ETV Bharat / bharat

বাজাজ হেল্থকেয়াৰে মুকলি কৰিলে ইভেজাজ টেবলেট - বাজাজ হেল্থকেয়াৰে মুকলি কৰিলে ক'ভিড চিকিৎসাৰ নতুন টেবলেট

বাজাজ হেল্থকেয়াৰে মঙলবাৰে মুকলি কৰিলে 'ইভেজাজ' নামৰ নতুন টেবলেট । এই 'ইভেজাজ' কৰ'ণা সংক্ৰমণৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব । কোম্পানীটোৰ মতে ডিচিজিআইয়ে ঘৰুৱা তথা বিদেশৰ বজাৰত 'ইভেজাজ' যোগান ধৰাৰ অনুমতি প্ৰদান কৰিছে । ঔষধ প্ৰতিষ্ঠান ৰোচে ইণ্ডিয়াই কয় যে তেওঁলোকে ক'ভিডৰ চিকিৎসাত ব্যৱহৃত ৰোচেৰ অনুসন্ধানমূলক এণ্টিব’ডী ককটেলৰ বাবে কেন্দ্ৰীয় ঔষধমানক নিয়ন্ত্ৰণ সংস্থাৰ পৰা জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন লাভ কৰিছে ।

bajaj healthcare launches ivejaj tablets
বাজাজ হেল্থকেয়াৰে মুকলি কৰিলে ক'ভিড চিকিৎসাৰ নতুন টেবলেট
author img

By

Published : May 6, 2021, 7:03 PM IST

নেশ্যনেল ডেস্ক,৬ মে': দেশৰ আগশাৰীৰ ঔষধ প্ৰতিষ্ঠান বাজাজ হেল্থকেয়াৰে মঙলবাৰে ইয়াৰ পৰজীৱী-বিৰোধী ঔষধ 'ইভেজাজ' মুকলি কৰাৰ কথা ঘোষণা কৰে । এই 'ইভেজাজ' কৰ'ণা সংক্ৰমণৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব । কোম্পানীটোৰ কৰ্তৃপক্ষৰ মতে টেবলেটবোৰ প্ৰস্তুত আৰু বিক্ৰীৰ বাবে ভাৰতৰ ঔষধ নিয়ন্ত্ৰক ডিচিজিআইৰ পৰা অনুমোদন লাভ কৰিছে কোম্পানীটোৱে ।

বাজাজ হেল্থকেয়াৰে জনোৱা মতে তেওঁলোকৰ নিজৰ আভ্যন্তৰীণ আৰ এণ্ড ডি দলৰ জৰিয়তে সক্ৰিয় ফাৰ্মাচীউটিকেল উপাদান আৰু আইভাৰমেক্টিনৰ বাবে প্ৰস্তুতৰ বাবে কাম কৰা হৈছে । কোম্পানীটোৰ মতে ডিচিজিআইয়ে ঘৰুৱা তথা বিদেশৰ বজাৰত 'ইভেজাজ' যোগান ধৰাৰ অনুমতি প্ৰদান কৰিছে । ইফালে বিএছইত প্ৰতিষ্ঠানটোৰ শ্বেয়াৰ ২.৭১ শতাংশ বৃদ্ধি হৈ ৬০৩.৩০ টকালৈ বৃদ্ধি পাইছে ।

আনহাতে, বুধবাৰে ঔষধ প্ৰতিষ্ঠান ৰোচে ইণ্ডিয়াই কয় যে তেওঁলোকে ক'ভিডৰ চিকিৎসাত ব্যৱহৃত ৰোচেৰ অনুসন্ধানমূলক এণ্টিব’ডী ককটেলৰ বাবে কেন্দ্ৰীয় ঔষধমানক নিয়ন্ত্ৰণ সংস্থাৰ পৰা জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন লাভ কৰিছে ।

কোম্পানীটোৱে এক বিবৃতিত প্ৰকাশ কৰা মতে এণ্টিব’ডী ককটেলপ্ৰাপ্ত বয়স্ক আৰু শিশু ৰোগীৰ ক্ষেত্ৰত সাধাৰণৰ পৰা মধ্যমীয়াকৈ কৰ'ণাত আক্ৰান্তৰ চিকিৎসাৰ বাবে প্ৰয়োগ কৰিব পাৰিব । যি সকল SARS-COV2 ৰ দ্বাৰা সংক্ৰমিত বুলি নিশ্চিত কৰা হৈছে আৰু যিসকলৰ গুৰুতৰ কৰ'ণা সংক্ৰমণৰ সম্ভাৱনীয়তা থাকে তেওঁলোককো দিব পৰা যাব এই ককটেল ।

লগতে পঢ়ক: মহাৰাষ্ট্ৰত জব্দ প্ৰায় ৭ কিল’গ্ৰাম ওজনৰ ইউৰেনিয়াম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.