ETV Bharat / bharat

মাতৃৰ বেগত ওলাল ৪ বছৰীয়া পুত্ৰৰ মৃতদেহ ! এআই ষ্টাৰ্টআপৰ মুখ্য কাৰ্যবাহী বিষয়াক গ্ৰেপ্তাৰ - এআই ষ্টাৰ্টআপ

Suchana Seth Case : গোৱা আৰক্ষীয়ে ইতিমধ্যে সোমবাৰে কৰ্ণাটকৰ চিত্ৰদুৰ্গাত অভিযুক্ত সুচনা শেঠক গ্ৰেপ্তাৰ কৰে । অৱশ্যে হত্যাৰ আঁৰৰ উদ্দেশ্য সন্দৰ্ভত এতিয়াও একো জানিব পৰা হোৱা নাই বুলি এগৰাকী আৰক্ষী বিষয়াই জনায় ।

মাতৃৰ বেগত ওলাল ৪ বছৰীয়া পুত্ৰৰ মৃতদেহ
মাতৃৰ বেগত ওলাল ৪ বছৰীয়া পুত্ৰৰ মৃতদেহ
author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 5:06 PM IST

নিউজ ডেস্ক, ৯ জানুৱাৰী : ষ্টাৰ্ট-আপ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে ৪ বছৰীয়া পুত্ৰক হত্যাৰ অভিযোগ । ৩৯ বছৰীয়া সুচনা শেঠ নামৰ মহিলাগৰাকীয়ে গোৱাত তেওঁৰ পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । আনহাতে, হত্যাৰ পিছত তেওঁ মৃতদেহটো লৈ কৰ্ণাটকলৈ যাত্ৰা কৰা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

গোৱা আৰক্ষীয়ে ইতিমধ্যে সোমবাৰে কৰ্ণাটকৰ চিত্ৰদুৰ্গত অভিযুক্ত সুচনা শেঠক গ্ৰেপ্তাৰ কৰে । অৱশ্যে হত্যাৰ আঁৰৰ উদ্দেশ্য সন্দৰ্ভত এতিয়াও একো জানিব পৰা হোৱা নাই বুলি এগৰাকী আৰক্ষী বিষয়াই জনায় ।

ইফালে সুচনা শেঠৰ লিংকডইন পেজ অনুসৰি, তেওঁ হৈছে দ্য মাইণ্ডফুল এআই লেব নামৰ এটা ষ্টাৰ্ট-আপৰ মুখ্য কাৰ্যবাহী বিষয়া । 2021 চনত তেওঁ এআই এথিক্সত 'শীৰ্ষ 100 প্ৰতিভাৱান মহিলা'ৰ তালিকাত আছিল । ৬ জানুৱাৰীত তেওঁ পুত্ৰৰ সৈতে উত্তৰ গোৱাৰ কেণ্ডোলিমত এটা ভাড়াত পোৱা এপাৰ্টমেণ্টত প্ৰৱেশ কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

তাত দুদিন থকাৰ পিছত এপাৰ্টমেণ্টটোৰ কৰ্মচাৰীসকলক কিবা কামৰ বাবে বেংগালুৰুলৈ যাবলৈ টেক্সীৰ ব্যৱস্থা কৰিবলৈ কয় । অৱশ্যে কৰ্মচাৰীসকলে তেওঁক পৰামৰ্শ দিছিল যে তেওঁ বেংগালুৰুলৈ বিমানত যাব পাৰে । কিয়নো বিমানতকৈ টেক্সী ভাড়া অতি বেছি । কিন্তু অভিযুক্তই টেক্সীৰে ভ্ৰমণ কৰিব বুলি জনাইছিল আৰু সোমবাৰে এখন টেক্সীত উঠি পুৱা ওলাই গৈছিল ।

