ETV Bharat / bharat

ভৱানীপুৰত মমতাৰ বিৰুদ্ধে বাবুল সুপ্ৰিয় - পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ৰ বাবে প্ৰাৰ্থীৰ তালিক প্ৰায় প্ৰস্তুত কৰি তুলিছে বিজেপিয়ে ৷ ভৱানীপুৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ক থিয় কৰোৱাৰ সম্ভাৱনা ৷ নন্দীগ্ৰামৰ পৰা বেনাৰ্জীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ালে তেওঁৰ বিৰুদ্ধে থাকিব বিজেপিৰ সুভেন্দু অধিকাৰী ৷

babul supriyo may be fielded from bhowanipore against mamata

author img

By

Published : Mar 5, 2021, 11:57 AM IST

নেচনেল ডেস্ক, 5 মাৰ্চ: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ভৱানীপুৰত ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ক থিয় কৰোৱাৰ সম্ভৱনা আছে ৷ যদিহে ভৱানীপুৰৰ পৰা বেনাৰ্জীয়ে প্ৰাৰ্থীত্ব আগবঢ়ায় তেন্তে বিজেপিয়ে বাবুল সুপ্ৰিয়ক তেওঁৰ বিৰুদ্ধে থিয় কৰাব ৷ অৱশ্যে বৰ্তমান ভৱানীপুৰক প্ৰতিনিধিত্ব কৰি থকা বেনাৰ্জীয়ে জনাইছে যে, তেওঁ এইবাৰ নন্দীগ্ৰামৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ সম্ভৱনা আছে ৷

এগৰাকী শীৰ্ষ বিজেপি নেতাই জানিবলৈ দিয়া মতে, বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিয়ে এই সিদ্ধান্ত লৈছে যে, যদিহে মমতা বেনাৰ্জীয়ে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে তেন্তে বেনাৰ্জীৰ বিৰুদ্ধে বাবুল সুপ্ৰিয়ক দলে প্ৰক্ষেপ কৰিব ৷ তেঁও কয় যে ভৱানীপুৰৰ পৰা সুপ্ৰিয়ৰ দৰে শক্তিশালী প্ৰাৰ্থী আৰু নন্দীগ্ৰামৰ পৰা সুভেন্দু অধিকাৰীৰ দৰে প্ৰাৰ্থী থিয় কৰাই আমি দুয়োটা সমষ্টিতে তেওঁক অনায়াসে প্ৰতিহত কৰিব পাৰিম ৷

উল্লেখ্য যে, প্ৰথম দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব লগীয়া নিৰ্বাচনৰ বাবে বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিয়ে ইতিমধ্যে প্ৰায় 60 খন আসনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছে ৷ বিজেপিৰ পশ্চিববংগ ইউনিটৰ প্ৰধান দিলীপ ঘোষে জনাই যে, প্ৰথম দুটা পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিক ইতিমধ্যে প্ৰস্তুত হৈছে আৰু শুকুৰবাৰে আবেলিৰ ভিতৰত প্ৰাৰ্থীৰ নাম ঘোষণা হোৱাৰ সম্ভাৱনা আছে ৷ ঘোষে লগতে এই কথাও জনাই যে, মমতা বেনাৰ্জীয়ে এটা বা দুটা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়ালেও বিজেপিয়ে তেওঁৰ বিৰুদ্ধে শক্তিশালী প্ৰাৰ্থী থিয় কৰাব ৷

লগতে পঢ়ক: সীমান্ত পাৰ হৈ ভাৰতত উপস্থিত ম্যানমাৰৰ তিনি আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.