নেচনেল ডেস্ক, 23 এপ্ৰিল : আমাৰ দেশখনত ধৰ্মই সদায়েই লাভ কৰি আহিছে বিশেষ গুৰুত্ব ৷ বিভিন্ন সময়ত ধৰ্মৰ বাবেই দেশখনৰ লোকসকলে কৰা কৰ্ম-কাণ্ডই দখল কৰ আহিছে সংবাদ শিৰোনাম ৷ ইয়াৰোপৰি একেবাৰেই সাধাৰণভাৱে দেখা যায় প্ৰায় প্ৰতিটো ধৰ্মৰ ধৰ্মালম্বী লোকসকলে আগবঢ়াই আহিছে ধৰ্মীয় অনুষ্ঠান সমূহলৈ দান-বৰঙণি ৷ ইয়াৰ মাজতে এটা মন্দিৰলৈ বৰঙণি আগবঢ়াই এতিয়া এক প্ৰকাৰৰ চেলিব্ৰেটী হৈ পৰিছে এগৰাকী বৃদ্ধা ৷
পিছে, দান-বৰঙণি আগবঢ়াই চৰ্চা লাভ কৰি মহিলা গৰাকী নহয় কোনো আঢ্যৱন্ত মহিলা ৷ মন্দিৰৰ বাহিৰত ভিক্ষা কৰি জীৱন কটোৱা অশ্বত্তাম্ম নামৰ এইগৰাকী ৮০ বছৰীয়া মহিলাই এতিয়া কৰ্ণাটকৰ পোলালী গাঁৱৰ ৰাজা ৰাজেশ্বৰী মন্দিৰলৈ (Polali Raja Rajeshwari Temple ) আগবঢ়াইছে এক লাখ টকাৰ বৰঙণি (Beggar Woman donates one lakh rupees to temple) ৷
মন কৰিব লগীয়া যে, এই ধন তেওঁ ভিক্ষা কৰিয়েই সংগ্ৰহ কৰিছে । জানিব পৰা মতে, তেওঁ এগৰাকী আয়াপ্পা স্বামীৰ ভক্ত ।
বেছিভাগ সময়তে তাই আয়াপ্পা স্বামীৰ মালা পিন্ধে আৰু ঈশ্বৰ আয়াপ্পাৰ সেৱা কৰি আহিছে । তেওঁৰ পৰিয়ালটোত যদিও দৰিদ্ৰতা আছে তেওঁ সেইবিষয়টো লৈ একেবাৰেই চিন্তিত নহয় । ইায়ৰ বিপৰীতে তেওঁ ঈশ্বৰৰ চিৰন্তন স্মৃতিৰে জীয়াই আছে, আৰু সদায়ে নিজৰ ধৰ্মীয় চেতনাক জীয়াই ৰাখিছে । স্বাভাৱিকতে মহিলাগৰাকীৰ জীৱন যাত্ৰা আৰু তেওঁ কৰা কাৰ্যই এতিয়া লাভ কৰিছে দেশ জুৰি চৰ্চা ৷
লগতে পঢ়ক : গৰুৰ গাড়ীত উঠি কইনা আনিবলৈ গ’ল চিকিৎসক দৰা