ETV Bharat / bharat

মহাৰাষ্ট্ৰত অট্টালিকা খহি নিহত ৭

author img

By

Published : May 29, 2021, 12:12 PM IST

নিশা মহাৰাষ্ট্ৰৰ উলহাচনগৰত এটা ৫ মহলীয়া অট্টালিকা খহি পৰাৰ ফলত ৭ জন লোক নিহত হয় । বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে ।

maharastra
মহাৰাষ্ট্ৰত অট্টালিকা খহি নিহত ৭

নেশ্যনেল ডেস্ক, ২৯ মে': নিশা মহাৰাষ্ট্ৰৰ থানেত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় । ৰাজ্যখনৰ উলহাচনগৰত এটা ৫ মহলীয়া অট্টালিকা খহি পৰাৰ ফলত ৭ জন লোক নিহত হয় । এই ঘটনাটো সংঘটিত হোৱাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰ অভিযানকাৰী দলৰ লোক আহি উপস্থিত হয় । উদ্ধাৰ অভিযানত অট্টালিকাটোৰ ধ্বংসস্তূপৰ পৰা ৭ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । লগতে কেইবাজনো লোক আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে ।

প্ৰায় ২৬ বছৰ পুৰণি অট্টালিকাটো এইদৰে খহি পৰাত সকলো আতংকিত হৈ পৰিছে । ইফালে, স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বিগত দহটা বছৰত উক্ত এলেকাটোত কমেও ৬-৭ টা পুৰণি অট্টালিকা খহি পৰাত একেখন ঘৰৰে ২-৩ জন সদস্যৰ লগতে কেবাজনো লোকে প্ৰাণ হেৰুৱাইছে । ততস্বত্বেও প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব নিদি নিমাত হৈ বহি আছে । দুৰ্ঘটনাটোত নিহত সকলৰ পৰিয়াললৈ মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী একনাথ চিন্দে ৫ লাখ টকাৰ সাহাৰ্য ঘোষণা কৰিছে । বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ মমতা বেনাৰ্জীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.