ETV Bharat / bharat

অন্ধ্ৰপ্ৰদেশত চিকিৎসাৰ অভাৱত প্ৰাণ হেৰুৱালে কণমানিয়ে - ক'ভিড আক্ৰান্ত কণমানি

মঙলবাৰে অন্ধ্ৰ প্ৰদেশৰ কিং জৰ্জ চিকিৎসালয়ত চিকিৎসাৰ অভাৱত চটফটাই প্ৰাণ হেৰুৱালে এগৰাকী ডেৰ বছৰীয়া ক'ভিড আক্ৰান্তই ৷

অন্ধ্ৰপ্ৰদেশত চিকিৎসাৰ অভাৱত প্ৰাণ হেৰুৱালে কণমানিয়ে

author img

By

Published : Apr 28, 2021, 1:22 PM IST

নেশ্যনেল ডেস্ক,28 এপ্ৰিল: বিগত বছৰৰ দৰে এইবেলিও মহামাৰী কৰ'ণাই ত্ৰাসিত কৰিছে সমগ্ৰ বিশ্ববাসীক ৷ দৈনিক লাখ লাখ লোক আক্ৰান্ত হোৱাৰ লগতে দেশৰ চৌদিশে মাথো এতিয়া মৃত্যুৰ কিৰীলি ৷ কৰ’বাত যদি অক্সিজেনৰ অভাৱত আক্ৰান্তৰ মৃত্যু হৈছে, আন কৰ'বাত আকৌ চিকিৎসাৰ অভাৱত কৰুণভাৱে মৃত্যুমুখত পৰিছে জ্যেষ্ঠৰ পৰা কণমানিলৈকে ৷ মঙলবাৰে অন্ধ্ৰ প্ৰদেশৰ কিং জৰ্জ চিকিৎসালয়ত সংঘটিত হয় এক হৃদয়স্পৰ্শী কাণ্ড ৷ চিকিৎসাৰ অভাৱত চটফটাই প্ৰাণ হেৰুৱালে এগৰাকী ডেৰ বছৰীয়া ক'ভিড আক্ৰান্ত কণমানিয়ে ৷

পৰিয়ালৰ লোকে জনোৱা মতে, তিনিদিনৰ পূৰ্বে কণমানিটিয়ে জ্বৰ আক্ৰান্ত হোৱাৰ পাচত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু চিকিৎসাৰ পাচতো জ্বৰ ভাল নোহোৱাত চিকিৎসকে ক'ভিড পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়ে ৷ এই ফলাফল পজিটিভ অহাত ক'ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও বিছনাৰ অভাৱত 90 মিনিটৰো অধিক সময় চিকিৎসালয়ৰ বাহিৰত ৰৈ থাকিবলগীয়া হয় ৷ অৱশ্যে কণমানিজনীক অক্সিজেনৰ ব্যৱস্থা কৰি দিয়া হৈছিল যদিও 90 মিনিটৰ পাচত অধিক সংকটজনক অৱস্থাত মৃত্যুক আঁকোৱালি লয় ৷

লগতে পঢ়ক: অক্সিজেন সংকট: ভাৰতলৈ অক্সিজেন চিলিণ্ডাৰ পঠাবলৈ প্ৰস্তুত ভূটান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.