ETV Bharat / bharat

গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত আক্ৰমণ; ৰে'ল ট্ৰেজেডী সন্দৰ্ভত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী

Bangladesh polls 2024 : উল্লেখ্য যে এই ভয়াৱহ ঘটনাটো ৭ জানুৱাৰীৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আৰু প্ৰধান বিৰোধী দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ (বিএনপি) প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ 'অবৈধ চৰকাৰ'ৰ পৰা পদত্যাগৰ দাবীত শনিবাৰে আৰম্ভ হোৱা ৪৮ ঘণ্টীয়া দেশজোৰা 'হৰতাল'ৰ আহ্বানৰ সময়তে সংঘটিত হয় ।

author img

By ANI

Published : Jan 6, 2024, 2:54 PM IST

ৰে'ল ট্ৰেজেডী সন্দৰ্ভত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী

ইণ্টাৰনেচনেল ডেস্ক, ৬ জানুৱাৰী : বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমিনে গোপীবাগৰ আন্তঃচহৰ বেনাপোল এক্সপ্ৰেছ ৰে'লত সংঘটিত অগ্নিসংযোগৰ আক্ৰমণক 'গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত আক্ৰমণ আৰু নাগৰিকৰ অধিকাৰৰ গুৰুতৰ উলংঘন' বুলি অভিহিত কৰিছে । উল্লেখ্য যে এই আক্ৰমণৰ ঘটনাত চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে ।

তেওঁ এই কথা দৃঢ়তাৰে কয় যে নিৰীহ যাত্ৰীসকল অকল্পনীয় ভয়াৱহতাৰ সন্মুখীন হোৱা ৰে'লখনত ইচ্ছাকৃতভাৱে অগ্নিসংযোগ কৰাটো এক সম্পূৰ্ণ ঘৃণনীয় কাৰ্য ।

এক বিবৃতিত তেওঁ কয়, "এয়া গণতন্ত্ৰৰ প্ৰতি অপমান । গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত আক্ৰমণ আৰু আমাৰ নাগৰিকৰ অধিকাৰৰ এক গুৰুতৰ উলংঘন । নিৰীহ যাত্ৰীসকল অকল্পনীয় ভয়াৱহতাৰ সন্মুখীন হোৱা আৰু বহু লোকক জীৱিত অৱস্থাত জ্বলাই দিয়াৰ দৃশ্য ক্ষমাৰ অযোগ্য । ৰে'লখনত অগ্নিসংযোগৰ এই ইচ্ছাকৃত কাৰ্য এক সম্পূৰ্ণ ঘৃণনীয় কাৰ্য ।"

উল্লেখ্য যে এই ভয়াৱহ ঘটনাটো ৭ জানুৱাৰীৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আৰু প্ৰধান বিৰোধী দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ (বিএনপি) প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ 'অবৈধ চৰকাৰ'ৰ পৰা পদত্যাগৰ দাবীত শনিবাৰে আৰম্ভ হোৱা ৪৮ ঘণ্টীয়া দেশজোৰা 'হৰতাল'ৰ আহ্বানৰ সময়তে সংঘটিত হয় ।

"জনসাধাৰণৰ মাজত ভয় আৰু আতংক সৃষ্টি কৰাৰ এই স্পষ্ট প্ৰয়াস আমাৰ গণতন্ত্ৰৰ আত্মা আৰু আগন্তুক নিৰ্বাচনত আমাৰ নাগৰিকসকলৰ উৎসাহী অংশগ্ৰহণৰ প্ৰতি এক অপমান । ৰে'ল এখনত অগ্নিসংযোগ কৰা, ভিতৰত জ্বলি থকা লোকসকলৰ দৃশ্য আমি পূৰ্বতে দেখা হিংসাৰ সদৃশ ।

ই আমাৰ সমগ্ৰ সমাজৰ বিবেকক হতবাক কৰি তুলিছে, লগতে সমগ্ৰ বিশ্বক ।" তেওঁ লগতে কয় । আনহাতে, মোমিনে প্ৰতিজ্ঞা কৰে যে এই কাৰ্যৰ আঁৰত থকা অপৰাধীসকলক ন্যায় ব্যৱস্থাৰ অধীনলৈ অনা হ'ব । তেওঁ কয়, "আমি এই জঘন্য অপৰাধৰ অপৰাধীসকলক বিচাৰি উলিয়াবলৈ চেষ্টাৰ কোনো ধৰণৰ ত্ৰুটি নকৰোঁ । প্ৰত্যেককে ন্যায় ব্যৱস্থাৰ সন্মুখীন কৰোৱা হ'ব আৰু দেশৰ আইন অনুসৰি অপৰাধীসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ'ব ।"

লগতে পঢ়ক :বাংলাদেশত নিৰ্বাচনী হিংসা, যাত্ৰীবাহী ৰে’লত দুৰ্বৃত্তৰ অগ্নিসংযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.