ETV Bharat / bharat

পাটনাৰ ৰাজধানী জলাশয়ত পৰিভ্ৰমী পক্ষীৰ জলকেলি

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 2:24 PM IST

বিহাৰত সচৰাচৰ প্ৰতিবছৰে চাইবেৰিয়ান পক্ষীবোৰৰ আগমন হয় । শীতকালত চাইবেৰিয়াৰ লগতে আন আন দেশবোৰৰ পৰাও পক্ষীবোৰ আহে । পাটনাৰ পুৰণি সচিবালয়ৰ ৰাজধানী জলাশয়ত এতিয়া হাজাৰ হাজাৰ দেশী-বিদেশী পক্ষীৰ আগমন দেখা গৈছে ।

Siberian birds in Patna Secretariat Rajdhani Reservoir
পাটনাৰ ৰাজধানী জলাশয়ত পৰিভ্ৰমী পক্ষীৰ জলকেলি
পাটনাৰ ৰাজধানী জলাশয়ত পৰিভ্ৰমী পক্ষীৰ জলকেলি

নেশ্যনেল ডেস্ক,৭ ডিচেম্বৰ : বিহাৰৰ ৰাজধানী পাটনাৰ পুৰণি সচিবালয়ত থকা ৰাজধানী জলাশয়ত এতিয়া লাখ লাখ পৰিভ্ৰমী পক্ষীৰ কলৰৱ শুনিবলৈ পোৱা গৈছে । পক্ষীৰ মাতত গুঞ্জৰিত হৈছে সমগ্ৰ অঞ্চলটো । জলাশয়টোৰ মনোৰম দৃশ্যই অঞ্চলটোৰ লোকসকলকো আকৰ্ষণ কৰিছে । বহুতে পক্ষীবোৰৰ ফটো নিজৰ নিজৰ মোবাইল কেমেৰাত বন্দী কৰাৰ চেষ্টা কৰিছে ।

প্ৰতি বছৰে শীতৰ লগে লগে হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৰ পৰা পৰিভ্ৰমী পক্ষীবোৰে পাটনাৰ ৰাজধানী জলাশয়ত উপস্থিত হয় । এইবাৰো ব্যতিক্ৰম হোৱা নাই । বিভিন্ন প্ৰজাতিৰ পক্ষীয়ে জলাশয়টোৰ শোভা বৰ্ধন কৰা দেখা গৈছে । পক্ষীবোৰৰ মাত শুনি স্থানীয় লোক আৰু পৰ্যটকসকল আকৰ্ষিত হৈছে । সচৰাচৰ বিদেশী পক্ষীবোৰ ছেপ্টেম্বৰৰ পৰাই আহিবলৈ আৰম্ভ কৰে ।

ৰাজধানী জলাশয়ৰ এগৰাকী কৰ্মচাৰীয়ে জনোৱা মতে তেওঁ যোৱা ৬ বছৰ ধৰি ৰাজধানী জলাশয়ৰ চোৱাচিতা কৰি আহিছে । বৰ্তমান, প্ৰায় ৬ টা প্ৰজাতিৰ পক্ষী জলাশয়টোলৈ আহিছে । কিন্তু শীতকালত ৩০ তকৈও অধিক প্ৰজাতিৰ পক্ষী জলাশয়টোলৈ আহে বুলি তেওঁ উল্লেখ কৰিছে । পক্ষীবোৰ জুলাই মাহলৈকে তাতে থাকে । প্ৰতি বছৰে চৰকাৰে পক্ষীবোৰৰ যত্ন লৈ আহিছে । পক্ষীবোৰৰ বাবে শস্য আৰু মাছ জলাশয়ত এৰি দিয়া হয় । ইফালে প্ৰতিদিনে স্কুলীয়া শিক্ষাৰ্থী আৰু সাধাৰণ নাগৰিকসকলে দেশী-বিদেশী পক্ষীবোৰ চাবলৈ জলাশয়টোত ভিৰ কৰা দেখা গৈছে ।

কৰ্মচাৰীজনে জনোৱা মতে ডিচেম্বৰৰ শেষৰ ফালে জলাশয়টোত ৬০০০ তকৈও অধিক পক্ষী দেখা যায় । পক্ষীবোৰৰ বাবে জলাশয়ত মাছ এৰি দিয়াৰ উপৰিও জলাশয়টোৰ পানী পৰিষ্কাৰো কৰা হয় ।

ৰাজধানী জলাশয়লৈ অহা পক্ষীবোৰৰ ভিতৰত আছে বিভিন্ন প্ৰজাতিৰ হাঁহ, বগলী, মৎস্যভোজী পক্ষী আদি । পক্ষীবোৰ দেশৰ ভিন্ন প্ৰান্তৰ উপৰিও আফ্ৰিকা, কানাডা, ৰাছিয়া, কাজাখস্তান আৰু পূৱ চাইবেৰিয়াৰ দৰে দেশৰ পৰাও আহে । অৱশ্যে প্ৰতি বছৰে কিছুমান নতুন নতুন পক্ষীৰো আগমন ঘটে বুলি জলাশয় কৰ্মচাৰীজনে উল্লেখ কৰিছে ।

জলাশয়ৰ কৰ্মচাৰীজনৰ মতে এই সময়ছোৱাত ৰাজধানী জলাশয়ত বহু পক্ষীয়ে পোৱালিও জগায় । বিহাৰৰ বন বিভাগেও ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পক্ষীবোৰৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে ।

অক্টোবৰত বিহাৰ চৰকাৰৰ বন বিভাগে কৰা এক জৰীপ অনুসৰি, এই বছৰ ৰাজ্যখনত ৭০,০০০ বিদেশী পক্ষীৰ আগমন হৈছিল । য'ত প্ৰায় ২০৩ টা প্ৰজাতিৰ পক্ষী আছিল । জলজ পক্ষীৰ এই জৰীপ ৰাজ্যখনৰ ২৬ খন জিলাৰ ৭৬ টা আৰ্দ্ৰভূমিত কৰা হৈছিল ।

লগতে পঢ়ক :ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান; অমিতাভ বচ্চন, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলীকে ধৰি বহু বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.