ETV Bharat / bharat

Bengaluru shocking incident : প্ৰথমে পত্নী আৰু দুই কন্যাক হত্যা, ৩ দিন পাছত আত্মহত্যা বিজয়ৰ

author img

By

Published : Aug 5, 2023, 7:39 PM IST

অন্ধ্ৰপ্ৰদেশৰ বীৰজুন বিজয় নামৰ লোকজনে ৩১ আগষ্টত পত্নীক হত্যা কৰে । ১ আগষ্টত দুই কন্যাক হত্যা কৰে । মৃতদেহ কেইটাৰ সৈতে ৩ দিন কটোৱাৰ পাছত বিজয়েও আত্মহত্যা কৰে । এপাৰ্টমেণ্টৰ ভিতৰত চাৰিওটা মৃতদেহ উদ্ধাৰ ।

Bengaluru shocking incident
প্ৰথমে পত্নী আৰু দুই কন্যাক হত্যা, ৩ দিন পাছত আত্মহত্যা বিজয়ৰ

নেশ্যনেল ডেস্ক,৫ আগষ্ট : কৰ্ণাটকৰ বেংগালুৰুত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । এপাৰ্টমেণ্টৰ কোঠাত উদ্ধাৰ এটা পৰিয়ালৰ ৪ সদস্যৰ মৃতদেহ । পৰিয়ালটোৰ মুৰব্বীয়ে পত্নীসহ ২ সন্তানক হত্যা কৰি পাছত আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে । ৩ আগষ্টত আৰক্ষীয়ে আটাইকেইজনৰে মৃতদেহ উদ্ধাৰ কৰে ।

আৰক্ষীয়ে জনোৱা মতে পৰিয়ালটোৰ মুৰব্বী অন্ধ্ৰপ্ৰদেশৰ এগৰাকী ছফ্টৱেৰ পেছাদাৰী আছিল । যিয়ে আত্মহত্যা কৰাৰ পূৰ্বে তেওঁৰ পত্নী আৰু দুই কন্যাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । বৃহস্পতিবাৰে চহৰখনৰ কাদুগোড়ি আৰক্ষী থানাৰ অন্তৰ্গত চিগেহাল্লিৰ এটা এপাৰ্টমেণ্টত মৃতদেহবোৰ উদ্ধাৰ হোৱাৰ লগে লগে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

অভিযোগ অনুসৰি ৩১ বছৰীয়া ছফ্টৱেৰ পেছাদাৰী বীৰজুন বিজয়ে তেওঁৰ পত্নী ২৯ বছৰীয়া হেমাৱতী আৰু দুই কন্যা ক্ৰমে ডেৰ বছৰীয়া মোক্ষ মেঘা নয়না আৰু ৮ মহীয়া সুনয়নাক প্ৰথমে হত্যা কৰিছে । পত্নী আৰু দুই কন্যাৰ মৃতদেহৰ সৈতে তেওঁ ৩ দিন কোঠাটোত কটাইছে । তাৰ পাছতে বিজয়ে আত্মহত্যা কৰিছে । জানিব পৰা মতে ৬ বছৰ পূৰ্বে বিজয়ে হেমাৱতীক বিয়া কৰাইছিল ।

বিজয়ে কুণ্ডলাহাল্লিত অৱস্থিত এটা ছফ্টৱেৰ কোম্পানীত তেওঁৰ দলটোক নেতৃত্ব দি আছিল । তেওঁ কেইবছৰমান পূৰ্বে শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰিছিল আৰু বৃহৎ লোকচানৰ সন্মুখীন হৈছিল । তেওঁ ঋণ লৈছিল আৰু শ্বেয়াৰত বিনিয়োগ কৰিছিল । কিন্তু বিজয়ে ঋণত ডুব গৈছিল আৰু এক গুৰুতৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছিল । বিজয়ৰ ম'বাইল ফোন আৰু লেপটপ পৰীক্ষা কৰাৰ পাছতে দেখা গৈছিল যে তেওঁ শ্বেয়াৰ ট্ৰেডিঙত জড়িত আছিল আৰু লোকচানৰ সন্মুখীন হৈছিল ।

৩ আগষ্টত বিজয়ৰ পৰিয়ালটো থকা এপাৰ্টমেণ্টটোৰ পৰা দুৰ্গন্ধ ওলোৱাত চুবুৰীয়াসকলৰ সন্দেহ হয় । লগে লগে তেওঁলোকে আৰক্ষীক অৱগত কৰে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এপাৰ্টমেণ্টত প্ৰৱেশ কৰে আৰু ভিতৰত মৃতদেহ কেইটা প্ৰত্যক্ষ কৰে । হেমাৱতী আৰু দুই কন্যাৰ মৃতদেহ শোৱনি কোঠাৰ মজিয়াত পৰি আছিল । আৰক্ষীয়ে জনোৱা মতে হেমাৱতীৰ মৃতদেহটো প্ৰায় গেলি গৈছিল ।

ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে যে প্ৰথমে হেমাৱতী আৰু তাৰ পাছত দুই কন্যাৰ মৃত্যু হয় । আৰক্ষীয়ে সন্দেহ কৰা মতে ৩১ জুলাইত বিজয়ে তেওঁৰ পত্নীক হত্যা কৰে । তাৰ পাছত ১ আগষ্টত দুই সন্তানক হত্যা কৰে । মৃতদেহবোৰৰ সৈতে তিনিদিন কটোৱাৰ পাছত অৱশেষত তেওঁ ৩ আগষ্টত আত্মহত্যা কৰে । মৰণোত্তৰ পৰীক্ষাৰ অন্তত শুকুৰবাৰে পৰিয়ালৰ আন সদস্যসকলক মৃতদেহকেইটা হস্তান্তৰ কৰা হয় । কাদুগোড়ি আৰক্ষীয়ে জনোৱা মতে পৰিয়ালৰ লোকে মৃতদেহকেইটা অন্ধ্ৰপ্ৰদেশলৈ লৈ গৈছে ।

লগতে পঢ়ক :Lakhimpur news : মৃত্যুদূতৰ লগতে অপকৰ্মৰো থলীলৈ পৰ্যবসিত লখিমপুৰ বাইপাচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.