ETV Bharat / bharat

Money Laundering: আজম খানৰ পত্নী-পুত্ৰক ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ

author img

By

Published : Jul 5, 2022, 4:56 PM IST

সমাজবাদী পাৰ্টিৰ নেতা আজম খানৰ পত্নী আৰু পুত্ৰক ধন ৰপ্তানিৰ গোচৰত সোধা-পোছাৰ বাবে উপস্থিত হ'বলৈ নিৰ্দেশ তদন্তকাৰী সংস্থা প্ৰৱৰ্তন সঞ্চালকালয়ৰ( Enforcement Directorate)।

ed
Money Laundering:আজম খানৰ পত্নী-পুত্ৰক ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ

নেচনেল ডেস্ক,৫জুলাই: তদন্তকাৰী সংস্থা প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি)সমাজবাদী পাৰ্টিৰ নেতা আজম খানৰ পত্নী আৰু পুত্ৰক তেওঁৰ বিৰুদ্ধে তদন্ত কৰি থকা ধন ৰপ্তানিৰ গোচৰত সোধা-পোছাৰ বাবে উপস্থিত হবলৈ নিৰ্দেশ দিছে (Samajwadi Party leader Azam Khans Wife, Son Summoned By ED)। ৰামপুৰ আসনৰ সমাজবাদী পাৰ্টিৰ বিধায়ক আজম খানৰ পুত্ৰ তথা উত্তৰ প্ৰদেশৰ স্বৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল্লাহ আজম খান আৰু পত্নী তাজিন ফাতমাক এই সপ্তাহত লক্ষ্ণৌত ইডিৰ আঞ্চলিক কাৰ্যালয়ত সন্মুখত পৃথকে হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া বুলি তদন্তকাৰী সংস্থা প্ৰৱৰ্তন সঞ্চালকালয়ৰ সূত্ৰই সদৰি কৰিছে (MLA Abdullah Azam Khan)।

তদন্তকাৰী সংস্থাটোৱে আজম খানৰ বিৰুদ্ধে তদন্ত কৰি থকা গোচৰটোত ধন আত্মসাৎ প্ৰতিৰোধ আইনৰ (Money Laundering Act) অপৰাধমূলক ধাৰাৰ অধীনত তেওঁলোকৰ বিবৃতি লিপিবদ্ধ কৰিব বুলি কয় । উল্লেখ্য় যে আজম খানক সীতাপুৰ কাৰাগাৰত ৰখাৰ সময়তেই এই গোচৰটোত সংস্থাটোৱে জেৰা কৰিছিল । তেওঁ বৰ্তমান জামিনত আছে । ইপিনে, উচ্চতম ন্যায়ালয়ে তেওঁক এটা জালিয়াতিৰ গোচৰত অন্তৱৰ্তীকালীন জামিন দিয়াৰ ২৭ মাহৰ পিছত মে'ত কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল ।

উল্লেখ্য় যে তদন্তকাৰী সংস্থাটোৱে ২০১৯ চনত আজম খানৰ বিৰুদ্ধে ৰাজ্যিক আৰক্ষীয়ে দাখিল কৰা কমেও ২৬ খন এজাহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পিছত তদন্ত আৰম্ভ কৰিছিল । এই এজাহাৰৰ ভিতৰত আছে উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাত তেওঁৰ দ্বাৰা পৰিচালিত এখন বিশ্ববিদ্যালয় বিপৰীত পক্ষৰ সম্পত্তি দখল কৰি স্থাপন কৰিছিল । লগতে আজম খান মৌলানা মহম্মদ আলী জৌহৰ ট্ৰাষ্টৰ অধ্যক্ষ, যি ৰামপুৰ পাব্লিক স্কুলৰ তিনিটা শাখা চলায় (University run by Azam Khan in Rampur of Uttar Pradesh)।

লগতে পঢ়ক:কাৰিকৰী বিজুতিৰ বাবে ডুবাই অভিমুখী স্পাইচজেটৰ বিমানৰ কৰাচীত জৰুৰী অৱতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.