ETV Bharat / bharat

বেংক জালিয়াতিঃতামিলনাডুৰ দুটা কোম্পানীৰ পৰা 4 কোটি টকাৰ অলংকাৰ জব্দ - মেচাৰ্চ এন.এচ.কে বিল্ডাৰ্চ প্ৰইভেট লিমিটেডৰ বেংক জালিয়াতি

তামিলনাডুত সংঘটিত হৈছে এক বৃহৎ বেংক জালিয়াতিৰ ঘটনা ৷ তামিলনাডুৰ তীৰ্চীৰ মেচাৰ্চ চেথাৰ লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালক সঞ্চালকৰ আবাসিক প্ৰাংগন আৰু মেচাৰ্চ এন.এচ.কে বিল্ডাৰ্চ প্ৰইভেট লিমিটেডৰ পৰিচালকৰ আবাসিক প্ৰাংগনৰ পৰা উদ্ধাৰ হৈছে প্ৰায় 4.43 কোটি টকাৰ সোণ আৰু হীৰাৰা অলংকাৰ ৷

ED seizes gold, jewellery worth over Rs 4 cr from officials of 2 private companies in Tamil Nadu
বেংক জালিয়াতিঃতামিলনাডুৰ দুটা কোম্পানীৰ পৰা 4 কোটি টকাৰ অলংকাৰ জব্দ
author img

By

Published : Jan 1, 2021, 10:56 AM IST

নেশ্যনেল ডেস্ক,1 জানুৱাৰী: তামিলনাডুৰ তীৰ্চীৰ মেচাৰ্চ চেথাৰ লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালক সঞ্চালকৰ আবাসিক প্ৰাংগন আৰু মেচাৰ্চ এন.এচ.কে বিল্ডাৰ্চ প্ৰইভেট লিমিটেডৰ পৰিচালকৰ আবাসিক প্ৰাংগনৰ পৰা উদ্ধাৰ হৈছে প্ৰায় 4.43 কোটি টকাৰ সোণ আৰু হীৰাৰা অলংকাৰ ৷ মঙলবাৰে এনফৰ্চমেন্ট ডাইৰেক্টৰেটে অভিযান চলাই জব্দ কৰে অলংকাৰ খিনি ৷ এক বিবৃতি অনুসৰি অবৈধ ধনৰ সৰবৰাহ প্ৰতিৰোধ আইন 2002ৰ অধীনত মেচাৰ্চ চেথাৰ লিমিটেডৰ অধ্যক্ষ কে. সুব্বাৰাজ আৰু পৰিচালক সঞ্চালক কে. পোথিৰাজ আৰু মেচাৰ্চ এন.এচ.কে বিল্ডাৰ্চ প্ৰইভেট লিমিটেডৰ পৰিচালক এন.এচ.কে. কালাইৰাজাৰ বাসগৃহত এক অভিযান চলোৱা বুলি জনোৱা হয় ৷

এই বিবৃতিখনত আৰু কোৱা হৈছে যে, কাৰ্যশীল পুঁজি হিচাপে ইণ্ডিয়ান বেংক আৰু বেংকসমূহৰ কঞ্চোৰ্টিয়মৰ দ্বাৰা মঞ্জুৰি প্ৰদান কৰা ঋণৰ ৰাশিৰ এক বৃহৎ অংশ মেচাৰ্চ সেথাৰ লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালক সম্পাদকৰ দ্বাৰা নিজৰ সহযোগী কম্পানীসমূহক প্ৰদান কৰা হৈছিল ৷ ইয়াৰ উপৰিও নিৰ্মানৰ আঁৰত এই লোণৰ এক বৃহৎ অংশ মেচাৰ্চ এন.এচ.কে বিল্ডাৰ্চ প্ৰইভেট লিমিটেডলৈয়ো স্থানান্তৰিত কৰা হৈছিল ৷

এনফৰ্চমেন্ট ডাইৰেক্টৰেটে জনোৱা অনুসৰি কে. সুব্বাৰাজৰ বাসগৃহত অভিযান চলাই প্ৰায় 1.77 কোটি টকাৰ আ-অলংকাৰৰ লগতে বিভিন্ন সম্পত্তিৰ নথি-পত্ৰ জব্দ কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত কে. সুব্বাৰাজৰ বেংকৰ লকাৰত 2.3 কোটি টকাৰ সোণ আৰু হীৰাৰ অলংকাৰ আৰু কে. পোথিৰাজৰ বেংক লকাৰত প্ৰায় 35 লাখ টকাৰ সামগ্ৰীৰ তথ্য লাভ কৰে এনফৰ্চমেন্ট ডাইৰেক্টৰেটে ৷

লগতে পঢ়ক-হায়দৰাবাদত তিনি ড্ৰাগছ সৰবৰাহকাৰীসহ তিনিলাখ টকাৰ ড্ৰাগছ জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.