ETV Bharat / bharat

Wrestlers Protest Row : আলোচনাৰ বাবে অনুৰাগ ঠাকুৰৰ বাসগৃহত উপস্থিত বজৰং পুনিয়া, সাক্ষী মালিক - Anurag Thakurs initiative on wrestlers issue

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে মল্লযোদ্ধাসকলৰ বিষয়বোৰ আলোচনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি চৰকাৰৰ হৈ আমন্ত্ৰণ প্ৰদান কৰে । যাৰ বাবে প্ৰতিবাদী মল্লযোদ্ধাসকলৰ প্ৰতিনিধিয়ে অনুৰাগ ঠাকুৰৰ বাসগৃহত উপস্থিত হৈছে (Anurag Thakurs initiative on wrestlers issue) ।

Wrestlers Protest Row
Wrestlers Protest Row
author img

By

Published : Jun 7, 2023, 1:49 PM IST

নিউজ ডেস্ক, ৭ জুন : কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ (Youth Affairs and Sports minister Anurag Thakur) আহ্বানমৰ্মে মল্লযোদ্ধা বজৰং পুনিয়া আৰু সাক্ষী মালিক গৈ তেওঁৰ বাসগৃহত উপস্থিত হৈছে (Sakshi Malik arrives Anurag Thakurs residence) । লগতে আছে ভাৰতীয় কিষাণ মৰ্চাৰ কেন্দ্ৰীয় সভাপতি ৰাকেশ টিকায়েত ।

উল্লেখ্য, ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বী ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগত দেশৰ মল্লযোদ্ধাসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । তাৰেই পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদী মল্লযোদ্ধাসকলৰ প্ৰতিনিধিৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনাৰ বাবে তেওঁৰ বাসগৃহলৈ মঙলবাৰে মাজনিশা আমন্ত্ৰণ জনাইছিল (Bajrang Punia arrives Anurag Thakurs residence) ।

আনহাতে, অনুৰাগ ঠাকুৰে বুধবাৰে ঘোষণা কৰে যে তেওঁ পৰৱৰ্তী পৰ্যায়ত প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ সৈতে আলোচনা কৰিব (Anurag Thakurs initiative on wrestlers issue) । ইফালে আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই সাক্ষী মালিকে কয় যে ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বী ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে ন্যায়ৰ বাবে যুঁজ দিয়া সন্দৰ্ভত প্ৰস্তাৱটোত চৰকাৰৰ পৰা সহমত হোৱাৰ পিছতহে মল্লযুঁজাৰুসকলে অনুৰাগ ঠাকুৰক লগ কৰিব ।

"আমি চৰকাৰে দিয়া প্ৰস্তাৱটো আমাৰ জ্যেষ্ঠ আৰু সমৰ্থকসকলৰ সৈতে আলোচনা কৰিম । যদি তেওঁলোক সকলোৱে প্ৰস্তাৱটো ঠিকে আছে বুলি তেওঁলোকৰ সন্মতি প্ৰদান কৰে কেৱল তেতিয়াহে আমি আলোচনাৰ বাবে সন্মত হ'ম । কিন্তু আমি চৰকাৰে কোৱা যিকোনো কথাতে সন্মত হ'ম আৰু আমাৰ প্ৰতিবাদ সমাপ্ত কৰিম, সেইটো কেতিয়াও নহ'ব । বৈঠকৰ বাবে এতিয়ালৈকে কোনো সময় নিৰ্ধাৰণ কৰা হোৱা নাই ।" মল্লযোদ্ধা সাক্ষী মালিকৰ উদ্ধৃতি দি এএনআয়ে কয় (Wrestlers Protest Row) ।

উল্লেখ্য, ক্ৰীড়াৰ বাবে বিশেষ কৰ্তব্যৰত বিষয়া (OSD) হিচাপে ভাৰতীয় ৰে'লৱেত পুনৰ কাম আৰম্ভ কৰা সাক্ষী মালিক আৰু বজৰং পুনিয়াই ইতিমধ্যে কৈছে যে যদি যৌন নিৰ্যাতনৰ ক্ষেত্ৰত ন্যায়ৰ বাবে কৰা সংগ্ৰামত তেওঁলোকৰ চাকৰি বাধা হৈ পৰে তেন্তে তেওঁলোকে তাৰ পৰা পদত্যাগ কৰিবলৈ দহ ছেকেণ্ডো সময় নলয় ।

লগতে পঢ়ক :Wrestlers Protest : মল্লযোদ্ধাসকলক পুনৰ আলোচনাৰ বাবে আমন্ত্ৰণ চৰকাৰৰ: অনুৰাগ ঠাকুৰৰে হ‘ব বৈঠক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.