয়ে এতিয়া সকলোকে আচৰিত কৰি তুলিছে ৷ কাৰণ এই বৃদ্ধি ব্যক্তিগৰাকীয়ে প্ৰমাণ কৰি দেখুৱালে যে ‘Better late than never' ৷ অৰ্থাৎ কেতিয়াও নোহোৱাতকৈ পলমকৈয়ে ভাল ৷

সকলোৰে অনুপ্ৰেৰণা হৈ পৰা এই বৰ্ষীয়ান ব্যক্তিগৰাকী মিজোৰামৰ 78 বছৰীয়া লালৰিংথাৰা ৷ ১৯৪৫ চনত মিজোৰামৰ চম্পাই জিলাৰ হৰুইকান গাঁৱত জন্ম হৈছিল লালৰিংথাৰা ৷ শৈশৱ কালতে পিতৃক হেৰুৱাই জীৱনৰ পৰৱৰ্তী কালছোৱা মাতৃৰ সৈতে অতিবাহিত কৰে আৰু মাতৃক সহায়ৰ হাত আগবঢ়াবলৈ আৰম্ভ কৰে ৷

যাৰ বাবে তেওঁ পঢ়া-শুনা আধাতে সাং কৰিব লগা হৈছিল ৷ তেওঁ মাতৃভাষাত পঢ়িবলৈ আৰু লিখিবলৈ আৰম্ভ কৰাৰ পাচত এগৰাকী নিৰাপত্তা কৰ্মী (Security Guard) হিচাবে কাম আৰম্ভ কৰে ৷ এনেদৰেই তেওঁ জীৱনৰ অধিকাংশ সময় পাৰ কৰে ৷ অৱশ্যে তেওঁৰ শিকাৰ প্ৰতি আগ্ৰহ আছিল অপৰিসীম ৷ বিশেষকৈ ইংৰাজী শিকাৰ প্ৰতি আগ্ৰহী আছিল লালৰিংথাৰা ৷

সেয়েহে তেওঁ শেহতীয়াকৈ বিদ্যালয়লৈ যোৱাৰ সিদ্ধান্ত লয় আৰু নাম ভৰ্তি কৰে ৷ বৰ্তমান 78 বছৰীয়া লালৰিংথাৰা এখন চৰকাৰী বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত ৷ প্ৰতিদিনে তেওঁ কান্ধত এটা মোনা লৈ আন আন ছাত্ৰ-ছাত্ৰীসকলৰ দৰেই বিদ্যালয়লৈ যায় ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত লালৰিংথাৰাই কয় যে তেওঁৰ মূল লক্ষ্য হৈছে ইংৰাজীত আবেদন লিখা আৰু টিভিত ইংৰাজী বাতৰি বুজি পোৱা ৷ লালৰিংথাৰা আন আন শিক্ষাৰ্থীসকলৰ লগতে শিক্ষকসকলৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণা হৈ পৰিছে ৷ কিয়নো এই বয়সতো শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰাটো সঁচাকৈয়ে সকলোৰে বাবে এক আদৰ্শ ৷ লালৰিংথাৰাই প্ৰমাণ কৰিলে যে সপোন পূৰণ কৰাত বয়স কেতিয়াও বাধা হ’ব নোৱাৰে ৷

লগতে পঢ়ক: Manipur Violence: মণিপুৰৰ কংভাই অঞ্চলত সেনা আৰু আৰ এ এফৰ গুলীচালনা; আহত 20 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.