নেশ্যনেল ডেস্ক, 27 জানুৱাৰী: পাঠানৰ বিতৰ্ক মাৰ নৌযাওঁতেই বিবিচিৰ "India the Modi Question" শীৰ্ষক তথ্যচিত্ৰখনে দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে (BBC Documentary Controversy) ৷ 2002 চনত গুজৰাটত হোৱা সংঘৰ্ষৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে ছবিখন (Screening of BBC documentary)৷
বৃহস্পতিবাৰে সন্ধিয়া হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনে (এছএফআই) তথ্যচিত্ৰখনৰ এক দৰ্শনীৰ আয়োজন কৰিছিল (pm modi documentary screening in hyderabad ) ৷ ইয়াৰ পিচতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) ছাত্ৰ শাখা এবিভিপিয়ে বিশ্ববিদ্যালয় চৌহদত বিতৰ্কিত ছবি 'দ্য কাশ্মীৰ ফাইলছ'ৰ এটা দৰ্শনী প্ৰদৰ্শন কৰে । এছএফআইয়ে সামাজিক মাধ্যমৰ জৰিয়তে এক পোষ্ট শ্বেয়াৰ কৰি উল্লেখ কৰিছিল যে গণতন্ত্ৰ দিৱসৰ উপলক্ষে এছএফআইৰ আহ্বানত 'ইণ্ডিয়া: দ্য মোডী কুৱেশ্যন'ৰ সফল প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে । এই পোষ্টৰ পিচতে এবিভিপিৰ প্ৰচাৰ আৰু প্ৰচেষ্টা বিফল কৰি 400 ৰো অধিক শিক্ষাৰ্থীয়ে মোডীৰ বিতৰ্কিত তথ্যচিত্ৰখন চাবলৈ আহিছিল । তথ্যচিত্ৰখনৰ সফল প্ৰদৰ্শনৰ পিছতে এছএফআইয়ে ছাত্ৰ সমাজক অভিবাদন জনাই ছাত্ৰ-ছাত্ৰীসকলৰ মত প্ৰকাশ কৰি গণতন্ত্ৰৰ হকে থিয় দিবলৈ আহ্বনা জনায় (hyderabad university pm modi documentary) ৷
ইয়াৰে প্ৰত্যুত্তৰত শুকুৰবাৰে এবিভিপিৰ শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় চৌহদত 'দ্য কাশ্মীৰ ফাইলছ'ৰ প্ৰদৰ্শন কৰাৰ কথা মনস্থ কৰে। এই ঘোষণাৰ পিছতে দুয়োটা ছাত্ৰ গোটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় (Uproar in SFI and ABVP students clash) ৷
ইফালে জামিয়া মিলিয়া ইছলামিয়াই ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ অনুৰোধত শুক্ৰবাৰে শ্ৰেণী সমূহ স্থগিত ৰখাৰ এক বিবৃতি জাৰি কৰিছিল ৷ স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি জামিয়া মিলিয়া ইছলামিয়াৰ উপাচাৰ্যগৰাকীয়ে অনুষদৰ সদস্য আৰু শিক্ষাৰ্থীসকলৰ অনুৰোধত অনুমোদন জনাইছে যে বিশ্ববিদ্যালয়ৰ বিদ্যালয়কে ধৰি সকলো শ্ৰেণী শুকুৰবাৰ অৰ্থাৎ 27.01.2023 তাৰিখে বন্ধ কৰি ৰখা হ’ব ৷ অৱশ্যে বিশ্ববিদ্যালয়ৰ সকলো কাৰ্যালয়ে প্ৰতিদিনৰ দৰে খোলা থাকিব ৷
শেহতীয়াকৈ এই তথ্যচিত্ৰখনৰ প্ৰদৰ্শনৰ আলম লৈ বিভিন্ন বাওঁপন্থী সংগঠনৰ সদস্যসকলে বৃহস্পতিবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ) চৌহদত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ সৈতে জড়িত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এবিভিপি) বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । বাওঁপন্থী শিক্ষাৰ্থীসকলে দাবী কৰিছিল যে ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ ওপৰত বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰ প্ৰদৰ্শনৰ সময়ত তেওঁলোকৰ ওপৰত শিল নিক্ষেপ কৰা হৈছিল । ষ্টুডেণ্টছ ফেডাৰেচন অৱ ইণ্ডিয়া, ডেমক্ৰেটিক ষ্টুডেণ্টছ ফেডাৰেচন, অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ'চিয়েচন (এআইএছএ) আৰু অন্যান্য সংগঠনৰ বাওঁপন্থী শিক্ষাৰ্থীসকলে এবিভিপিৰ বিৰুদ্ধে শ্ল'গান দিছিল ।
এআইএছএৰ জেএনইউ গোটৰ সভাপতি কাছিমে কৈছিল যে, এবিভিপিৰ শিক্ষাৰ্থীসকলে গুণ্ডাগিৰি কৰি তথ্যচিত্ৰখনৰ প্ৰদৰ্শনৰ বাবে সমবেত হোৱা শিক্ষাৰ্থীসকলৰ ওপৰত শিল নিক্ষেপ কৰিছিল । এয়া হৈছে গুণ্ডামি ।
হায়দৰাবাদ বিশ্ববিদ্যালয়ত, এছ.এফ.আই.-য়ে বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰখন প্ৰদৰ্শন কৰিছিল । একে সময়তে, এবিভিপিয়ে 'দ্য কাশ্মীৰ ফাইলছ' বোলছবিখন প্ৰদৰ্শন কৰে। এই সময়ছোৱাত দুয়োটা দলৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষও হৈছিল। এতিয়া ডিইউৰ বাওঁপন্থী ছাত্ৰ সংগঠনসমূহেও তথ্যচিত্ৰখনৰ আজি সন্ধিয়া স্ক্ৰীণিং ঘোষণা কৰিছে। উল্লেখ্য যে ইতিমধ্য়ে কেন্দ্ৰীয় চৰকাৰে বিবিচিৰ তথ্যচিত্ৰ 'ইণ্ডিয়া: দ্য মোডী কুৱেশ্যন'ৰ প্ৰদৰ্শন নিষিদ্ধ কৰিছে।
লগতে পঢ়ক: BBC Modi documentary : মোদীৰ তথ্যচিত্ৰ প্ৰদৰ্শনক লৈ পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰ গোটৰ মাজত সংঘৰ্ষ