ETV Bharat / bharat

Mafia Atiq Ahmed : পাকিস্তানৰ আইএছআই লস্কৰ ই তৈবাৰে পোনপটীয়া সম্পৰ্ক আছে মাফিয়া আতিকৰ

author img

By

Published : Apr 14, 2023, 7:12 AM IST

Updated : Apr 14, 2023, 3:35 PM IST

উত্তৰ প্ৰদেশৰ মাফিয়া আতিক আহমেদে আৰক্ষীক দিয়া এক বিবৃতিত কয় যে, পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন আইএছআই আৰু লস্কৰ-ই-তৈবাৰ সৈতে তেওঁৰ পোনপটীয়া সম্পৰ্ক আছে (Atiq Ahmed connections with Pakistani extremist group) ।

UP Police chargesheet on Atiq Ahmed
UP Police chargesheet on Atiq Ahmed

নিউজ ডেস্ক, ১৪ এপ্ৰিল : মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদে আৰক্ষীক দিয়া এক বিবৃতিত কয় যে, পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন ইণ্টাৰ ছাৰ্ভিচ ইণ্টেলিজেন্স চমুকৈ আইএছআই আৰু লস্কৰ-ই-তৈবাৰ সৈতে তেওঁৰ পোনপটীয়া সম্পৰ্ক আছে (Atiq Ahmed connections with Pakistani ISI) । উল্লেখ্য, প্ৰয়াগৰাজৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে বৃহস্পতিবাৰে আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক উমেশ পাল হত্যাকাণ্ডৰ গোচৰত চাৰি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে (Umesh Pal murder case) ।

আনহাতে, আৰক্ষীৰ জিম্মাত থকা দুয়োজনৰে আৰক্ষীৰ জিম্মাৰ ম্যাদ ১৭ এপ্ৰিলৰ সন্ধিয়া ৫ বজাত সমাপ্ত হ'ব (Mafia Atiq Ahmed in police custody) । আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক বৃহস্পতিবাৰে পুৱা প্ৰয়াগৰাজৰ চিজেএম আদালতত হাজিৰ কৰোৱা হয় । আদালতত দাখিল কৰা উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযোগনামাত আতিক আহমেদৰ এটা ৰেকৰ্ড কৰা বিবৃতি উল্লেখ কৰা হয় ।

অভিযোগনামাখনত আতিকৰ বক্তব্যৰ কথা উল্লেখ কৰা হৈছে, য'ত তেওঁ কৈছিল যে তেওঁৰ অস্ত্ৰ-শস্ত্ৰৰ কোনো অভাৱ নাই (chargesheet against Atiq Ahmed) । কাৰণ পাকিস্তানৰ আই এছ আই আৰু সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে তেওঁৰ পোনপটীয়া সম্পৰ্ক আছে । তেওঁ আৰু কৈছিল যে পাকিস্তানৰ পৰা অস্ত্ৰ-শস্ত্ৰবোৰ ড্ৰোনৰ সহায়ত পঞ্জাব সীমান্তত পেলাই দিয়া হৈছিল আৰু স্থানীয় সংযোগকাৰীয়ে সেইবোৰ সংগ্ৰহ কৰিছিল । জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীসকলে এই সামগ্ৰীৰ পৰা অস্ত্ৰ-শস্ত্ৰ লাভ কৰে বুলিও তেওঁ কয় ।

তেওঁ কয়, "যদি আপোনালোকে মোক লগত লৈ যায় তেন্তে মই আপোনালোকক ঘটনাটোত ব্যৱহৃত ধন, অস্ত্ৰ আৰু গোলাবাৰুদ পুনৰুদ্ধাৰ কৰাত সহায় কৰিব পাৰোঁ ।" ইফালে, বৃহস্পতিবাৰে ঝান্সীত উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ'ৰ্চে (এছ টি এফ) আৰক্ষীৰে সংঘৰ্ষত আতিক আহমেদৰ পুত্ৰ আছাদ আৰু তেওঁৰ সহযোগী গোলাম নিহত হয় (Asad killed in encounter by UP police) । নিহত দুয়োজনকে উমেশ পাল হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে বিচাৰি আছিল আৰু প্ৰতিজনৰে ওপৰত ৫ লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰা আছিল । আনহাতে, আৰক্ষীয়ে প্ৰকাশ কৰা মতে, তেওঁলোকৰ পৰা বিদেশত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে ।

ইফালে, ৰাজ্যখনৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) প্ৰশান্ত কুমাৰে প্ৰকাশ কৰে যে শুনানিৰ বাবে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজলৈ অনাৰ সময়তে আছাদে তেওঁৰ পিতৃ আতিক আহমেদক মুক্ত কৰাৰ পৰিকল্পনা কৰিছিল । চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পিচত অসামৰিক আৰক্ষী আৰু বিশেষ বাহিনীৰ দল মোতায়েন কৰা হৈছিল । "আমাৰ ওচৰত তথ্য আছিল যে অভিযুক্ত আতিক আৰু আশ্ৰাফক পলাই যোৱাত সহায় কৰিবলৈ আৰক্ষীৰ কনভয়ৰ ওপৰত আক্ৰমণ হ'ব পাৰে । এই তথ্য লাভৰ পৰিপ্ৰেক্ষিততে অসামৰিক আৰক্ষী আৰু বিশেষ বাহিনীৰ দল মোতায়েন কৰা হয় ।" প্ৰশান্ত কুমাৰে কয় ।

উল্লেখ্য যে, বৃহস্পতিবাৰে এক এনকাউণ্টাৰত আছাদ আৰু গোলামৰ হত্যাৰ পিচতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে 'আইন-শৃংখলা' সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে । তাত মুখ্যমন্ত্ৰী যোগীয়ে এই অভিযানত জড়িত ১২ জনীয়া এছ টি এফ দলটোকো প্ৰশংসা কৰে ।

লগতে পঢ়ক :Encounter in UP: যোৱা ৬ বছৰত উত্তৰ প্ৰদেশত আৰক্ষীৰ এনকাউণ্টাৰত নিহত ১৮০ জন

Last Updated : Apr 14, 2023, 3:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.