নিউজ ডেস্ক, 1 মে’ : ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ চাৰিখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ দেওবাৰে ৰাতিপুৱা ভোট গণনা আৰম্ভ হ'ব ৷ ভাৰতীয় নিৰ্বাচন আয়োগে (ইচিআই) ২৬ ফেব্ৰুৱাৰীত চাৰিখন ৰাজ্য - পশ্চিম বংগ, অসম, তামিলনাডু, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পণ্ডিচেৰীত বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছিল । প্ৰায় ১৮.৬৮ কোটি ভোটাৰে ৰাজ্য কেইখনৰ চৰকাৰ নিৰ্বাচনৰ বাবে ৮২৪ খন বিধানসভা আসনৰ বাবে ২.৭ লাখ ভোটকেন্দ্ৰত ভোটদান কৰে ৷ দেওবাৰে হ’বলগীয়া ভোট গণনাত চাৰিখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বহুতো প্ৰাৰ্থীৰ ভৱিষ্যত সন্মুখলৈ আহিব ৷
অসম
অসম বিধানসভাৰ মুঠ তিনিটা পৰ্যায়ত ১২৬ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল ।
মূল সমস্যা আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি
অসমত, বিগত পাঁচ বছৰ ধৰি বিজেপিৰ উন্নয়নৰ কাৰ্যসূচীৰ মাজত ভোটাৰৰ মনোভাৱ বিয়পি পৰে, যাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে দ্বিতীয় কাৰ্যকালৰ বাবে ভোট বিচাৰিছিল আৰু কংগ্ৰেছে উত্থাপন কৰা নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে ব্যাপক জনভাৱনাৰ সৃষ্টি হৈছে ।
মূল যুঁজ
অসমৰ নিৰ্বাচনত বেছিভাগ সমষ্টিতে বিজেপি আৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰাৰ্থীসমূহৰ মাজত পোনপটীয়া যুদ্ধৰ সম্ভাৱনা বেছি ৷ অসমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা মুখ্য প্ৰাৰ্থী সমুহৰ ভিতৰত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা, অসম গণ পৰিষদৰ অতুল বৰা, এআইইউডিএফৰ বদৰুদ্দিন আজমল, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰাইজৰ দলৰ সভাপতি তথা ‘কা’ বিৰোধী আন্দোলনৰ নেতা অখিল গগৈ, প্ৰাক্তন আছু নেতা লুৰিণজ্য়োতি গগৈ ইত্যাদি ৷
কি হ’ব পাৰে নিৰ্বাচনত-
এগজিট পোলসমুহ কিছু নিৰ্দিষ্ট ঠাইত নিৰ্বাচিত মানুহৰ মতামত লৈ কৰা হয় যদিও ই নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰত এশ শতাংশই শুদ্ধ হোৱা দেখা নাযায় ৷ ইটিভি ভাৰতৰ নিৰ্বাচনী সমীক্ষা মতে বিজেপি মিত্ৰজোঁটে 126 টা সমষ্টিৰ ভিতৰত 64 আসন দখল কৰিবলৈ সক্ষম হ’ব ৷ আনহাতে কংগ্ৰেছৰ মহাজোঁটে 55 খন আসন দখল কৰিব ৷ এই সমিক্ষাৰ মতে বাকী 7 খন আসন দখল কৰিব ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু আন আন দলসমুহে ৷
বহুতো অপিনিয়ন পোল আৰু সমিক্ষায়ো বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটেই চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে ৷
