ETV Bharat / bharat

Balloon burst while playing: বেলুন লৈ খেলি থাকোঁতেই চিৰদিনৰ বাবে হেৰাই গ’ল অভিনৱৰ - অভিনৱ

চণ্ডাউলীৰ কমলপুৰ অঞ্চলৰ বাহেৰী গাঁৱত শনিবাৰে সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা । ফাটি যোৱা বেলুন চোবাই থকা অৱস্থাত এটি সাত বছৰীয়া ল’ৰাৰ মৃত্যু হয় ।

balloon burst while playing
বেলুন চোবাই থকা অৱস্থাত মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 1:38 PM IST

নেশ্যনেল ডেস্ক, 18 ছেপ্টেম্বৰ : উত্তৰপ্ৰদেশৰ চণ্ডাউলীৰ ধীনা আৰক্ষী থানাৰ অন্তৰ্গত কমলপুৰ অঞ্চলৰ বাহেৰী গাঁৱত ফাটি যোৱা বেলুন চোবাই মৃত্যু হয় এটি সাত বছৰীয়া শিশুৰ । ফাটি যোৱা বেলুনটো চোবাই থাকোঁতে ডিঙিত আবদ্ধ হৈ পৰে, যাৰ ফলত শিশুটিৰ উশাহ বন্ধ হৈ যায় । পৰিয়ালৰ লোকে খৰখেদাকৈ নিৰীহ শিশুটিক জিলা চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে শিশুটি মৃত বুলি ঘোষণা কৰে । শিশুটিৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

লাভ কৰা তথ্য অনুসৰি, বাহেৰী গাঁৱৰ নিবাসী পংকজ খাৰৱাৰৰ সাত বছৰীয়া পুত্ৰ অভিনৱে শনিবাৰে বিদ্যালয়ৰ পৰা আহি সন্ধিয়াৰ ভাগত ঘৰৰ কাষত বেলুন ফুলাই খেলি আছিল । হঠাতে বেলুনটো ফাটি গ’ল । বিৰক্ত অভিনৱে খঙত ফাটি যোৱা বেলুনটোৰ এটা অংশ মুখৰ ভিতৰত লৈ চোবাই খাবলৈ ধৰিলে । তেনেদৰে চোবাই থাকোঁতে অকস্মাতে বেলুনটোৰ ফাটি যোৱা অংশটো অভিনৱৰ ডিঙিত আবদ্ধ হৈ পৰে । তাৰ পিচতে অভিনৱে মাটিত পৰি চটফটাবলৈ আৰম্ভ কৰে ।

পৰিয়ালৰ লোকে খৰখেদাকৈ অভিনৱক কমলপুৰ ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়, চিকিৎসকে তেওঁক ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু যেতিয়ালৈ অভিনৱক লৈ পৰিয়ালৰ লোক জিলা চিকিৎসালয় পায়গৈ, তেতিয়ালৈ বহু দেৰি হৈ যায় । চিকিৎসকে অভিনৱক মৃত বুলি ঘোষণা কৰে । অভিনয়ৰ মৃত্যুৰ খবৰে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে । গভীৰ নিশা অভিনৱৰ মৃতদেহ ঘৰলৈ অহাৰ লগে লগে সমগ্ৰ গাঁওখনতে শোকৰ ছাঁ পৰিল । অভিনৱ আছিল মাক-দেউতাকৰ একমাত্ৰ পুত্ৰ । আদৰ্শ ৰাজহুৱা বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিল অভিনৱ ।

এই সন্দৰ্ভত মৃতকৰ খুৰাক অৰবিন্দ খাৰৱাৰে কয়, ‘‘অভিনৱে বেলুন ফুলাই খেলি আছিল । বেলুনটো ফাটি যোৱাত সি বেলুনটোৰ অংশটো মুখৰ ভিতৰত লৈ চোবাই খাবলৈ ধৰিলে । এনেকুৱাতে বেলুনটোৰ অংশটো তাৰ ডিঙিত আবদ্ধ হৈ পৰিল । লগে লগে তাক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাৰ মৃত্যু হয় । অভিনৱ আছিল প্ৰথম শ্ৰেণীৰ ছাত্ৰ ।’’

লগতে পঢ়ক : Electrocuted by mobile charger:মোবাইল চাৰ্জাৰত বিদ্যুৎস্পৃষ্ট হৈ এটি ৮ মহীয়া শিশুৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.