ETV Bharat / bharat

২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণ হ'ব ৰাম মন্দিৰ - উচ্চতম ন্যায়ালয়

দ্ৰুতগতিত চলিছে আযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ কাম । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱাটো বিচাৰিছে বিজেপি চৰকাৰে । কিয়নো ৰাম মন্দিৰ আগন্তুক নিৰ্বাচনত বিশেষ ফেক্টৰ হ'ব বিজেপিৰ বাবে ।

Ayodhya Ram Mandir
২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণ হ'ব ৰাম মন্দিৰ
author img

By

Published : Oct 15, 2021, 11:31 AM IST

নেশ্যনেল ডেস্ক,১৫ অক্টোবৰ : ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব অযোধ্যাৰ ৰাম মন্দিৰৰ (Ram Mandir) । শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদকে জনোৱা মতে লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ ২০২৩ চনত ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব । তেওঁ লগতে কয় যে, প্ৰথম পৰ্যায়ৰ আধাৰশিলা ছেপ্টেম্বৰ মাহত স্থাপন কৰা হৈছিল আৰু দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপনৰ কাম ১৫ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু তাৰ পাছতে মন্দিৰৰ মজিয়া নিৰ্মাণ কৰা হ'ব ।

তেওঁ লগতে কয় যে, যিহেতু বৰ্তমান কংক্ৰিটৰ কাম চলি আছে, সেয়েহে কেৱল নিশাহে কাম কৰি থকা হৈছে । কংক্ৰেটিৰ কামবোৰ সাধাৰণতে ২৩ ৰ পৰা ২৫ ডিগ্ৰী চেলচিয়াছৰ ভিতৰৰ উষ্ণতাত কৰিব লাগে । দিনত যিহেতু অধিক গৰম হয় সেয়ে নিশা কামবোৰ কৰা হৈছে । যদিহে তাপমাত্ৰা বৃদ্ধি হয়, তেন্তে কংক্ৰিটত বৰফ দিব লাগিব বুলিও তেওঁ উল্লেখ কৰে ।

তেওঁ লগতে কয় যে ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত মন্দিৰৰ মূল স্থানত ভগৱান ৰামৰ মূৰ্তি স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু তাৰ পাছতে ভক্তসকলৰ বাবে মুকলি কৰা হ'ব ৰাম মন্দিৰ ।

উল্লেখ্য যে, ২০১৯ চনৰ অক্টোবৰত উচ্চতম ন্যায়ালয়ে (Supreme Court) অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সেউজ সংকেত দিছিল । আদালতৰ নিৰ্দেশৰ পাছতে, যোৱা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল । ইফালে ৰাম মন্দিৰ দৰ্শনৰ বাবে মুকলি হোৱাৰ লগে লগে ই আহি থকা লোকসভা নিৰ্বাচনত পোনপটীয়া প্ৰভাৱ পেলাব ।

কাৰণ বিজেপি দলে মন্দিৰ নিৰ্মাণৰ কৃতিত্ব ল'বলৈ চেষ্টা কৰিব । মন্দিৰৰ আধাৰ মিৰ্জাপুৰৰ পৰা অনা ৪ লাখ কিউবিক শিলেৰে নিৰ্মাণ কৰা হৈছে আৰু ৰাজস্থানৰ বনশিপাহাৰপুৰৰ শিল ব্যৱহাৰ কৰি মন্দিৰৰ নিৰ্মাণ কৰা হ'ব ।

লগতে পঢ়ক :Indian Air Force ৰ শক্তি বৃদ্ধিৰ বাবে আহি পালে Rafale fighter aircraft

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.