তামিলনাডু :
234 খন আসনৰ বাবে হোৱা তামিল নাডু বিধানসভাৰ নিৰ্বাচন 6 এপ্ৰিলত এটা পৰ্যায়তেই সমাপ্ত হৈছিল ৷
মূল সমস্যা আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি-
তামিল নাডু নিৰ্বাচনত এআইএডিএমকে আৰু ডিএমকে দলৰ মাজত দুকোনীয়া প্ৰতিদ্বন্দিতা হোৱা পৰিলক্ষিত হৈছে ৷ এই নিৰ্বাচনত শাসকীয় পক্ষৰ দুৰ্নীতি আৰু কৰ’ণা ভাইৰাছৰ সংক্ৰমণেই মুখ্য নিৰ্বাচনী বিষয় হিচাপে দেখা গৈছিল ৷
মূল যুঁজ-
তামিল নাডু নিৰ্বাচনত এআইএডিএমকেৰ মুখ্যমন্ত্ৰী ইডাপ্পাডী কে পালানীস্বামীয়ে পুনৰ তেওঁৰ ক্ষমতা ঘুৰি অহাৰ আশা কৰিছে য’ত এম কে ষ্টেলিন ৰাজ্যৰ প্ৰধান বিৰোধী দল দ্ৰাভিদা মুনেট্ৰা কাঝাগামে(ডিএমকে)ও দহ বছৰৰ বিৰতিৰ পাছত ক্ষমতালৈ অহাৰ আশা কৰিছে ৷ এমএনএমৰ কমল হাছান আৰু এআইএডিএমকেৰ অ পাণিৰ চেলভামো বিধান সভা নিৰ্বাচনৰ অন্যতম প্ৰমুখ্য ব্যক্তি ৷
কি হ’ব পাৰে নিৰ্বাচনত-
তামিল নাডু নিৰ্বাচনীত, ইপিএছৰ বাবে নিৰ্বাচনী পথ শেষ হৈছে আৰু নতুন চৰকাৰ গঠনৰ বাবে ডিএমকে প্ৰস্তুত হৈছে ৷ ইটিভি ভাৰতৰ সমীক্ষা মতে ডিএমকে 133 খন আসন দখল কৰাৰ বিপৰিতে এআইএডিএমকে 89 খন আসন আৰু 12 খন আসন আন আন দলে দখল কৰিব ৷
ইটিভি ভাৰতৰ সমীক্ষাৰ উপৰিও, টাইমচ নাও- চিভোটাৰ, ইণ্ডিয়া টোডে- মাই এস্কিচ আৰু ৰিপাব্লিক- চিএনএস্কয়ে ডিএমকেৰ স্পষ্ট নেতৃত্বৰ দাবী কৰিছে ৷
কেৰালা:
140 খন আসনৰ বাবে হোৱা কেৰালা বিধানসভাৰ নিৰ্বাচন 6 এপ্ৰিলত এটা পৰ্যায়তেই সমাপ্ত হৈছিল ৷
মূল সমস্যা আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি-
বৰ্তমান চৰকাৰখন সবৰীমালা সমস্যা, দুৰ্নীতি আৰু স্বজনতোষণৰ দৰে অভিযোগ আছে, সামাজিক কল্যাণৰ পদক্ষেপ, বিকাশ কাৰ্যৰ লগতে সংকটৰ সময়ত শক্তিশালি নেতৃত্ব, ইত্যাদিক মুল সমস্যাক গুৰুত্ব দি সাধাৰণ জনতাই ভোট দিছিল ৷
মূল যুঁজ-
কেৰেলা নিৰ্বাচনত মুল প্ৰতিদ্বন্দিতা চিপিআই(এম)ৰ ডোম’ক্ৰেতিক ফ্ৰন্টৰ কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই ভিজায়ান, কংগ্ৰেছৰ চি ৰঘুনাথ, বিজেপিৰ চিকে পদন্মনাভনৰ মাজত হ’ব ৷ চিপিআই(এম)ৰ কেকে চাইলাজা আৰু কেটি জালিল, কংগ্ৰেছৰ ওম্মেন চান্দী আৰু ৰমেশ চেন্নিথালা আৰু বিজেপিৰ শ্ৰীধৰণ আৰু কে চুৰেণদ্ৰণ বিধান সভা নিৰ্বাচনৰ প্ৰমুখ্য নেতা আছে ৷
কি হ’ব পাৰে নিৰ্বাচনত-
ইটিভি ভাৰতৰ সমীক্ষা মতে, চিপিআই(এম)এৰ এলডিএফে ঐতিহাসিকভাৱে দ্বিতীয় বাৰৰ বাবে 82 খন আসন দখল কৰিব ৷ কংগ্রেছ নেতৃত্বাধীন ইউনাইটেড ডেমোক্রেটিক ফ্রন্টে(ইউডিএফ) 56 খন আসন দখল কৰিব ৷
