ETV Bharat / bharat

হায়দৰাবাদ আৰক্ষীৰ জালত বৃহৎ গাড়ী চুৰি চক্ৰ

author img

By

Published : Feb 11, 2021, 4:38 PM IST

গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলাই হায়দৰাবাদ আৰক্ষীয়ে আটক কৰে ৪ টা দুৰ্ধৰ্ষ চোৰ । চোৰ কেইটাৰ কবলৰ পৰা প্ৰায় ৩০ লাখ টকীয়া ৩৮ খন দুচকীয়া বাহন জব্দ কৰে আৰক্ষীয়ে ৷

হায়দৰাবাদ আৰক্ষীৰ জালত বৃহৎ গাড়ীচুৰি চক্ৰ

নিউজ ডেস্ক,১১ ফেব্ৰুৱাৰী: হায়দৰাবাদ আৰক্ষীৰ জালত পৰে এটা বৃহৎ গাড়ী চুৰি চক্ৰ । বুধবাৰে গাড়ী চুৰি চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে ৪ টা দুৰ্ধৰ্ষ চোৰ আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ সামগ্ৰী উদ্ধাৰ কৰে । হায়দৰাবাদ মহানগৰৰ আৰক্ষী আয়ুক্ত অঞ্জনি কুমাৰে সংবাদ মাধ্যমৰ আগত জনোৱা মতে চোৰ কেইটাৰ বিৰুদ্ধে মেট্ৰ' ষ্টেচনত ব্য়ক্তিগত বাইক ভাড়া সেৱাৰ সৈতে জড়িত বাহনৰ চকা চুৰি কৰাৰ অভিযোগ আছিল ।

আৰক্ষীয়ে চোৰ কেইটাৰ পৰা প্ৰায় ৩০ লাখ টকাৰ ৩৮ খন দুচকীয়া বাহন জব্দ কৰিছে । লগতে ১৬ খন বাহনৰ নথিপত্ৰ, ২ টা জিপিএছ ট্ৰেকাৰ, ৩ টা ম’বাইল আৰু ১ টা মেনুৱেল ল’কাৰ ছেট জব্দ কৰিছে । আৰক্ষীয়ে জনোৱা মতে চোৰৰ দলটোত ৭ জনকৈ সদস্য আছিল । আৰক্ষীয়ে আটক কৰা চোৰকেইটা ক্ৰমে মহম্মদ ৰিজৱান, মহম্মদ য়াছিন, মীৰ হামজা আৰু মহম্মদ ৱাজিদ ।

আনহাতে পলাতক ৩ টা চোৰ ক্ৰমে চৈয়দ আহমেদ মেহেদী, আজিজ আৰু নুমান । আৰক্ষীয়ে জনোৱা মতে চোৰৰ দলটোৱে মেট্ৰ' ষ্টেচনৰ ভাড়া সেৱাৰ পৰা দুচকীয়া বাহনবোৰ চুৰি কৰি আনি এটা নিৰ্দিষ্ট গোপন স্থানত সেইবোৰৰ পৰা জিপিএছ ট্ৰেকাৰ আৰু ভাড়া সেৱা কোম্পানীৰ ল’গ’ আঁতৰ কৰে । তাৰ পিছত বাহনবোৰ মেনুৱেল লকিং পদ্ধতিলৈ সলনি কৰে । তেওঁলোকে পঞ্জীয়নৰ নথি পত্ৰবোৰ জালিয়াতি কৰি ১৫-২০ হাজাৰ টকাৰ ভিতৰত বাহনবোৰ বিক্ৰী কৰে ।

লগতে পঢ়ক: সমৰ্পণ দিৱসত বিজেপি সাংসদক সম্বোধন প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.