কিন্তু তেওঁৰ প্ৰস্থানৰ পিছত এপাৰ্টমেণ্টটোৰ কৰ্মচাৰীসকলে তেওঁৰ কোঠাটো পৰিষ্কাৰ কৰিবলৈ যোৱাত টাৱেল এখনত তেজৰ দাগ প্ৰত্যক্ষ কৰে । এই বিষয়ে এপাৰ্টমেণ্টটোৰ কৰ্তৃপক্ষক জনোৱাত তেওঁলোকে লগে লগে কেলাঙ্গুট আৰক্ষীক ঘটনাটো অৱগত কৰে । এই তথ্য লাভৰ লগে লগে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় ।

কৰ্মচাৰীসকলে লগতে এই কথাও জনায় যে মহিলাগৰাকীৰ চাৰি বছৰীয়া পুত্ৰক এপাৰ্টমেণ্টৰ পৰা ওলাই যোৱাৰ সময়ত তেওঁৰ সৈতে দেখা পোৱা নাছিল । আনহাতে, তেওঁ এটা অস্বাভাৱিকভাৱে গধুৰ মোনাও লগত লৈ গৈছিল । ইয়াৰ পিছত আৰক্ষীয়ে সুচনা শেঠক ফোন কৰে আৰু তেজৰ দাগ আৰু তেওঁৰ পুত্ৰৰ বিষয়ে সোধাপোছা কৰে ।

"সুচনা শেঠে আমাক কৈছিল যে তেজৰ দাগবোৰ তেওঁৰ মাহিলী ঋতুস্ৰাৱৰ বাবে হৈছিল । তেওঁ আমাক এইটোও কৈছিল যে তেওঁৰ পুত্ৰ মাৰগাৱত (দক্ষিণ গোৱাত) তেওঁৰ বন্ধুৰ সৈতে আছে । তেওঁ বন্ধুজনৰ ঠিকনাটোও দিয়ে ।" বিষয়াজনে কয় । ইয়াৰ পিছত আৰক্ষীয়ে ফাতোৰ্দা আৰক্ষীৰ (মাৰগাওৰ ওচৰত) সৈতে যোগাযোগ কৰি জানিব পাৰে যে সুচানা শেঠে দিয়া ঠিকনাটো ভুৱা ।

লগে লগে আৰক্ষীয়ে টেক্সিচালকজনৰ সৈতে ফোনযোগে কথা পাতে। সেই সময়ত তেওঁলোক বাংগালুৰুলৈ যাত্ৰাপথত কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত উপস্থিত হৈছিল । লগে লগে চালকজনক অভিযুক্তক লৈ নিকটতম আৰক্ষী চকীলৈ যাবলৈ নিৰ্দেশ দিয়ে ।

তাৰ পিছত সোমবাৰে আবেলি গোৱা আৰক্ষীৰ অনুৰোধৰ পিছত চিত্ৰদুৰ্গা জিলাৰ হিৰিয়ুৰ তালুকৰ আয়ামঙ্গলা আৰক্ষীয়ে তেওঁক আটক কৰে।

আনহাতে, আৰক্ষীয়ে বাহনখনত তালাচী চলাই শিশুটোৰ মৃতদেহটো উদ্ধাৰ কৰে । ইফালে গোৱা আৰক্ষী গৈ উপস্থিত নোহোৱা পৰ্যন্ত তেওঁক জিম্মাত লয় । কালাঙ্গুট আৰক্ষীৰ এটা দলো চিত্ৰদুৰ্গালৈ যায় আৰু হিৰিয়ুৰৰ দণ্ডাধীশৰ সন্মুখত সুচানা শেঠক হাজিৰ কৰি ট্ৰেঞ্জিট ৰিমাণ্ডত লৈ তেওঁক গোৱালৈ লৈ যোৱা হয় । ঘটনা সন্দৰ্ভত তদন্ত চলি আছে । লগতে বৰ্তমান জাকাৰ্টাত থকা সুচানা শেঠৰ স্বামী নেংকট ৰমণৰ সৈতেও যোগাযোগ কৰা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক :ইডিৰ অভিযোগনামাত লালু যাদৱৰ পত্নী-কন্যাৰ নাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.