ইটিভি ভাৰতৰ সমীক্ষাৰ উপৰিও, টাইমচ নাও- চিভোটাৰ, ইণ্ডিয়া টোডে- মাই এস্কিচ আৰু ৰিপাব্লিক- চিএনএস্কয়ে এলডিএফৰ স্পষ্ট নেতৃত্বৰ দাবী কৰিছে ৷
পণ্ডিচেৰী :
30 খন আসনৰ বাবে হোৱা পণ্ডিচেৰী বিধানসভাৰ নিৰ্বাচন 6 এপ্ৰিলত এটা পৰ্যায়তেই সমাপ্ত হৈছিল৷
মূল সমস্যা আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি-
বিশেষ কেন্দ্ৰীয় শাসিতৰ স্থিতি পণ্ডিচেৰীত, আৱন্তিত ধন 25 শতাংশৰ পৰা 40 শতাংশ হ্ৰাস কৰা, ছোৱালী আৰু পিছপৰা শ্ৰেণীৰ বাবে শিক্ষা, কৰ’ণা ভাইৰাছৰ বৰ্ধিত সংখ্যাই ৰাজ্যখনৰ বাবে মুল সমস্যা হৈ পৰিছে ৷
মূল যুঁজ-
পণ্ডিচেৰী নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত এন ৰাংগাস্বামী, ৰিচাৰ্ডচ জ’নকুমাৰ অ’ল ইণ্ডিয়া এনআৰ আৰু বিজেপিৰ নেতৃত্বত নমচ্চিভায়মৰ দৰে কেইজনমান বিশিষ্ট প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷
কি হ’ব পাৰে নিৰ্বাচনত-
ইটিভি ভাৰতৰ সমীক্ষাৰ উপৰিও, ইণ্ডিয়া টোডে- মাই এস্কিচ আৰু ৰিপাব্লিক- চিএনএস্কয়ে এনডিএৰ স্পষ্ট নেতৃত্বৰ দাবী কৰে য’ত টাইমচ নাও- চিভোটাৰত বিজেপিৰ নেতৃত্বৰ দাবী কৰিছে ৷
পশ্চিমবংগ :
পশ্চিমবংগত 292 খন আসনৰ বাবে হোৱা বিধানসভাৰ নিৰ্বাচনত আঠটা পৰ্যায়ত সমাপ্ত হৈছিল ৷
মূল সমস্যা আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি-
ক্ষমতাত থকা টিএমচি চৰকাৰত স্বজনতোষণৰ দৰে অভিযোগ আছে ৷ মাৰাত্মক আমফান আৰু মহামাৰী কৰ’ণা ভাইৰাছৰ বৰ্ধিত সংখ্যাই ৰাজ্যখনৰ মুল সমস্যা হিচাপে দেখা দিছে ৷ দুবাৰকৈ মুৃখ্যমন্ত্ৰী হোৱা মমতা বেৰ্নাজীয়ে পুনৰ এবাৰ কাৰ্যকালত আহিবলৈ চেষ্টা অব্যাহত ৰাখে ৷
ৰাজ্যত ‘কা’ৰ কাৰ্যকৰী, মহিলাৰ বাবে চাকৰি যোগান, প্ৰতিটো পৰিয়ালৰ বাবে এটাকৈ চাকৰি, ছোৱালীৰ বাবে বিনামুলীয়া শিক্ষা ইত্যাদি মুল সমস্যা ৷
মূল যুঁজ-
পশ্চিমবংগ নিৰ্বাচনত মুৃখ্যমন্ত্ৰী মমতা বেৰ্নাজী, এআইটিচিৰ নেতা পাৰ্থ চেতাৰ্জী, বিজেপিৰ সুভেন্দু অধিকাৰীকে ধৰি কেইজনমান বিশিষ্ট প্ৰমুখ্য প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷
কি হ’ব পাৰে নিৰ্বাচনত-
ইটিভি ভাৰতৰ সমীক্ষাৰ মতে, ত্ৰিণামূল কংগ্ৰেছে 131 খন আসন আসন দখল কৰাৰ বিপৰিতে বিজেপিয়ে 126 খন আসন দখল কৰিব ৷ আন আন দলসমুহে 3 খন আসন দখল কৰাৰ বিপৰিতে মিত্ৰজোঁটে 32 খন আসন দখল কৰিব ৷
টাইমচ নাও- চিভোটাৰত টিএমচিৰ নেতৃত্ব দাবী কৰিছে ৷
আনহাতে ৰিপাব্লিক- চিএনএস্কয়ে টিএমচি আৰু বিজেপিৰ মাজত আসনক লৈ এখন ভাল প্ৰতিযোগিতাৰ আশা কৰিছে ৷
ইণ্ডিয়া টুডে- মাই এস্কিচে টিএমচি আৰু বিজেপিৰ এআইটিচিক মাজত 130-156 খন আসনৰ বাবে প্ৰতিযোগিতাৰ বাবে স্পষ্ট নেতৃত্বৰ দাবী কৰে ৷