নেশ্য়নেল ডেস্ক, 20 ডিচেম্বৰ: অসমীয়াত এষাৰ কথা আছে, এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ আমি সততে ধন বিনিয়োগৰ নামত প্ৰৱঞ্চনাৰ বলি হোৱাৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি শুনি আহিছো ৷ এইবাৰ বেংগালুৰুত সংঘটিত হৈছে এনে ঘটনা ৷
বিনিয়োগ কৰা ধন দুগুণ কৰি ঘূৰাই দিয়াৰ প্ৰলোভনেৰে 7 শতাধিক লোকৰ লগত 25 কোটি টকাৰ প্ৰৱঞ্চনা এটা দম্পতীৰ ৷ এই ঘটনাৰ লগত জড়িত এতিয়ালৈকে দুজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ অভিযুক্ত প্ৰদীপ আৰু বসন্ত কুমাৰ নামৰ লোক দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷
ঘটনা বিৱৰণী অনুসৰি, অভিযন্তা এটা দম্পতীয়ে অতি কম সময়ৰ ভিতৰতে যথেষ্ট ধন উপাৰ্জন কৰিবলৈ মন মেলিছিল । সেই অনুসৰি, প্ৰদীপ আৰু তেওঁৰ পত্নী সৌম্যাই কোনানাকুন্তেত প্ৰম্য ইণ্টাৰনেশ্যনেল কোম্পানী নামেৰে এটা প্ৰতিষ্ঠান খুলিছিল ৷ প্ৰদীপৰ প্ৰ আৰু পত্নী সৌম্যাৰ নামৰ ম্য আখৰ যোগ কৰি এই প্ৰতিষ্ঠানটোৰ নামকৰণ হয় ৷ তাৰ পিচতে দম্পতীটোৱে এটা ৱেবছাইটো খুলিছিল। তেওঁলোকে বিজ্ঞাপন দিছিল যে যদি কোনোৱে ৱেবছাইটটোত ধন বিনিয়োগ কৰে, তেনেহ’লে তাৰ দুগুণ ধন ঘূৰাই পাব ৷
দম্পতীটোৱে ৰাইজক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্য়ৰে কোম্পানীটো অবৈধভাৱে পঞ্জীয়ন কৰিছিল ৷ দম্পতীটোৱে লগতে উল্লেখ কৰে যে, কাম আমাৰ আৰু টকা আপোনাৰ ৷ বিজ্ঞাপনটোত লগতে উল্লেখ আছিল যে, তেওঁলোকে প্ৰতি মাহে বিনিয়োগৰাকীৰ ধনৰ 2.5% সূত দিব।
বিজ্ঞাপনটো দেখাৰ পিচত প্ৰতিষ্ঠানটোত ৰাইজে ধন বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছিল । আৰক্ষীৰ তথ্য অনুসৰি, দম্পতীটোৱে 700 ৰো অধিক লোকৰ পৰা প্ৰায় 25 কোটি সংগ্ৰহ কৰিছে ।
লক্ষণীয় যে, বসন্ত কুমাৰ নামৰ প্ৰদীপৰ এজন বন্ধুৱে তেওঁক এটা কোম্পানী খুলি ধন বিনিয়োগ কৰাৰ প্ৰতিষ্ঠান খোলাৰ পৰামৰ্শ দিছিল। বসন্তই নিজেও বহুতো লোকক আনি ধন বিনিয়োগ কৰাইছিল ৷ দম্পতীটোৱে ক্ৰমান্বয়ে কোনানাকুন্তে আৰু জে.পি. নগৰত দুটা শাখা খুলি দিছিল ৷
তাৰ পিচতে মহানগৰ অপৰাধ শাখাৰ বিত্তীয় অপৰাধ বিভাগৰ বিষয়াসকলে কোম্পানীটোৱে কৰা প্ৰৱঞ্চনাৰ সন্দৰ্ভত এক অভিযোগ লাভ কৰিছিল ৷ ইয়াৰ পিচতে মহানগৰ অপৰাধ শাখাই পুংখানুপুংখভাৱে তদন্ত চলায় ।
বৰ্তমান, ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিসমূহ জব্দ কৰা হৈছে। গোচৰটোৰ আন এগৰাকী অভিযুক্ত সৌম্যা বৰ্তমান পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে অচিৰেই সৌম্যাকো কৰায়ত্ত কৰাৰ উদ্দেশ্যে অভিযান খৰতকীয়া কৰিছে ৷
লগতে পঢ়ক: পশ্চিম কামৰূপ বন সংমণ্ডলত অবাধ বন ধ্বংসযজ্ঞ