ETV Bharat / bharat

Bengal Panchayat Polls 2023: পশ্চিম বংগত নিৰ্বাচনী হিংসা; প্ৰহৃত হ’ল ইটিভি ভাৰতৰ সাংবাদিক

পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনত ব্যাপক নিৰ্বাচনী হিংসা ৷ হিংসাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 15 জনলৈ ৷ শাসকীয় দল তৃণমূল কংগ্ৰেছৰ 8 জন কৰ্মীৰ মৃত্যু ৷ ইটিভি ভাৰতৰ সাংবাদিককো আক্ৰমণ ৷

author img

By

Published : Jul 8, 2023, 8:40 PM IST

Bengal Panchayat Polls 2023:olls 2023:
Bengal Panchayat Polls 2023

নেশ্যনেল ডেস্ক, 8 জুলাই: একাধিক হিংসাত্মক ঘটনাৰ মাজৰে শনিবাৰে সম্পন্ন হ’ল পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ ৰাজ্যখনৰ বীৰভূমত পঞ্চায়ত ভোট গ্ৰহণ চলি থকাৰ মাজতে সূত্ৰপাত হয় হিংসাৰ ৷ ইটিভি ভাৰতৰ সাংবাদিককো আক্ৰমণ দুৰ্বৃত্তৰ ৷

পঞ্চায়তটোত বাতৰি সংগ্ৰহৰ বাবে উপস্থিত হৈছিল ইটিভি ভাৰতৰ সাংবাদিক অভিশেক দত্ত ৰয় ৷ পঞ্চায়তটোত সংঘটিত হৈ থকা হিংসাত্মক ঘটনাৰ ভিডিঅ’ কৰি থকাৰ সময়তে দুৰ্বৃত্তই প্ৰহাৰ কৰে সাংবাদিক অভিশেক দত্ত ৰয়ক ৷ এই আক্ৰমণ গুৰুতৰভাৱে আহত হয় সাংবাদিকগৰাকী ৷ আনহাতে সেই স্থানত উপস্থিত থকা ইন্দ্ৰজিৎ ৰ’গে নামৰ আন এজন সাংবাদিককো দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে ৷

সাংবাদিক দুগৰাকীৰ কাপোৰ ফালি পেলোৱাৰ লগতে বাঁহৰ লাঠিৰে প্ৰহাৰ কৰা হয় ৷ দুয়োৰে ম’বাইলফোন কাঢ়ি নিয়াৰো চেষ্টা চলায় দুৰ্বৃত্তই ৷ উল্লেখ্য যে ভোট গ্ৰহণ কেন্দ্ৰটোৰ নিৰাপত্তাৰ দায়িত্বত আছিল কেৱল দুগৰাকী নিৰস্ত্ৰ মহিলা আৰক্ষী জোৱান ৷

অভিযোগ অনুসৰি, কিছু দুৰ্বৃত্তই বীৰভূমৰ ইলামবজাৰৰ 90 আৰু 91 নং বুথত ৰিগিং সংঘটিত কৰিছিল আৰু সেই দৃশ্য নিজৰ কেমেৰাত বন্দী কৰাৰ চেষ্টা কৰিছিল সাংবাদিকদ্বয়ে ৷ আক্ৰমণৰ পাচতেই কোনো মতে নিজৰ প্ৰাণ ৰক্ষা কৰি সেই ত্যাগ কৰিবলৈ সক্ষম হয় দুয়োগৰাকী সাংবাদিকে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে সাংবাদিক দুগৰাকীয়ে ৷

উল্লেখ্য যে নিৰ্বাচনী হিংসাত পশ্চিম বংগৰ বিভিন্ন স্থানত 15 জনকৈ লোকৰ মৃত্যু হয় ৷ লগতে বোমা বিস্ফোৰণো সংঘটিত হৈছিল ৷ নিহতসকলৰ ভিতৰত আছে আঠজন শাসকীয় দল তৃণমূল কংগ্ৰেছৰ কৰ্মী ৷ আনহাতে বিজেপি, চিপিআই(এম), কংগ্ৰেছ আৰু আইএছএফৰ এজনকৈ কৰ্মী নিহত হয় ৷

ইটিভি ভাৰতে লাভ কৰা তথ্য অনুসৰি, মুৰ্শিদাবাদত কমেও পাঁচজন, কুচবিহাৰত তিনিজন, উত্তৰ দিনাজপুৰ আৰু পূব বৰ্ধমানত দুজন কৈ আৰু দক্ষিণ ২৪ পৰগণা, মালদা আৰু নাদিয়া জিলাত এজনকৈ লোক নিহত হয় ৷

লগতে পঢ়ক: WB Panchayat Elections 2023 : পশ্চিমবংগত ভোটদানৰ মাজত অব্যাহত আছে নিৰ্বাচনী হিংসা: ৭ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.