নিউজ ডেস্ক, ৭ এপ্ৰিল : তেলেংগানাৰ দশম শ্ৰেণীৰ হিন্দী পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ মুখ্য অভিযুক্ত (prime accused of paper leak case Bandi Sanjay), কৰিমনগৰৰ সাংসদ তথা তেলেংগানা বিজেপিৰ ৰাজ্যিক সভাপতি বান্দি সঞ্জয়ক শুকুৰবাৰে পুৱা তেলেংগানাৰ কৰিমনগৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় । বৃহস্পতিবাৰে নিশা জামিন মঞ্জুৰ হোৱাৰ পিছত কাৰাগাৰ কৰ্তৃপক্ষই তেওঁক মুকলি কৰি দিয়ে (Bandi Sanjay released from jail) ।
কাৰাগাৰৰ পৰা মুকলি হৈ অহাৰ পিচত বাহিৰত অপেক্ষাৰত সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে মত বিনিময় কৰি বান্দিয়ে তেলেংগানা ৰাজ্যিক লোক সেৱা আয়োগৰ (Telangana State Public Service Commission) প্ৰশ্নকাকত ফাদিল হোৱা গোচৰ বৰ্তমানৰ এজন ন্যায়াধীশৰ দ্বাৰা তদন্তৰ নিৰ্দেশ দিয়াৰ বাবে ৰাজ্য চৰকাৰক প্ৰত্যাহ্বান জনায় (TSPSC paper leak case) । অই সন্দৰ্ভত বিজেপি সাংসদজনে শাসনাধিষ্ঠিত ভাৰত ৰাষ্ট্ৰ সমিতিকো (BRS) তীব্ৰ আক্ৰমণ কৰে (Bandi Sanjay attack Bharata Rashtra Samiti) ।
বান্দিয়ে কয় যে, যেতিয়া কোনো অজ্ঞাত ব্যক্তিয়ে কাকতখন ফাদিল কৰিছিল, তেওঁ কেনেকৈ তাৰ বাবে দায়বদ্ধ হ'ব পাৰে । লগতে এজন সাংসদ হোৱা সত্ত্বেও আৰক্ষীয়ে তেওঁৰ সৈতে কেনেদৰে বেয়া আচৰণ কৰিব পাৰে বুলি তেওঁ তাত তীব্ৰ আপত্তি দৰ্শাইছিল । তেওঁ লগতে হিন্দী প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ আগদিনা কোনে এছএছচিৰ তেলুগু কাকত ফাদিল কৰিছিল সেয়া জনাবলৈও দাবী কৰে (SSC Telugu paper leak case) ।
আনহাতে, কেচিআৰ পৰিয়ালৰ ওপৰত আঙুলি টোঁৱাই বান্দি সঞ্জয়ে মুখ্যমন্ত্ৰীৰ পুত্ৰ কে টি ৰামাৰাওক মন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলিও দাবী কৰে । লগতে শাসনাধিষ্ঠিত বিআৰএছৰ বিৰুদ্ধে সস্তীয়া কৌশল ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে । ইয়াৰ উপৰি তেওঁ আৰক্ষীৰ ওপৰত কেৱল আৰ্থিক আৰু পেছাদাৰী লাভৰ বাবে কাম কৰাৰো অভিযোগ কৰে । চৰকাৰে টিএছপিএছচি প্ৰাৰ্থীসকলৰ বাবে ১ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ প্ৰদান আৰু কাকত ফাদিল হোৱাৰ ফলত ক্ষতিগ্ৰস্ত হোৱাসকলৰ সৈতে ৱাৰাংগলত এক বিশাল ৰেলী অনুষ্ঠিত কৰা হ'ব বুলিও বিজেপি সাংসদগৰাকীয়ে কয় ।
লগতে পঢ়ক :Manish Sisodia letter to PM Modi : কাৰাগাৰৰ পৰাই প্ৰধানমন্ত্ৰীলৈ চিঠি মনীষ চিছোদিয়াৰ